প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

Posted On: 30 MAY 2022 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰিছে।

 

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ সকলোকে অভিনন্দন জনালো। আমি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ শুভ লগনত ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সময়ত, প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ কৰা এইসকল যুৱক-যুৱতীক শুভেচ্ছা জনালো।"

"যিসকলে অসামৰিক সেৱা পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰিলে, তেওঁলোকৰ মনৰ অৱস্থা মই সম্পূৰ্ণৰূপে বুজি পাইছো কিন্তু মই এইটোও জানো যে এইসকল অসাধাৰণ যুৱক-যুৱতীয়ে অন্বেষণ কৰা যিকোনো ক্ষেত্ৰতে নিজৰ স্থান দখল আৰু ভাৰতক গৌৰৱান্বিত কৰিব। তেওঁলোকক মোৰ শুভেচ্ছা জনালো।"

***

DS/SH/SB



(Release ID: 1829610) Visitor Counter : 101