প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন

प्रविष्टि तिथि: 16 MAY 2022 4:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।

নেপালৰ সংস্কৃতি, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণৰ মাননীয় মন্ত্ৰী শ্ৰীপ্ৰেম বাহাদুৰ আলে, যি লুম্বিনী উন্নয়ন ন্যাসৰ (এলডিটি) অধ্যক্ষ, লুম্বিনীৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকুল প্ৰসাদ কেচি, এলডিটিৰ উপাধ্যক্ষ, সন্মানীয় মেটেয়া শাক্য পুট্টা আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত আছিল।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৫০০ জন অংশগ্ৰহণকাৰীক সম্বোধন কৰে, য'ত ভিক্ষু, বৌদ্ধ পণ্ডিত আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকল অন্তৰ্ভুক্ত আছিল।

***

DS/AK/MANN


(रिलीज़ आईडी: 1826150) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam