প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৈশ্বিক পদক্ষেপ ‘পৰিবেশৰ বাবে জীৱনশৈলী - লাইফ ম’ভমেন্ট’ ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ


“বহনক্ষম উন্নয়নক আগুৱাই নিয়া মানৱ-কেন্দ্ৰিক, সামূহিক প্ৰচেষ্টা আৰু শক্তিশালী পদক্ষেপৰে আমাৰ গ্ৰহটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমাধানৰ সময় সমাগত”

“মিছন লাইফে অতীতৰপৰা আহৰণ, বৰ্তমানত কাম আৰু ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে”

“ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল আমাৰ জীৱনৰে সংপৃক্ত ধাৰণা। চক্ৰীয় অৰ্থনীতি আমাৰ সংস্কৃতি আৰু জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে”

“প্ৰযুক্তি আৰু পৰম্পৰাৰ মিশ্ৰণ হোৱা মাত্ৰেকে জীৱনৰ দৃষ্টিভংগী আগুৱাই যায়”

“আমাৰ গ্ৰহ এটা যদিও আমাৰ প্ৰচেষ্টা একাধিক হ’ব লাগিব - এক পৃথিৱী, বহু প্ৰচেষ্টা”

মই জলবায়ু-অনুকূল আচৰণক প্ৰোৎসাহনৰ অৰ্থে নাগৰিক পদক্ষেপৰ এই বৈশ্বিক পদক্ষেপত আগভাগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছোঃ বিল গেটছ

পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন আৰু মানৱ আচৰণৰ ক্ষেত্ৰত ভাৰত আৰু প্ৰধানমন্ত্ৰীগৰাকী বিশ্ব নেতা হিচাপে পৰিগণিত হৈছেঃ নাজ তত্ত্বৰ লেখক প্ৰফেচৰ কেছ ছানষ্টেইন

ভাৰতে বিশ্ব পৰিবেশ কাৰ্য্যৰ কেন্দ্ৰত অৱস্থান কৰিছেঃ ইউএনইপিৰ গ্ল’বেল হেড শ্ৰীমতী ইংগাৰ এণ্ডাৰছন

বিশ্ব মঞ্চত নিৰ্ণায়ক জলবায়ু কাৰ্য্যৰ আঁৰত ভাৰতে গতিশক্তি হিচাপে কাম ক

Posted On: 05 JUN 2022 7:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এটি বৈশ্বিক পদক্ষেপ ‘পৰিবেশৰ বাবে জীৱনশৈলী - লাইফ ম’ভমেন্ট’ ৰ শুভাৰম্ভ কৰে। এই শুভাৰম্ভণিয়ে সমগ্ৰ বিশ্বৰ ব্যক্তি, সমাজ আৰু সংস্থাসমূহক পৰিবেশ-সচেতন জীৱনশৈলীৰ অভিযোজনা কৰিবলৈ প্ৰভাৱিত আৰু বুজাবলৈ শিক্ষাবিদ, বিশ্ববিদ্যালয় ও গৱেষণা প্ৰতিষ্ঠানসমূহৰপৰা ধাৰণা আৰু পৰামৰ্শৰ আহ্বানেৰে ‘লাইফ গ্ল’বেল কল ফৰ পেপাৰ্ছ’ ৰ সূচনা কৰিব।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি বৈশ্বিক পদক্ষেপ ‘পৰিবেশৰ বাবে জীৱনশৈলী - লাইফ ম’ভমেন্ট’ ৰ শুভাৰম্ভণিৰ বাবে এটা উপযুক্ত দিন। তেখেতে কয়, আমি লাইফ – পৰিবেশৰ বাবে জীৱনশৈলী আন্দোলনৰ আৰম্ভ কৰিছো। তেখেতে বহনক্ষম উন্নয়নক আগুৱাই নিয়া মানৱ-কেন্দ্ৰিক, সামূহিক প্ৰচেষ্টা আৰু শক্তিশালী পদক্ষেপৰে আমাৰ গ্ৰহটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমাধানৰ সময় সমাগত বুলি গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবেতসকলক মনত পেলাই দি কয় যে যোৱা বৰ্ষৰ চিঅ’পি২৬ ত তেখেতে এই বৈশ্বিক পদক্ষেপৰ প্ৰস্তাৱ জনাইছিল। তেখেতে লগতে কয় যে ‘লাইফ’ৰ দৃষ্টি হৈছে আমাৰ গ্ৰহৰ সৈতে মিলাই আৰু ইয়াৰ ক্ষতি নকৰা জীৱনশৈলী গ্ৰহণ কৰা। আৰু এনে জীৱনশৈলী গ্ৰহণ কৰা লোকসকলক “প্ৰ’-প্লেনেট পিপল” বুলি কোৱা হয়। মিছন লাইফে অতীতৰপৰা আহৰণ, বৰ্তমানত কাম আৰু ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল আমাৰ জীৱনৰে সংপৃক্ত ধাৰণা। চক্ৰীয় অৰ্থনীতি আমাৰ সংস্কৃতি আৰু জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ১.৩ বিলিয়ন লোকৰ বাবে তেখেতে আমাৰ দেশৰ পৰিবেশৰ বাবে বহু ভাল কাম কৰিবলৈ সক্ষম হৈছে। তেখেতে লগতে কয় যে ভাৰতৰ বনাঞ্চল বৃদ্ধি পাইছে আৰু সিংহ, বাঘ, নাহৰফুটুকী, হাতী আৰু গঁড়ৰ সংখ্যাও বৃদ্ধি পাইছে। তেখেতে কয় যে অ-জীৱাশ্ম ইন্ধন ভিত্তিক উৎসৰপৰা ৪০% সংস্থাপিত বৈদ্যুতিক ক্ষমতা আহৰণৰ বাবে ভাৰতৰ অংগীকাৰ, নিৰ্ধাৰিত সময়ৰ ৯ বছৰ পূৰ্বেই সফলকাম হৈছে। ২০২২ ৰ নৱেম্বৰত পেট্ৰলত ১০% ইথানল মিশ্ৰণৰ লক্ষ্যত ৫ মাহ পূৰ্বেই উপনীত হোৱা গৈছে। ২০১৩-১৪ ত প্ৰায় ১.৫% মিশ্ৰণৰ তুলনাত ২০১৯-২০ ত ৫% হোৱাটো এক বৃহৎ সাফল্য। তেখেতে কয়, চৰকাৰখনে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয়, আগলৈ যোৱা পথটোৰ সকলো হৈছে উদ্ভাৱন আৰু মুকলি মনৰ কথা মাথো। প্ৰযুক্তি আৰু পৰম্পৰাৰ মিশ্ৰণ হোৱা মাত্ৰেকে জীৱনৰ দৃষ্টিভংগী আগুৱাই যায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীয়ে শূন্য-কাৰ্বন জীৱনশৈলীৰ কথা কৈছিল বুলি দোহাৰে। আমাৰ দৈনন্দিন জীৱনৰ বিকল্পত আমি আটাইতকৈ বহনক্ষম বিকল্পসমূহ বাছি লওঁ আহক বুলি তেখেতে কয়। তেখেতে উপস্থিতসকলক পুনৰ ব্যৱহাৰ (reuse), হ্ৰাস (reduce) আৰু ‘ৰিচাইকল’ ৰ নীতি অনুসৰণ কৰিবলৈ আহ্বান জনায়। আমাৰ গ্ৰহ এটা যদিও আমাৰ প্ৰচেষ্টা একাধিক হ’ব লাগিব - এক পৃথিৱী, বহু প্ৰচেষ্টা। “ভাৰত উন্নত পৰিবেশ আৰু বৈশ্বিক সুস্থতাক আগুৱাই নিবলৈ যিকোনো প্ৰচেষ্টাকে সমৰ্থন জনাবলৈ সাজু হৈ আছে। আমাৰ ট্ৰেক ৰেকৰ্ডে এই কথাই কয়।“ - তেখেতে পৰিশেষত কয়।

এই কাৰ্য্যসূচীত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ শ্ৰী বিল গেটছ; জলবায়ু অৰ্থনীতিবিদ লৰ্ড নিকোলাছ ষ্টাৰন; নাজ তত্ত্বৰ লেখক প্ৰফেচৰ কেছ ছানষ্টেইন; বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ চিইঅ’ আৰু অধ্যক্ষ শ্ৰী অনিৰুদ্ধ দাসগুপ্ত; ইউএনইপিৰ গ্ল’বেল হেড শ্ৰীমতী ইংগাৰ এণ্ডাৰছন; ইউএনডিপিৰ গ্ল’বেল হেড শ্ৰী অচিম ষ্টেইনাৰ আৰু বিশ্ব বেংকৰ অধ্যক্ষ শ্ৰী ডেভিড মালপাছে অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ আৰু ‘নিটি’ ৰ চিইঅ’ শ্ৰী অমিতাভ কান্থ উপস্থিত থাকে।

বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ শ্ৰী বিল গেটছে কয় যে বৰ্ধিত নিৰ্গমন প্ৰতিৰোধৰ অৰ্থে ভাৰতৰ নেতৃত্ব আৰু গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিয়ে তেওঁক অনুপ্ৰাণিত কৰিছে। “মই জলবায়ু-অনুকূল আচৰণক প্ৰোৎসাহনৰ অৰ্থে নাগৰিক পদক্ষেপৰ এই বৈশ্বিক পদক্ষেপত আগভাগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছো”, এইদৰে কয় তেওঁ।

নাজ তত্ত্বৰ লেখক প্ৰফেচৰ কেছ ছানষ্টেইনে কয় যে পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন আৰু মানৱ আচৰণৰ ক্ষেত্ৰত ভাৰত আৰু প্ৰধানমন্ত্ৰীগৰাকী বিশ্ব নেতা হিচাপে পৰিগণিত হৈছে আৰু আমাৰ দৰে বহুতেই অনুপ্ৰেৰণা আৰু ধাৰণাৰ বাবে ভাৰতলৈ চাই আছে।

ইউএনইপিৰ গ্ল’বেল হেড শ্ৰীমতী ইংগাৰ এণ্ডাৰছনেও এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰদ্বাৰা শুভাৰম্ভ কৰা ‘লাইফ’ ক আদৰণি জনায়। “১ বিলিয়নৰো অধিক লোক আৰু উদ্ভাৱন আৰু উদ্যোগশীলতাৰ সমৃদ্ধিশালী প্ৰজন্মৰ বাসভূমি ভাৰতে বিশ্ব পৰিবেশ কাৰ্য্যৰ কেন্দ্ৰত অৱস্থান কৰিছে”, তেওঁ কয়।

ইউএনডিপিৰ গ্ল’বেল হেড শ্ৰী অচিম ষ্টেইনাৰে কয় যে বিশ্ব মঞ্চত নিৰ্ণায়ক জলবায়ু কাৰ্য্যৰ আঁৰত ভাৰতৰ দৰে দেশসমূহে গতিশক্তি হিচাপে কাম কৰি আছে।

বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ চিইঅ’ আৰু অধ্যক্ষ শ্ৰী অনিৰুদ্ধ দাসগুপ্তয়ো এক অতিশয় প্ৰয়োজনীয় বিশ্ব আন্দোলন আৰু আমি কেনেকৈ জীয়াই থাকিম, আমি কেনেকৈ ভোগ কৰিম আৰু আমি কেনেকৈ গ্ৰহটোৰ যত্ন ল’ম, সেই সন্দৰ্ভত কথোপকথনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

জলবায়ু অৰ্থনীতিবিদ লৰ্ড নিকোলাছ ষ্টাৰনে গ্লাছগ’ত অনুষ্ঠিত চিঅ’পি ২৬ ত প্ৰধানমন্ত্ৰীৰ কালজয়ী ভাষণৰ কথা স্মৰণেৰে উন্নয়নৰ এক নতুন পথৰ এটি প্ৰেৰণাদায়ক দৃষ্টি দাঙি ধৰিছে বুলি কয়।

বিশ্ব বেংকৰ অধ্যক্ষ শ্ৰী ডেভিদ মালপাছে ভাৰতীয় নীতিত পৰিবেশৰ কেন্দ্ৰীয়তা সন্দৰ্ভত ভাৰতীয় শাস্ত্ৰসমূহৰ বাণী স্মৰণ কৰে। তেওঁ স্বচ্ছ ভাৰত, জন ধন, পোষণ ইত্যাদি ভাৰতৰ মূল পদক্ষেপসমূহত প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু ফ্ৰন্টলাইন কৰ্মীসকলৰ সবলীকৰণক প্ৰশংসা কৰে।

যোৱা বৰ্ষত গ্লাছগ’ত অনুষ্ঠিত ২৬ সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন (COP26) ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘লাইফ’ ৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। এই ধাৰণাটোৱে পৰিবেশ-সচেতন জীৱনশৈলীক প্ৰোৎসাহিত কৰিছে যিয়ে ‘বিবেকহীন আৰু ধ্বংসাত্মক ভোগ’ ৰ পৰিৱৰ্তে ‘চিন্তাশীল আৰু সুচিন্তিত ব্যৱহাৰ’ ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

***

DS/AK/SB



(Release ID: 1834196) Visitor Counter : 191