প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 13 MAY 2022 6:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁ এগৰাকী মহান ৰাষ্ট্ৰনেতা আৰু দূৰদৃষ্টিসম্পন্ন নেতা আছিল, যাৰ নেতৃত্বত ভাৰত-ইউএইৰ সম্পৰ্ক সমৃদ্ধ হৈছিল।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগৰ খবৰ লাভ কৰি মই মৰ্মাহত হৈছো। তেওঁ এগৰাকী মহান ৰাষ্ট্ৰনেতা আৰু দূৰদৃষ্টিসম্পন্ন নেতা আছিল, যাৰ নেতৃত্বত ভাৰত-ইউএইৰ সম্পৰ্ক সমৃদ্ধ হৈছিল। এই দুখৰ মুহূৰ্তত ইউএইৰ জনতাৰ সৈতে ভাৰতবাসীয়েও সমবেদনা জনাইছে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো।”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1825647) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam