তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতীয় কন্টেন্টে বিশ্বৰ দৰ্শকৰ হৃদয় আৰু মনত ৰেখাপাত কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ


“ভাৰতৰ বাবে নিজাকৈ অ’টিটি প্লেটফৰ্ম স্থাপনৰ বাবে সম্প্ৰচাৰকৰ লগতে টেলকোৰ মাজত তৎপৰতা বৃদ্ধি পাইছে”

সমগ্ৰ বিশ্বৰপৰা সহ-প্ৰযোজনা সহযোগিতা ত্বৰান্বিতকৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শ্ৰী অনুৰাগ ঠাকুৰ

৫ বছৰৰ ভিতৰত ভাৰত সমগ্ৰ বিশ্বৰ আগশাৰীৰ মানসম্পন্ন কন্টেন্ট যুগুতকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম হ’ব

চৰকাৰী নীতিয়ে ২০২৫ ৰ ভিতৰত মিডিয়া আৰু মনোৰঞ্জন বাতাবৰণটোক বছৰি ৫৩ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জনত সহায় কৰিব

ভাৰত বিশ্বৰ সৰ্ববৃহৎ ‘প্ৰভাৱশালী অৰ্থনীতি’ হ’বলৈ অগ্ৰসৰ হৈছেঃ শ্ৰী শেখৰ কাপুৰ

Posted On: 19 MAY 2022 4:31PM by PIB Guwahati

“হে প্ৰীত জহা কী ৰীত সদা, মে গীত ৱহা কে গাতা হো, ভাৰত কা ৰহনে বালা হো, ভাৰত কী বাত চুনাতা হো“, এইদৰেই ভাৰতৰ কথকতাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি কানৰ প্ৰখ্যাত পেলেছ ডেছ ফেষ্টিভেলছত ইণ্ডিয়া ফৰামক সম্বোধন কৰে। ৬০০০ বছৰ পুৰণি সংস্কৃতি আৰু ১.৩ বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীজনে বিদেশী আৰু ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আৰু প্ৰতিনিধিৰে সমবেত দৰ্শকৰ সন্মুখত নিজৰ মূল ভাষণ প্ৰদান কৰে।

ভাৰতীয় প্ৰযোজক, কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদৰ সদস্য ও চলচ্চিত্ৰ জগতৰ ব্যক্তিত্ব শ্ৰীমতী বাণী ত্ৰিপাঠী তিকুৱে আঁত ধৰা অধিৱেশনখনত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰ, লেখক, কবি আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশী, ভাৰতীয় অভিনেতা, লেখক, পৰিচালক আৰু প্ৰযোজক শ্ৰী আৰ মাধৱন, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, টেলিভিচন প্ৰেজেনটাৰ আৰু উদ্যোগী আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰী শেখৰ কাপুৰ, হলিউড ৰিপ'ৰ্টাৰৰ সম্পাদক শ্ৰী স্কট ৰক্সবৰো, প্ৰযোজক শ্ৰী ফিলিপ এভ্ৰিলে অংশগ্ৰহণ কৰে।

এই বৰ্ষত কান চলচ্চিত্ৰ মহোৎসৱ আৰু ভাৰত-ফ্ৰান্সৰ কূটনৈতিক সম্পৰ্ক স্থাপন উভয়ৰে ৭৫ বছৰ পূৰ্ণ হৈছে। কানৰ এই গুৰুত্বৰ সম্পৰ্কে ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে বিগত বছৰসমূহত ‘ফেষ্টিভেল ডি কান’ য়ে ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক সুদৃঢ়কৰণত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। মন্ত্ৰীজনে ভাৰতীয় চিনেমাৰ ঐতিহাসিক সফলতাৰ কথা উল্লেখ কৰে আৰু কয় যে ভাৰতীয় কন্টেন্টে বিশ্বৰ দৰ্শকৰ হৃদয় আৰু মনত ৰেখাপাত কৰি আহিছে আৰু ১৯৪৬ ত বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা চেতন আনন্দৰ ছবি নীচা নগৰক পাম ডি অ’ৰ বঁটা প্ৰদানতে অগ্ৰগতিৰ আধাৰশিলা স্থাপিত হৈছিল আৰু এটা দশকৰ পাছত অৰ্থাৎ ১৯৫৬ ত সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালীয়ে পাম ডি অ’ৰ বঁটা লাভ কৰিছিল। আজি বিশ্বজুৰি আমাৰ চিনেমাৰ উৎকৃষ্টতাৰ স্বীকৃতিয়ে দেশখনক ‘বিশ্বৰ কন্টেন্ট হাব’ হিচাপে প্ৰকাশ কৰিবলৈ অগ্ৰসৰ হৈছে বুলি মন্ত্ৰীজনে লগতে কয়।

কানত ভাৰতৰ সাম্প্ৰতিক উপস্থিতি সম্পৰ্কে ভাষণ প্ৰদান কৰি মন্ত্ৰীজনে কয়, “ভাৰতে বিশ্বৰ দৰ্শকক দেশখনৰ চিনেমাৰ উৎকৃষ্টতা, প্ৰযুক্তিগত দক্ষতা, সমৃদ্ধ সংস্কৃতি আৰু গল্প কঠনৰ সুপ্ৰসিদ্ধ ঐতিহ্যৰ সোৱাদ দিবলৈ সাজু হৈছে।” “ভাৰতৰ ৰেড কাৰ্পেট প্ৰকাশে আমাৰ চিনেমাৰ উৎকৃষ্টতাৰ বৈচিত্ৰ্যক কেৱল বিভিন্ন ভাষা আৰু অঞ্চলৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলকেই প্ৰতিনিধিত্ব নহয়, বৰঞ্চ অ’টিটি প্লেটফৰ্মসমূহকো উজ্জীৱিত কৰিছে য’ত সুৰকাৰ আৰু লোকশিল্পীৰ শক্তিশালী প্ৰকাশে যুৱ প্ৰজন্ম আৰু বয়োজ্যেষ্ঠ উভয় দৰ্শককে মুগ্ধ কৰিছে“, মন্ত্ৰীজনে লগতে কয়।

মন্ত্ৰীজনে দৰ্শকসকলক কানত ভাৰতীয় ষ্টাৰ্টআপসমূহৰ উপস্থিতি সম্পৰ্কে অৱগত কৰে আৰু কয়, মিডিয়া আৰু মনোৰঞ্জন খণ্ডটোৰ ষ্টাৰ্টআপসমূহে স্বকীয় প্ৰযুক্তিগত দক্ষতা থূপাই প্ৰদৰ্শন কৰিছে আৰু এভিজিচি বিশ্ব (world of AVGC) খনৰ সৰ্বশ্ৰেষ্ঠখিনিক প্ৰদৰ্শনৰ লগতে খণ্ডটোৰ এনিমেশ্যন পেছাদাৰীসকলৰ এটি শক্তিশালী প্ৰতিনিধি দল আছে।

মন্ত্ৰীজনে কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে গ্ৰহণ কৰা ভিন্ন ব্যৱস্থা সম্পৰ্কে দৰ্শকসকলক অৱগত কৰি কয় যে কেন্দ্ৰই যোৱা ৮ বছৰত ভাৰতত সহ-প্ৰযোজন, চলচ্চিত্ৰৰ শ্বুটিং আৰু চলচ্চিত্ৰৰ সুবিধা বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপৰ কল্পনা কৰাৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যই নিজাকৈ চলচ্চিত্ৰ সুবিধা নীতি প্ৰণয়ন আৰু সহ-প্ৰযোজনাৰ সুযোগ প্ৰদান কৰিছিল। তেওঁ কয় যে এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন বাতাবৰণটোৰ বৰ্ধন ঘটোৱা, যিয়ে ২০২৫ ৰ ভিতৰত বছৰি ৫৩ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে।

এনে এক পদক্ষেপ হিচাপে “ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে দৃশ্য-শ্ৰাব্য সেৱাসমূহক ১২টা ‘চেম্পিয়ন সেৱা খণ্ড’ ৰ অন্যতম হিচাপে গণ্য কৰিছে আৰু শেহতীয়াকৈ উদ্যোগটোৰ নেতৃত্বসকলক লৈ এভিজিচি টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতে এই খণ্ডটোত ক্ষীপ্ৰ অগ্ৰগতি লাভ কৰিবলৈ নীতিগত ৰ’ডমেপ প্ৰস্তুতকৰণ আৰু ইয়াৰ জৰিয়তে ভাৰতক পছন্দৰ 'বিশ্বৰ প'ষ্ট প্ৰডাকশ্যন হাব' হিচাপে পৰিগণিত কৰা।“

শ্ৰী অনুৰাগ ঠাকুৰে কয় যে এহাতেদি কৃত্ৰিম বুদ্ধিমত্তা, ভাৰ্চুৱেল ৰিয়েলিটি, মেটাভাৰ্ছৰ দৰে নিমজ্জিত (immersive) প্ৰযুক্তিৰ আগমনে ভাৰতৰ আইটি দক্ষ কৰ্মশক্তিৰ বাবে অপৰিসীম সম্ভাৱনাৰ সৃষ্টি কৰিছে। আনফালে, ভাৰতৰ অ’টিটি বজাৰখন ২০২৪ ৰ ভিতৰত বছৰি ২১% বৃদ্ধিৰে প্ৰায় ২ বিলিয়ন ডলাৰৰ হ’ব বুলি অনুমান কৰা হৈছে।

মন্ত্রীজনে অংগীকাৰ সম্পৰ্কে ব্যক্ত কৰি কয় যে চৰকাৰখনে ভাৰতক বিশ্বৰ কন্টেন্ট উপ মহাদেশলৈ ৰূপান্তৰিতকৰণৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব আৰু আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতাক ব্যৱহাৰেৰে ভাৰতক এভিজিচি খণ্ডৰ বাবে পছন্দৰ প’ষ্ট প্রডাকশ্যন হাব হিচাপে গঢ়ি তুলিব আৰু তাৰ বাবে চৰকাৰে সমগ্ৰ বিশ্বৰ সহ-প্ৰযোজনা সহযোগিতাক ক্ষীপ্ৰ কৰি তুলিব আৰু লগতে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ স্থানসমূহো দেখুৱাই দিব। এই পদক্ষেপসমূহৰ জৰিয়তে অহা ৫ বছৰত ভাৰতে সমগ্ৰ বিশ্বৰ আগশাৰীৰ মানসম্পন্ন কন্টেন্ট সৃষ্টিকাৰী ৰাষ্ট্ৰসমূহৰ লীগলৈ অগ্ৰসৰ হ’ব বুলি শ্ৰী ঠাকুৰে পূৰ্বানুমান কৰে।

শ্ৰী ঠাকুৰে ভাৰতত শ্বুটিং কৰিবলৈ, ইয়াৰ আতিথ্যৰ সোৱাদ ল’বলৈ আৰু ইয়াৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰ অভিজ্ঞতা গ্ৰহণ কৰিবলৈ উষ্ম আদৰণি জনাই নিজৰ বক্তব্যৰ সামৰণি মাৰে।

শ্ৰী শেখৰ কাপুৰে সুলভ ব্ৰডবেণ্ড আৰু ম’বাইল ডিভাইচৰ প্ৰৱেশে চলচ্চিত্ৰ উদ্যোগত পেলোৱা প্ৰভাৱ সম্পৰ্কে কয় আৰু কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ ‘প্ৰভাৱশালী অৰ্থনীতি’ হ’বলৈ আগবাঢ়িছে আৰু অতি সোনকালেই যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে চিনেমাক পুনৰ সংজ্ঞায়িত কৰিব।

ভাৰত হৈছে নিৰলস সপোনৰ কেন্দ্ৰ, ইয়াক বাস্তৱায়িতকৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা, আগলৈ চাই আছে বুলি শ্ৰী শেখৰ কাপুৰৰ মন্তব্যৰ আঁত ধৰি শ্ৰী প্ৰসূন যোশীয়ে এইদৰে কয়। শ্ৰী যোশীয়ে আৰু কয় যে ভাৰতৰ অধিক আত্মবিশ্বাস আছে আৰু শেহতীয়াকৈ চিনেমাৰ প্ৰযোজনাৰ মানদণ্ডত এয়া পৰিস্ফূত হৈছে। কোনো সভ্যতাই নিজৰ মূল কথাটো প্ৰামাণিকভাৱে প্ৰকাশ কৰিব পৰা মাত্ৰেকে ই আৰু সুদৃঢ় হৈ পৰে বুলি তেওঁ কয়।

শ্ৰী অপূৰ্ব চন্দ্ৰই লাঞ্চবক্স, মিষ্টাৰ এণ্ড মিচেছ আয়াৰ আৰু ৰকেটৰীৰ দৰে চলচ্চিত্ৰসমূহৰ কথা উল্লেখ কৰে যিসমূহৰ কাহিনী সাধাৰণতে ভাৰতীয় যদিও সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজত ইয়াৰ অনুৰণন হৈছে। তেওঁ লগতে ভাৰত চৰকাৰে কালি বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ইনচেনটিভ ঘোষণাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

শ্ৰী আৰ. মাধৱনে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বহুখিনি কথা বিশ্ববাসীক ক’বলৈ আছে আৰু চিনেমা জগতখনে এই ধাৰণাটোৰ অন্বেষণ কৰিব লাগিব। আৰ্য্যভট্টৰপৰা সুন্দৰ পিচাইলৈকে ভাৰতৰ অসাধাৰণ কাহিনী আছে যাৰ বাবে সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলে অপেক্ষা কৰি আছে। শ্ৰী মাধৱনে লগতে কয় যে নতুন প্ৰযুক্তিসমূহৰ অগ্ৰগতি সাধনে চিনেমা উদ্যোগক নতুন সুযোগ প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ষুদ্ৰ অৰ্থনীতি লক্ষণীয়ভাৱে বৃদ্ধি পাইছে; তেওঁ ডিজিটেলাইজেশ্যনে ভাৰতীয় চিনেমাৰ বাবে উজলি উঠাৰ নতুন পথ প্ৰশস্ত কৰিব।

যোৱা সময়ছোৱাত তামিল আৰু মালয়ালম চিনেমাৰে কাম কৰা ফৰাচী প্ৰযোজক ফিলিপ এভ্ৰিলে এই পদক্ষেপৰ শলাগ লৈ উল্লেখযোগ্য বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতৰ গল্প-কঠনৰ ক্ষেত্ৰত অপৰিসীম প্ৰতিভা আৰু অসাধাৰণ সম্ভাৱনা আছে যদিও সাংস্কৃতিক বাধাই কেতিয়াবা গল্পসমূহ বিদেশী দৰ্শকৰ ওচৰ পোৱাত বাধা দিব পাৰে। ভাৰতীয় গল্পসমূহ যাতে অনুবাদত হেৰাই নাযায় আৰু ফলপ্ৰসূভাৱে বিদেশী দৰ্শকৰ কাষ চাপিব পাৰে, তাৰ বাবে ফিলিপ এভ্ৰিলে সমগ্ৰ দেশসমূহতে সহ-প্ৰযোজনাক উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই, যি কৌশল ভাৰত চৰকাৰেই অৱলম্বন কৰিছে।

 

***



(Release ID: 1827497) Visitor Counter : 153