তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতত বিদেশী চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণক উত্সাহিত কৰাৰ প্ৰয়াস, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কৰিলে গুৰুত্বপূৰ্ণ উত্সাহ প্ৰদান আঁচনি ঘোষণা
ভাৰতত বিদেশী ছবিৰ সহ-নিৰ্মাণৰ বাবদ ২ কোটি টকা পৰ্যন্ত তথা দৃশ্যগ্ৰহণৰ বাবদ ২.৫ কোটি পৰ্যন্ত ৰেহাই দানৰ সুযোগ
‘ইণ্ডিয়া পেভেলিয়ন’ মুকলি কৰিলে শ্ৰী ঠাকুৰে, ৫৩ সংখ্যক ‘আইএফএফআই’-ৰ ‘পোষ্টাৰ’ উন্মোচন
ভাৰতীয় চলচ্চিত্ৰ হ’ল মানৱীয় প্ৰতিভা, বিজয়োল্লাস আৰু নতুন ভাৰতৰ প্ৰক্ষেপবক্ৰৰ এক গাঁথা : শ্ৰী ঠাকুৰ
শেহতীয়া সাতোটা দশকত চিনেমা আমাৰ ‘ছফ্ট-পাৱাৰ’ৰ সাধন হৈ উঠিছে : শ্ৰী ঠাকুৰ
ভাৰতক পৃথিৱীয়ে ভালকৈ জনাত ‘ছফ্ট-পাৱাৰ’ৰ এক সাধন হিচাপে ভাৰতীয় চিনেমাই সহায় কৰিছে : ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰী জাৱেদ আশ্ৰফ
Posted On:
18 MAY 2022 5:16PM by PIB Guwahati
‘কান’ৰ ‘মাৰ্চে ডু ফিল্ম’ শীৰ্ষক ছবি বিপণন ক্ষেত্ৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ‘ইণ্ডিয়া পেভেলিয়ন’ৰ দ্বাৰ উন্মোচন কৰে। বিদেশী ছবিৰ নিৰ্মাতাসকলৰ বাবে এক আকৰ্ষনীয় লক্ষ্যস্থান হিচাপে ভাৰতক গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুখনকৈ আঁচনিৰো শুভাৰম্ভ ঘোষণা কৰে। এই দুখন আঁচনিৰ জৰিয়তে বিদেশী ছবিৰ শ্বুটিং ভাৰতত কৰাৰ লগতে ভাৰতৰ নিৰ্মাতাৰ সৈতে জোঁট বান্ধি ছবি নিৰ্মাণ কৰিব খোজা বিদেশী নিৰ্মাতাসকলক বিভিন্ন ধৰণৰ উপঢৌকন আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব। আঁচনি দুখন হৈছে : ‘দৃশ্য-শ্ৰাব্য সহ-নিৰ্মাণ উত্সাহ প্ৰদান আঁচনি’ আৰু ‘বিদেশী ছবিৰ দৃশ্যগ্ৰহণ উত্সাহ প্ৰদান আঁচনি’। আঁচনি দুখনৰ জৰিয়তে ভাৰতীয় সংবাদ মাধ্যম আৰু বিনোদন উদ্যোগটোৰ সম্ভাৱনাসমূহক পূৰ্ণ ৰূপত উদ্ভাসিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
আগবঢ়াব খোজা বিভিন্ন উত্সাহমূলক পদক্ষেপ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি শ্ৰী ঠাকুৰে কয় যে আনুষ্ঠানিক ভাবে সহ-নিৰ্মাণৰ বাবদ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে ভাৰতত ‘কোৱালিফায়িং এক্সপেণ্ডিশ্যাৰ’ৰ ৩০% পৰ্যন্ত, সৰ্বাধিক ২ কোটি টকাৰ ৰেহাই লাভ কৰিব। সেইদৰে বিদেশী ছবিৰ ভাৰতত হোৱা দৃশ্য গ্ৰহণৰ বাবদ অতিৰিক্ত ৫% বোনাছ হিচাপে সৰ্বাধিক ৫০লাখ টকা(৬৫,০০০মাৰ্কিন ডলাৰ)ৰ ৰেহাইৰ পোৱাৰ লগতে এই কামত ভাৰতীয় লোক নিয়োগ কৰা প্ৰতিষ্ঠানসমূহে অতিৰিক্ত ভাবে ১৫% বা ততোধিক পৰিমানৰ ধন ওভোতাই পাব। এই দুই আঁচনিয়ে ভাৰতৰ সৈতে গোলকীয় জোঁট-বন্ধনক উত্সাহিত কৰাৰ লগতে বিদেশী ছবি-নিৰ্মাতাসকলৰ বিনিয়োগ আকৰ্ষিত কৰাৰ উপৰি ভাৰতক ছবি-নিৰ্মাণৰ আকৰ্ষনীয় স্থলী হিচাপে জনপ্ৰিয় কৰি তোলাত অৰিহণা আগবঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
সমাজৰে থকা ভাৰতীয় চলচ্চিত্ৰৰ গভীৰ সম্পৰ্কৰ কথা উল্লখ কৰি শ্ৰী ঠাকুৰে কয় যে সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্ব বিষয়সমূহৰ সংবেদনশীল উপচাৰৰ সৈতে ভাৰতীয় চিনেমাৰ সৃষ্টিশীলতা, উত্কৰ্ষতা আৰু উদ্ভাৱনে হাতত হাত ধৰি বিকশিত হৈছে। ভাৰতৰ মানুহৰ প্ৰমূল্যবোধ, বিশ্বাস আৰু অভিজ্ঞতাসমূহক প্ৰতিম্বিত কৰাৰ লগতে ভাৰতীয় চিনেমাই তেওঁলোকৰ আশা-আকাংক্ষা, সপোন আৰু আহৰণ কৰা সাফল্যকো সুন্দৰকৈ উপস্থাপন কৰি আহিছে। ভাৰতীয় সংস্কৃতিৰ আধাৰত বিকশিত হোৱা ভাৰতীয় ছবি উদ্যোগটোৱে বিশ্বজনীন বৈশিষ্ট্যকো আহৰণ কৰিছে। আমাৰ পুৰাতন ঐতিহ্যৰ সংৰক্ষণৰ লগতে ভাৰতীয় ছবি-নিৰ্মাতাসকলে প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ জৰিয়তে কাহিনী-কোৱাৰ নতুন নতুন ধাৰা উদ্ভাৱনৰ কলাকো আহৰণ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতীয় চিনেমা কেৱল ৬০০০ বছৰীয়া সভ্যতাৰ গাঁথাই নহয়, ভাৰতীয় চিনেমা কেৱল ১.৩ বিলিয়ন মানুহৰ কাহিনীয়েই নহয়, বৰং, ভাৰতীয় চলচ্চিত্ৰ হ’ল আপোনাৰ লেন্সৰ মাজেৰে বৰ্ণনা কৰা মানৱীয় প্ৰতিভা, বিজয়োল্লাস আৰু নতুন ভাৰতৰ প্ৰক্ষেপবক্ৰৰ এক গাঁথাও”।
‘ভাৰত কা চিনেমা দৌৰনা চাহতা হ্যে, বাচ ৰুকনা নেহী চাহতা’- ‘য়ে জৱানী হ্যে দীৱানী’ ছবিৰ এফাঁকি বচন আওঁৰাই শ্ৰী ঠাকুৰে কয়, “সুন্দৰ যাত্ৰাৰে ভাৰতীয় চিনেমাই গোলকীয় পৰিমণ্ডলৰ ছবি-নিৰ্মাতাসকলক অনুপ্ৰাণিত কৰিছে আৰু তেওঁলোকৰ দ্বাৰাও অনুপ্ৰাণিত হৈছে”।
প্ৰসংগক্ৰমে তেওঁ “শেহতীয়া সাতোটা দশকত চিনেমা আমাৰ ‘ছফ্ট-পাৱাৰ’ৰ সাধন হৈ থন্ ধৰি উঠিছে” বুলিও অভিমত ব্যক্ত কৰে।
‘ইণ্ডিয়া পেভেলিয়ন’ৰ বাবে অভিনন্দন জনাই শ্ৰী ঠাকুৰে কয়, “ইণ্ডিয়া পেভিলিয়ন’ আমাৰ অন্য এক সাফল্য আৰু আপোনালোকে আজি প্ৰকাশ কৰা বিশ্বাস আৰু প্ৰয়াসৰ জৰিয়তেহে ই ভৱিষ্যতৰ ভাৰতীয় সপোন সাকাৰ কৰিবগৈ পাৰিব”।
মন্ত্ৰীগৰাকীয়ে ‘ইণ্ডিয়া পেভেলিয়ন’ত ৫৩সংখ্যক ‘ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’(আইএফএফআই)ৰ পোষ্টাৰখনো আনুষ্ঠানিক ভাবে উন্মোচন কৰে।
অনুষ্ঠানত অভিনেত্ৰী তামান্না ভাটীয়া, নিৰ্মাতা-পৰিচালক শেখৰ কাপুৰ, অভিনেত্ৰী পূজা হেগড়ে আৰু ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰী জাৱেদ আশ্ৰফেও ভাষণ দিয়ে। ৰাষ্ট্ৰদূত শ্ৰী জাৱেদ আশ্ৰফে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনু্ষ্ঠান উপলক্ষে প্ৰেৰণ কৰা এটি বাৰ্তা(message from Prime Minister Narendra Modi)ও পাঠ কৰি দিয়ে। ভাষণ প্ৰসংগত শ্ৰী আশ্ৰফে কয় “ভাৰতক পৃথিৱীয়ে ভালকৈ জনাত ছফ্ট-পাৱাৰৰ এক সাধন হিচাপে ভাৰতীয় চিনেমাই সহায় কৰিছে”।
******
Saurabh Singh/KB
(Release ID: 1827484)
Visitor Counter : 246
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam