প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মহিলা সবলীকৰণৰ ৮টা বছৰ’-ৰ সবিশেষ জনালে প্ৰধানমন্ত্ৰীয়ে


মহিলা সবলীকৰণক অন্য মাত্ৰা দিবলৈকে এক নতুন ধাৰা সৃষ্টি কৰা হৈছে

Posted On: 09 JUN 2022 5:16PM by PIB Guwahati

নাৰী শক্তিৰ সবলীকৰণৰ বাবে চৰকাৰে সম্পাদন কৰা বিভিন্ন কাৰ্যক্ৰম সম্পৰ্কীয় তথ্য সম্ভাৰৰে যুগুতোৱা আৰু উপলব্ধ বিভিন্ন প্ৰবন্ধ-পাতি narendramodi.in ৱেব ছাইটৰ জৰিয়তে শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

মহিলা কল্যাণ আৰু সবলীকৰণ সম্পৰ্কীয় বিভিন্ন আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে MyGov-ত এলানি টুইট-ও শ্বেয়াৰ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;

“মহিলা সবলীকৰণক অন্য মাত্ৰা দিবলৈকে সৃষ্টি কৰা এক নতুন ধাৰা সন্দৰ্ভত যুগুতোৱা বিভিন্ন প্ৰবন্ধ-পাতি আদি পঢ়ি আপোনালোকে ভাল পাব। বিভিন্ন ক্ষেত্ৰত সামৰি গ্ৰহণ কৰা এইসমূহ উদ্যোগে মহিলাসকলৰ বাবে অধিক মৰ্যাদা আৰু সুযোগৰ নিশ্চয়তা প্ৰদান কৰিছে।#মহিলা সবলীকৰণৰ ৮টা বছৰ”

“নাৰী শক্তিৰ সবলগীকৰণ সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বিস্তৃত তথ্য সম্বলিত। #মহিলা সবলীকৰণৰ ৮টা বছৰ”

 

***

DS/ST/KB



(Release ID: 1832848) Visitor Counter : 103