প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জৈন ইণ্টাৰনেচনেল ট্রেড অর্গেনাইজেশ্যন আয়োজিত ‘জিতো কানেক্ট ২০২২’ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী প্রদত্ত ভাষণৰ অসমীয়া অনুবাদ

Posted On: 06 MAY 2022 1:58PM by PIB Guwahati

নমস্কাৰ!

 

‘জিতো কানেক্ট ২০২২’ শীর্ষক এই শীর্ষ সন্মিলন স্বাধীনতাৰ ৭৫ বর্ষ পূর্তি উৎসৱৰ সমান্তৰালকৈ, অমৃত মহোৎসৱৰ সৈতে একেলগে আয়োজিত হৈছে। এতিয়াৰ পৰা দেশ স্বাধীনতাৰ অমৃতকালত প্রৱেশ কৰিছে। এতিয়া দেশৰ সন্মুখত অহা ২৫ বছৰত সোণালী ভাৰত নির্মাণৰ সঙ্কল্প আছে। তাৰ বাবে এইবাৰ আপোনালোকে আন্তর্জাতিক জৈন বাণিজ্য সংস্থাৰ ফালৰ পৰা যি থিম ৰাখিছে, এই থিমো এটা স্বয়ংসম্পূর্ণ আৰু অত্যন্ত উপযুক্ত মূল ভাবনা। ‘টুগেদাৰ, টুৱার্ডছ, টুমৰো’! একেলগে ভৱিষ্যতৰ দিশে! আৰু আমি ক'ব পাৰো যে এইটোৱেই তো সেই মূল ভাবনা যি আমাৰ চৰকাৰৰ ‘সবকা প্রয়াস’ বা সকলোৰে প্রচেষ্টাৰ সম্মিলিত ভাবনা, যি স্বাধীনতাৰ অমৃতকালত দ্রুতগতিত উন্নয়নৰ মন্ত্র হৈ উঠিছে। অহা তিনি দিনত আপোনালোকে ‘সবকা প্রয়াস’ বা সকলোৰে প্রচেষ্টাৰ এই সম্মিলিত ভাবনাৰ বিকাশ যাতে চতুর্দিশে হয়, এই ভাবনাৰ বিকাশ যাতে সর্বব্যাপী হয়, এই ভাবনাৰ বিকাশত সমাজৰ প্রান্তিকতম ব্যক্তিজনো যেন বাদ নপৰে, তেনে ভাবনাকেই যেন আপোনালোকৰ এই শীর্ষ সন্মিলনে শক্তিশালী কৰি তোলে। এইটোৱেই মোৰ আপোনালোকৰ প্রতি শুভকামনা। এই শীর্ষ সন্মিলনত আমাৰ বর্তমান আৰু ভৱিষ্যতৰ যিমান অগ্রাধিকাৰ আছে, সিমান সমস্যা আছে, সেইবোৰ মোকাবিলা কৰাৰ বাবে সমাধান বিচৰাৰ কাম কৰা হ'ব। তাৰ বাবে আপোনালোকৰ সকলোকে বহুত বহুত শুভেচ্ছা, বহুত বহুত শুভকামনা!

 

বন্ধুসকল,

 

এনেয়ে মোৰ বহুবাৰ আপোনালোকৰ মাজলৈ অহাৰ সৌভাগ্য হৈছে, আৰু এইবাৰো আপোনালোকৰ সৈতে সাক্ষাৎ হোৱাত অধিক আনন্দ পাইছো। যদিও এই সাক্ষাৎ প্রযুক্তিৰ মাধ্যমত ভার্চুৱেলী হৈছে, তথাপি আপোনালোকৰ সকলোকে চকুৰ আগত দেখা পাইছো। আপোনালোকৰ চেহেৰাবিলাক চকুৰ আগত দেখা পাই মোৰ আনন্দ হৈছে।

 

বন্ধুসকল,

 

কালি মই ইউৰোপৰ কেইবাখনো দেশ ভ্ৰমণ কৰি উভতিছো, আৰু ভাৰতৰ সামর্থ্য তথা সঙ্কল্পক আৰু স্বাধীনতাৰ অমৃতকালত ভাৰতত উদ্ভূত সুযোগ সম্পর্কে মই কিছু বিস্তাৰিতভাৱেই সেইবোৰ দেশৰ বহু মানুহৰ সৈতে আলোচনা কৰি আহিছো। এই আলোচনাৰ পৰা মই ক'ব পাৰো যে যি ধৰণৰ আশাবাদ, যি ধৰণৰ বিশ্বাস আজি ভাৰতৰ প্রতি মুকলিকৈ উদ্ভৱ হৈছে, তাত মই অভিভূত। আপোনালোকো বিদেশলৈ যায়, আৰু আপোনালোকৰ মাজত যিসকল বিদেশলৈ গৈ বসবাস কৰিবলৈ আৰম্ভ কৰিছে, তেখেতসকলেও নিশ্চই এই বিষয়টো অনুভৱ কৰে। প্রত্যেক ভাৰতবাসী, তেওঁ বিশ্বৰ যিকোনো প্রান্তত কিংবা ভাৰতৰ যিকোনো প্রান্তত নাথাকক কিয়, প্রত্যেক ভাৰতবাসীয়ে আজি নিজৰ দেশৰ বাবে গৌৰৱ অনুভৱ কৰিছে। আমাৰ আত্মবিশ্বাসেও ইয়াৰ ফলত এটা নতুন প্রাণশক্তি পাইছে, নতুন শক্তি পাইছে। আজি ভাৰতৰ উন্নয়নৰ সঙ্কল্পসমূহক বিশ্বৰ অন্যান্য দেশৰ মানুহেও তেওঁলোকৰ লক্ষ্য প্রাপ্তিৰ মাধ্যম বুলি ধাৰণা কৰিছে; সেয়া ‘গ্লোবেল পিচ’ বা বিশ্ব শান্তি হওক, ‘গ্লোবেল প্রস্পাৰিটী’ বা বিশ্ব সমৃদ্ধি হওক, ‘গ্লোবেল চেলেঞ্জেছ’ বা বিশ্বৰ বিভিন্ন সমস্যা সংক্রান্তীয় ‘ছলিউচন্স’ বা সমাধানৰ পথ হওক, কিংবা ‘গ্লোবেল ছাপ্লাই চেইন’ বা বিশ্ব সৰবৰাহ শৃঙ্খলৰ ক্ষমতায়ন হওক – বিশ্বই এতিয়া ভাৰতৰ ফালে চাবলৈ আৰম্ভ কৰিছে আৰু অত্যন্ত ভৰষাৰে চাই আছে।

 

বন্ধুসকল,

 

বিশ্বত ৰাজনীতিৰ সৈতে জড়িত মানুহৰ পৰা আৰম্ভ কৰি নীতি নির্ধাৰণৰ সৈতে জড়িত মানুহ, কিংবা আপোনালোকৰ দৰে সচেতন সমাজৰ নাগৰিকসকল, অথবা বিভিন্ন বিজনেছ কমিউনিটি বা ব্যৱসায়ী সম্প্রদায়ৰ লোকসকল, তেওঁলোকৰ ‘এৰয়াজ অফ এক্সপার্টাইজ’ বা বিশেষজ্ঞতাৰ ক্ষেত্র – যিয়েই নহওক কিয়, তেওঁলোকৰ ‘এৰিয়াজ অফ কনছার্ন্স’ বা আগ্রহৰ ক্ষেত্র যিয়েই নহওক কিয়, ভাবনাৰ ক্ষেত্রত তেওঁলোকৰ যিমানেই ভিন্নতা নাথাকক কিয়, ভাৰতৰ উদয়ে কিন্তু সকলোকে যুক্ত কৰে, সকলোকে সম্মিলিত কৰে। আজি সকলোৱে ভাবে যে ভাৰতে এতিয়া ‘প্রবেবিলিটি’ আৰু ‘পটেনশিয়েল’ৰ পৰা আগবাঢ়ি বিশ্বকল্যাণৰ বাবে ‘পাৰপাছ’ৰ সমান্তৰালকৈ ‘পাৰফর্ম’ কৰি আগবঢ়াই নিছে।

 

বন্ধুসকল,

 

এবাৰ আপোনালোকৰ সৈতে এনেকৈয়ে আলাপ-আলোচনাৰ সময়ত মই স্বচ্ছ মন, স্পষ্ট ইচ্ছা আৰু অনুকূল নীতিসমূহৰ কথা কৈছিলো। এই লৈ যথেষ্ট আলাপ-আলোচনা হৈছিল আপোনালোকৰ সৈতে। বিগত ৮ বছৰত এই মন্ত্রবিলাককে সম্বল কৰি আগুৱাই যোৱাৰ ফলত বিভিন্ন পৰিস্থিতিৰ ক্ষেত্রত যি পৰিৱর্তন আহিছে তাক আমি দৈনন্দিন জীৱনত অনুভৱ কৰিছো। আজি দেশে টেলেণ্ট বা মেধা, ট্রেড বা বৃত্তি আৰু টেকনলজি বা প্রযুক্তিক যিমান সম্ভৱ সিমান বেছিকৈ উৎসাহিত কৰিছে। আজি দেশত প্রতিদিনে কেইবা ডজন ষ্টার্ট-আপ আৰম্ভ হৈছে। তাৰবাবে যিকোনো ভাৰতবাসীৰ গর্ব হ'ব। বিশেষকৈ, দেশৰ নবীন প্রজন্ম তো গর্বিত হ'বই। আজি দেশে প্রতিদিনে কেইবা ডজন ষ্টার্ট-আপ ৰেজিষ্টাৰ কৰিছে। প্রত্যেক সপ্তাহত সেইবিলাকৰ পৰা গড়ে এটাকৈ ইউনিকর্নত পৰিণত হৈছে। আজি দেশে হাজাৰ হাজাৰ কমপ্লায়েন্স বাতিল কৰি জীৱনক সহজ কৰি তোলা, জীৱিকাক সহজ কৰি তোলা, ব্যৱসায়ক সহজতৰ কৰি তোলা – এটাৰ পিছত এটা পদক্ষেপে প্রত্যেক ভাৰতবাসীৰ গর্বক বঢ়াই তুলিছে। আজি ভাৰতত কৰ ব্যৱস্থা ‘ফেচলেছ’ হৈ উঠিছে, ‘ট্রান্সপাৰেণ্ট’ হৈছে, ‘অনলাইন’ হৈছে, ‘ৱান নেচন, ৱান টেক্স’ বা এক দেশ, এক কৰ ব্যৱস্থা –  ইত্যাদি পদক্ষেপৰ মাধ্যমত আমাৰ এই স্বপ্নৰাজিক আমি সাকাৰ কৰি তোলাৰ পথত আগুৱাই গৈছো। আজি দেশে মেনুফেকচাৰিং বা শিল্প উৎপাদনক উৎসাহ যোগোৱাৰ বাবে লক্ষ কোটি টকাৰ ‘প্রডাকশ্যন লিঙ্কড ইনছেণ্টিভ স্কিম’ বা উৎপাদন সংযুক্ত উৎসাহ ভাতা প্রকল্পক খুব ভালদৰে কামত লগাইছে।

 

বন্ধুসকল,

 

চৰকাৰী ব্যৱস্থাত কেনেকৈ স্বচ্ছতা আহিছে, ইয়াৰ এটা উত্তম উদাহৰণ আমাৰ চৰকাৰী ক্রয় প্রক্রিয়াৰ পৰিৱর্তনত পৰিস্ফুট হৈছে। যেতিয়াৰ পৰা গভর্নমেণ্ট ই-মার্কেট প্লেছ বা জিইএম পর্টেল আৰম্ভ হৈছে, তেতিয়াৰ পৰা সকলো চৰকাৰী ক্রয় এটা প্লেটফর্মৰ মাধ্যমত সকলোৰে সন্মুখত সম্পাদিত হৈছে। এতিয়া দূৰদুৰণিৰ গাঁৱৰ

মানুহেও, সৰু সৰু দোকানদাৰেও আনকি ছেলফ হেল্প গ্রুপ বা আত্মনির্ভৰ গোষ্ঠীবিলাকেও পোনপটীয়াকৈ চৰকাৰক নিজৰ উৎপাদিত পণ্য বিক্রী কৰিব পাৰিছে। আৰু আজি ইয়াত আমাৰ সন্মুখত এনেকুৱা মানুহ আছে যাৰ ডিএনএত বাণিজ্য আছে। কিবা নহয় কিবা বাণিজ্যৰ প্রবৃত্তিয়ে সকলো সময়তে আপোনালোকক সঞ্চালিত কৰে - এইটোৱেই আপোনালোকৰ স্বভাৱ আৰু শিষ্টাচাৰৰ ভিতৰত আছে। মই জৈন ইণ্টাৰনেচনেল ট্রেড অর্গেনাইজেশ্যন বা ‘জিতো’-ৰ সদস্যসকলক অনুৰোধ জনাওঁ, বিশ্বব্যাপী বিয়পি থকা আপোনালোকৰ সকলোকে অনুৰোধ জনাওঁ যে ভাৰতৰ কেন্দ্রীয় চৰকাৰৰ এই জিইএম পর্টেল আপোনালোকে ব্যৱহাৰ কৰক, এবাৰ সেইটো ষ্টাডি তো কৰক! এবাৰ সেই পর্টেল ভিজিট কৰক, আৰু আপোনালোকৰ এলেকাত এনে কোনো পণ্য আছে যিবোৰ চৰকাৰৰ প্রয়োজন, আৰু চৰকাৰে সেইবোৰ কিনাৰ বাবে সহজেই ইয়াৰ উৎপাদকসকলৰ কাষ পাব পাৰে। এই ক্ষেত্রত আপোনালোক সকলোৱে বহু সহায় কৰিব পাৰে। আপোনালোক এই পর্টেলত গ'লেই বুজিব পাৰিব যে চৰকাৰে কিমান ভাল প্লেটফর্ম প্ৰস্তুত কৰিছে। আজি এই জিইএম পর্টেলত ৪০ লাখৰো বেছি বিক্রেতা যুক্ত আছে যি নিজৰ পণ্য বিক্রী কৰিব বিচাৰে, এনেকুৱা ৪০ লাখ মানুহে ইতিমধ্যেই তাত নিজৰ নাম নথিভুক্ত কৰিছে। আৰু আমি ইয়াৰ বাবে অত্যন্ত আনন্দিত যে এই ক্ষেত্রত অধিকাংশ নথিভুক্ত কৰা বিক্রেতাই অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া শিল্পোদ্যোগৰ মালিক, সৰু সৰু ব্যৱসায়ী, সৰু সৰু শিল্পোদ্যোগী। আমাৰ মহিলা স্বনির্ভৰ গোষ্ঠীসমূহৰ ভগ্নীসকলো ইয়াৰ বিক্রেতাৰ তালিকাত আছে। এই কথা জানি আপোনালোকৰ আৰু ভাল লাগিব যে এই ক্ষেত্ৰতো ১০ লাখৰো বেছি বিক্রেতা মাত্র বিগত পাঁচ মাহ ধৰি এই পর্টেলৰ সৈতে যুক্ত হৈছে। এই পৰীসংখ্যাই এই কথা স্পষ্ট কৰে যে এই নতুন ব্যৱস্থাৰ ওপৰত মানুহৰ ভৰষা কিমান দ্রুত বৃদ্ধি পাইছে। এই পৰীসংখ্যাই এইটোও দেখুৱায় যে যেতিয়া চৰকাৰৰ ইচ্ছাশক্তি থাকে আৰু চৰকাৰ জনগণৰ কাষত থাকে, যেতিয়া ‘সবকা প্রয়াস’ বা সকলোৰে প্রচেষ্টাৰ ভাবনা প্রবল হয়, তেতিয়া পৰিৱর্তনক কোনেও ৰখাব নোৱাৰে, তেতিয়াই পৰিৱর্তন সম্ভৱ হয়। আৰু এই পৰিৱর্তন আজি আমি দেখিবলৈ পাইছো, অনুভৱো কৰিব পাৰিছো।

 

বন্ধুসকল,

 

আমাৰ ভৱিষ্যতৰ পথ আৰু গন্তব্য উভয়েই অত্যন্ত স্পষ্ট। আত্মনির্ভৰ ভাৰতেই আমাৰ পথ আৰু আমাৰ সঙ্কল্প। আৰু এইটো কোনো চৰকাৰৰ পথ বা সঙ্কল্প নহয়, এইটো ১৩০ কোটি ভাৰতবাসীৰ পথ আৰু সঙ্কল্প। বিগত বছৰবিলাকত আমি ইয়াৰ বাবে প্রতিটো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছো, পৰিস্থিতি ইতিবাচক কৰি তোলাৰ বাবে নিৰন্তৰ পৰিশ্রম কৰিছো। দেশত গঢ়ি উঠা সঠিক পৰিস্থিতিৰ সদ্ব্যৱহাৰ কৰি সঙ্কল্পবিলাক সিদ্ধ কৰাৰ কামৰ নেতৃত্ব এতিয়া আপোনালোকৰ দৰে আমাৰ কর্মযোগী বন্ধুসকলৰ কান্ধত আছে। জৈন ইণ্টাৰনেশ্যনেল ট্রেড অৰ্গেনাইজেশ্যন বা ‘জিতো’ৰ সদস্যসকলৰ দৰে সক্ষম ব্যক্তিসকলৰ কান্ধত আছে। আপোনালোক যলৈকে যাব, যাৰ লগতে আপোনালোকৰ দেখা হ'ব, আপোনালোকৰ দিনৰ আধা সময়ৰ নেতৃত্বই ইয়াৰ বাবে যথেষ্ট। কাৰণ, অনাগত দিনক লৈ ভাবনাচিন্তা কৰাৰ স্বভাৱ আছে আপোনালোকৰ। আপোনালোক বিগত দিনৰ পৰিস্থিতিক সাৱটি বহি থকাৰ দৰে মানুহ নহয়। আপোনালোক ভৱিষ্যতৰ পৰিকল্পনা ৰচনা কৰাৰ মানসিকতা লৈ অনাগত দিনৰ ফালে চাই থকা মানুহ। মই তো আপোনালোকৰ মাজতে লালিতপালিত হৈছো, মই আপোনালোকক চিনিপাওঁ, আপোনালোকৰ প্রকৃতি কেনেধৰণৰ! আৰু তাৰ বাবে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাওঁ যে আপোনালোকে যেনে বিশেষকৈ, আমাৰ প্রিয় নবীন প্রজন্মৰ এণ্ট্ৰাপ্ৰেনিয়ৰসকল, উদ্ভাৱকসকল, জৈন সমাজৰ নবীন প্রজন্মৰ যুৱক-যুৱতীসকলৰ দায়িত্ব অলপ বেছি। স্বাধীনতাৰ এই অমৃত মহোৎসৱত জৈন ইণ্টাৰনেচনেল ট্রেড অর্গেনাইজেশ্যন এটা সংস্থা ৰূপেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি প্রত্যাশা কৰিছে এই দেশৰ মানুহে। আপোনালোকৰ দৰে সকলো সদস্যৰ প্রতি দেশৰ এই বিষয়ত প্রত্যাশা থকা অত্যন্ত স্বাভাবিক। শিক্ষা হওক, স্বাস্থ্য হওক কিংবা সৰুসুৰা ৱেলফেয়াৰ বা সমাজকল্যাণমূলক সংস্থা, জৈন সমাজে সকলো সময়তে বেষ্ট ইনষ্টিটিউচন বা শ্রেষ্ঠ প্ৰতিষ্ঠানবোৰক ‘বেষ্ট প্রেক্টিচেছ’ বা শ্রেষ্ঠ অভ্যাসবোৰ আৰু ‘বেষ্ট ছার্ভিচেছ’ বা সর্বোত্তম পৰিসেৱাক সর্বদাই উৎসাহ যোগাইছে, আৰু আজও এই ক্ষেত্রত আপোনালোকৰ প্রতি সমাজৰ প্রত্যাশা থকা অত্যন্ত স্বাভাবিক। বিশেষকৈ ব্যক্তি হিচাপে মই আপোনালোকৰ ওচৰত বহু প্রত্যাশা কৰো আৰু বিচাৰো যে আপোনালোকে স্থানীয় পণ্যৰ ওপৰত জোৰ দিয়ক। ‘ভোকেল ফৰ লোকেল’-ৰ মন্ত্র লৈ আগুৱাই যোৱাৰ পথত আপোনালোক সকলোৱে ৰপ্তানিৰ বাবে নতুন গন্তব্যও বিচাৰি লওক, আৰু আপোনালোকৰ এলেকাৰ স্থানীয় শিল্পোদ্যোগীসকলকো স্থানীয় পণ্যৰ প্রতি সচেতন কৰক। স্থানীয় পণ্যৰ উৎকর্ষ আৰু পৰিবেশ দূষণ ৰোধ কৰাৰ বাবে আমি ‘জিৰো ডিফেক্ট, জিৰো এফেক্ট’ক ভিত্তি কৰি কাম কৰিব লাগিব! আৰু তাৰ বাবে আজি এই জৈন ইণ্টাৰনেচনেল ট্রেড অর্গেনাইজেশ্যন-ৰ যিমান সদস্য আছে, তেওঁলোকৰ সকলোকে মই আজি এটা সৰু হোমৱৰ্ক দিব খোজো। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকে এইটো কৰিব। হয়তো মুখত ক'ব না, কিন্তু অৱশ্যেই কৰিব। আপোনালোকে কৰিব তো? অলপ দুহাত ওপৰলৈ তুলি মোক কওক, কৰিব তো? ঠিক আছে, তেন্তে কৈছো! আপোনালোকে এটা কাম কৰিব। পৰিয়ালৰ সকলোৱে একেলগে বহিব, বহি এখন তালিকা প্ৰস্তুত কৰিব। এদিন পুৱাৰ পৰা পিছদিনা পুৱা পর্যন্ত ঘৰৰ কোন সদস্যই কিমান বিদেশী পণ্য ব্যৱহাৰ কৰে। কিমান বিদেশী পণ্য আপোনালোকৰ পাৰিবাৰিক জীৱনত, আপোনালোকৰ দৈনন্দিন জীৱনত প্রবেশ কৰিছে -  তাৰ এখন তালিকা প্ৰস্তুত কৰক, কিমান বিদেশী পণ্য আপোনালোকৰ পাকঘৰত সোমাই পৰিছে, কিমান সাধাৰণ ব্যৱহাৰৰ কামত অবিচ্ছেদ্য অঙ্গ হৈ উঠিছে! প্রত্যেক ক্ষেত্রত কিমান বিদেশী পণ্য আপোনালোকে ব্যৱহাৰ কৰিছে তাৰ এখন তালিকা প্ৰস্তুত কৰি ভাবক যে ইয়াৰ পৰিবর্তে ভাৰতত প্ৰস্তুত কিবা পণ্য যদি ঘৰলৈ আনে তেন্তে কি আপোনালোকৰ কাম চলিব? যি যি বস্তুৰ ভাৰতীয় বিকল্প পোৱা যায়, সেইবোৰ টিকমার্ক কৰক। পৰিয়ালৰ সকলোৱে মিলি ঠিক কৰক যে ইয়াৰ বিকল্প ভাৰতীয় পণ্য পোৱা যায় নেনাযায়। মন কৰিব, ১ হাজাৰ ৫০০টা পণ্যৰ তালিকা প্ৰস্তুত হৈছে। ইয়াৰ ভিতৰত ৫০০টা এনেকুৱা পালে যে সেইবোৰ আপোনালোকে এতিয়াই ওলোটাই স্বদেশী পণ্য আনিব পাৰে। আৰু তাৰপিছত ভাবি লওক অহা মাহত আৰু ২০০টা, তাৰ পিছৰ মাহত আৰু ১০০টা কৰিব। তাৰপিছত প্রতি মাহত ২০, ২৫, ৫০টাও পৰিবর্তন কৰা যাব পাৰে। আপোনালোকৰ ভাব হ'ব পাৰে যে এই অমুক অমুক বস্তু আপোনালোকে এতিয়াও বাহিৰৰ পৰাই আনিব লাগিব। কাৰণ,  দেশী বিকল্পৰ দাম বহু বেছি বা দেশী বিকল্প ভালদৰে পোৱা নাযায়। ঠিক আছে, সিমানখিনি কম্প্রমাইজ কৰি লওক। কিন্তু বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছে নে যে আমি কেনেকৈ আজিও মানসিক ৰূপে দাসত্ব কৰিছো? সেইবাবেই যেতিয়া আজি আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো, আৰু নিজৰ অজানিতেই অসংখ্য বিদেশী পণ্যৰ দাসত্ব কৰিছো – এই দ্বিচাৰিতাৰ পৰা আমি ওলাই আহিব লাগিব। ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ দেশত এনেকৈয়ে সোমাইছিল। কোনেও টলকিবই পৰা নাছিল। আৰু সেইবাবে মই বাৰম্বাৰ অনুৰোধ কৰিছো, আৰু মই ‘জিতো’ৰ সকলো সদস্যকে অনুৰোধ কৰিছো, আপোনালোকে যদি একো কৰিব নিবিচাৰে, নকৰিব! আপোনালোকৰ যদি মোৰ কথা ভাল নালাগে, তেন্তে একো নকৰিব, কিন্তু এবাৰ মোৰ অনুৰোধত কাগজত লিখি তালিকাখন অৱশ্যেই বনাব! আৰু এইখন বনোৱাৰ সময়ত ঘৰৰ সকলো সদস্য যেন একেলগে বহে, সেই দিশত লক্ষ্য ৰাখিব! কাৰণ, আপুনি হয়তো নাজানেই যে দৈনিক আপোনাৰ ঘৰত কি কি বস্তু সঁচাকৈ ব্যৱহাৰ হৈছে। আকৌ যি বস্তুবোৰ ব্যৱহৃত হৈছে তাৰ ভিতৰত কোনবোৰ বিদেশৰ পৰা আহিছে, সেইটোও হয়তো আপোনালোকৰ বহুতে নাজানে। কোনোবাই হয়তো আপোনাক সেইবোৰ বিদেশৰ পৰা অনাৰ বাবে অনুৰোধো কৰা নাই। কিন্তু আপুনি নিজেই লৈ আহিছে। আৰু সেইবাবেই বাৰম্বাৰ মই আপোনালোকক ‘ভোকেল ফৰ লোকেল’-ৰ কথা কৈছো। এইটো যদি আপোনালোকে কৰিব পাৰে, তেন্তে আমাৰ দেশৰ মানুহৰ বহু কর্মসংস্থান হ'ব, আমাৰ দেশৰ মানুহৰ সন্মুখত বহু নতুন নতুন সুযোগ খুলি যাব। আমি যদি আমাৰ দেশত উৎপাদিত পণ্যক লৈ গর্ব কৰো, তেতিয়াহে বিশ্ববাসীয়ে আমাৰ বস্তুক লৈ গর্ব কৰিব। কিন্তু আমি গর্ব কৰাটোৱেই হৈছে প্রথম চর্ত বন্ধুসকল!

 

বন্ধুসকল,

 

আপোনালোকৰ ওচৰত মোৰ আৰু এটা অনুৰোধ, এই ‘আর্থ’-ৰ বাবেও, ‘আর্থ’ বোলোতে মই বুজাইছো ‘ই এ আৰ টি এইচ’এই আখৰবিলাক! কোনো জৈন ধর্মাৱলম্বী মানুহে যেতিয়া ‘আর্থ’ শব্দটো শুনে, তেতিয়া তেওঁৰ ভাব হয় অর্থ – নগদ অর্থৰ চিন্তা মাথালৈ আহে। কিন্তু মই অলপ অন্য ‘আর্থ’-ৰ কথা কৈছো। যি ‘আর্থ-ৰ অর্থ পৃথিৱী, মই সেই ‘আর্থ’-ৰ ইংৰাজী বানানৰ কথা কৈছো বন্ধুসকল! আমাৰ বাবে ‘আর্থ’ শব্দৰ ‘ই’-ৰ মানে হ'ল এনভাইৰণমেণ্ট বা পৰিৱেশ সমৃদ্ধ হয় এনে বিনিয়োগ, এনে ভাবনাক আপোনালোকে উৎসাহিত কৰক। অহা বছৰ ১৫ আগষ্টৰ ভিতৰত দেশৰ প্রত্যেক জিলাত কমেও ৭৫টা ‘অমৃত সৰোবৰ’ গঢ়ি তোলাৰ প্রচেষ্টাত আপোনালোকে কেনেকৈ সহায় কৰিব পাৰে, তাক লৈও আপোনালোকে অৱশ্যেই আলাপ-আলোচনা কৰিব। আৰু মই যেনেকৈ ‘ই’ মানে এনভাইৰণমেণ্ট বুজো, তেনেকৈয়ে ‘আর্থ’-ৰ ‘এ’ মানে বুজো এগ্রিকালচাৰ। এগ্রিকালচাৰ বা কৃষিক লাভজনক কৰি তোলাৰ বাবে নেচাৰেল ফার্মিং বা প্রাকৃতিক কৃষি, জিৰো কষ্ট বাজেটিং সম্পন্ন ফার্মিং, ফার্মিং টেকনলজি বা কৃষি প্রযুক্তি আৰু ফুড প্রচেছিং ছেক্টৰ বা খাদ্য প্রক্রিয়াকৰণ ক্ষেত্রত আমাৰ ‘জিতো’ৰ নবীন প্রজন্মেৰ সদস্যসকল আগুৱাই আহক, ষ্টার্ট-আপ আৰম্ভ কৰক, অর্থ বিনিয়োগ কৰক। তাৰপিছত মই গুৰুত্ব দিম ‘আৰ’ বা ৰিচাইক্লিং-ক। এই ৰিচাইক্লিং সুনিশ্চিত কৰিবলৈ আমি চাৰ্কুলাৰ ইকনমিৰ ওপৰত জোৰ দিব লাগিব। ‘ৰিইউজ’, ‘ৰিডিউছ’ আৰু ‘ৰিচাইকেল’-ৰ বাবে কাম কৰিব লাগিব। তাৰপিছত ‘টি’ অর্থাৎ টেকনলজি বা প্রযুক্তিক যিমান বেছি সম্ভৱ মানুহৰ কাষলৈ লৈ যাব লাগিব। আপোনালোকে ড্রোন টেকনলজিৰ দৰে অন্যান্য আধুনিক প্রযুক্তিক কেনেকৈ সুলভ কৰি তুলিব পাৰে, তাক লৈও অৱশ্যেই চিন্তাভাবনা কৰিব পাৰে। ‘এইচ’ বুলিলে মই বুজো হেলথ কেয়াৰ। দেশৰ প্রত্যেক জিলাত মেডিকেল কলেজেৰ দৰে ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰে আজি বহু ডাঙৰ পদক্ষেপ লৈছে। জিলাই জিলাই নতুন নতুন মেডিকেল কলেজ গঢ়ি উঠিছে। এই উদ্যোগক আপোনালোকৰ সংস্থাই কেনেদৰে উৎসাহ যোগাব পাৰে তাক লৈ অৱশ্যেই ভাবনাচিন্তা কৰিব। আয়ুষ-ৰ ক্ষেত্রত ৰিছার্চ এণ্ড ডেভেলপমেণ্টক প্রমোট কৰাৰ বাবে আপোনালোকৰ পৰা যিমান বেছি সম্ভৱ অৱদান ৰখাৰ প্রত্যাশা দেশে কৰে। মোৰ দৃঢ় বিশ্বাস যে এই শীর্ষ সন্মিলনৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে বহুত উন্নতমানৰ পৰামর্শ আহিব, বহুত উন্নতমানৰ সমাধানো ওলাই আহিব। আৰু আপোনালোকে সর্বদাই মনে ৰাখিব যে আপোনালোকৰ নামেই হ'ল ‘জিতো’। কাজেই আপোনালোক জিকিবই লাগিব। আপোনালোক যেন নিজৰ সঙ্কল্পত বিজয়ী হয়, নিজৰ সঙ্কল্প সিদ্ধ কৰে, বিজয়, কেৱল বিজয়ৰ কামনা লৈ আগুৱাই যাওক – এই শুভেচ্ছা জনাই আকৌ এবাৰ আপোনালোকৰ সকলোকে বহুত বহুত শুভকামনা!

 

জয় জিনেন্দৰ! ধন্যবাদ!

 

***

DS/VK/AK



(Release ID: 1829315) Visitor Counter : 116