প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেপালৰ লুম্বিনী ভ্ৰমণ (১৬ মে’, ২০২২)


প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য

Posted On: 15 MAY 2022 12:17PM by PIB Guwahati

নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ মৰ্মে মই ২০২২ ৰ ১৬ মে’ত নেপালৰ লুম্বিনী ভ্ৰমণ কৰিম।

বুদ্ধ জয়ন্তীৰ শুভ উপলক্ষত মায়াদেৱী মন্দিৰত প্ৰাৰ্থনা জনাবলৈ আগ্ৰহী হৈ উঠিছো। ভগৱান বুদ্ধৰ জন্মৰ পবিত্ৰ স্থানটিত লাখ-লাখ ভাৰতীয়ৰ পদাংক অনুসৰণেৰে শ্ৰদ্ধা জনাবলৈ মই সন্তোষ পাইছো।

যোৱা মাহত প্ৰধানমন্ত্ৰী দেউবাৰ ভাৰত ভ্ৰমণৰ সময়ত আমাৰ ফলপ্ৰসূ আলোচনাৰ অন্তত পুনৰ তেওঁৰে মিলিত হ’বলৈয়ো মই আগ্ৰহী হৈ উঠিছো। আমি জলবিদ্যুৎ, উন্নয়ন আৰু যোগাযোগকে ধৰি একাধিক ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে আমাৰ সহভাজিত বুজাবুজি অব্যাহত ৰাখিম।

পবিত্ৰ মায়াদেৱী মন্দিৰ দৰ্শনৰ উপৰিও মই লুম্বিনী মঠ অঞ্চলৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্কৃতি ও ঐতিহ্য কেন্দ্ৰৰ “শিলান্যাস” অনুষ্ঠানত অংশগ্ৰহণ কৰিম। নেপাল চৰকাৰে আয়োজন কৰা বুদ্ধ জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীতো মই অংশগ্ৰহণ কৰিম।

নেপালৰ সৈতে আমাৰ সম্পৰ্ক অতুলনীয়। ভাৰত আৰু নেপালৰ মাজৰ সভ্যতামূলক আৰু জনসাধাৰণৰ সংস্পৰ্শই আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ চিৰস্থায়ী সৌধ নিৰ্মাণ কৰিছে। শতিকাজুৰি লালিত-পালিত আৰু আমাৰ আন্তঃসংযোগৰ দীৰ্ঘ ইতিহাসত লিপিবদ্ধ এই সময়-সন্মত সংযোগসমূহক স্মৰণ আৰু অধিক গভীৰ কৰাই মোৰ ভ্ৰমণৰ উদ্দেশ্য।

 

***

DS/SH/SB



(Release ID: 1825649) Visitor Counter : 111