প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নেপালৰ লুম্বিনিৰ মায়াদেৱী মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

Posted On: 16 MAY 2022 11:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এদিনীয়া লুম্বিনি ভ্ৰমণসূচীৰে ১৬ মে’, ২০২২ত মায়াদেৱী মন্দিৰ পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীক সংগ দিয়ে নেপালৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰ্জু ৰাণা দেউবাই৷

ভগৱান বুদ্ধ যিস্থানত জন্মগ্রহণ কৰিছিল, সেই স্থানৰ চিহ্নিত ফলকত দুয়োগৰাকী নেতাই শ্রদ্ধা নিবেদন কৰে৷ তেওঁলোকে বৌদ্ধ ৰীতি-নীতি অনুসৰি পূজা অৰ্চনা কৰে৷

দুয়োগৰাকী প্রধানমন্ত্রীয়ে মন্দিৰসংলগ্ন অশোকস্তম্ভত বন্তি প্রজ্জ্বলন কৰে৷ প্রথম সূত্রলিপি অনুসৰি সম্রাট অশোকে খ্ৰীষ্টপূৰ্ব ২৪৯ত ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনীত সেই স্তম্ভটো নির্মাণ কৰিছিল৷

ইয়াৰ পাছতে দুয়োগৰাকী প্রধানমন্ত্রীয়ে বোধিবৃক্ষৰ পুলিত পানী দিয়ে, যিটো ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ হিচাপে বুদ্ধগয়াৰ পৰা লুম্বিনীলৈ প্ৰেৰণ কৰিছিল৷ তেওঁলোকে মন্দিৰৰ ভিডিটৰ্ছ বুকতো স্বাক্ষৰ কৰে৷

 

***

DS/ST/DB



(Release ID: 1826142) Visitor Counter : 103