প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দ্বিতীয় গোলকীয় কোভিড ভাৰ্চুৱেল সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

Posted On: 12 MAY 2022 8:18PM by PIB Guwahati

ৰাষ্ট্ৰপতি বাইডেন

উপ-ৰাষ্ট্ৰপতি হেৰিছ

মহামান্যসকল,

নমস্কাৰ!

কোভিড মহামাৰীয়ে জীৱন, যোগান শৃংখলাত ব্যাঘাত অব্যাহত ৰাখিছে আৰু সমাজৰ ধৈৰ্য-দৃঢ়তাৰ পৰীক্ষা লৈ আছে। ভাৰতত আমি মহামাৰীৰ বিৰুদ্ধে এক জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছো। আমি আমাৰ বাৰ্ষিক স্বাস্থ্যসেৱা বাজেটত সৰ্বকালৰ সৰ্বাধিক ধন আৱণ্টন কৰিছো।

আমাৰ টিকাকৰণ কাৰ্যসূচী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। আমি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ, আৰু ৫০ মিলিয়নৰো অধিক শিশুক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছো। ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত চাৰিটা ভেকছিন নিৰ্মাণ কৰিছে আৰু এই বছৰ পাঁচ বিলিয়ন পালি উৎপাদন কৰাৰ সক্ষমতা আছে।

আমি ৯৮খন দেশক দ্বিপাক্ষিক ভাৱে আৰু কোভাক্সৰ জৰিয়তে ২০০ নিযুতৰো অধিক পালি যোগান ধৰিছো। ভাৰতে পৰীক্ষা, চিকিৎসা আৰু ডাটা ব্যৱস্থাপনাৰ বাবে কম ব্যয়ৰ কোভিড প্ৰশমন প্ৰযুক্তি বিকশিত কৰিছে। আমি এই সামৰ্থ্যবোৰ আন দেশলৈও আগবঢ়াইছো। ভাৰতৰ জিনোমিক্স কনচৰ্টিয়ামে ভাইৰাছৰ ওপৰত বিশ্বব্যাপী ডাটাবেছত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। মই ভাগ বতৰা কৰি সুখী যে আমি এই নেটৱৰ্কটো আমাৰ চুবুৰীয়া দেশসমূহলৈ সম্প্ৰসাৰিত কৰিম।

ভাৰতত, আমি আমাৰ পৰম্পৰাগত ঔষধবোৰ ক'ভিডৰ বিৰুদ্ধে যুঁজত পৰিপূৰক হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ, অগণন জীৱন ৰক্ষা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলো। যোৱা মাহত, আমি ভাৰতত ''বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ''ৰ আধাৰশিলা স্থাপন কৰিছিলো, যাৰ উদ্দেশ্য আছিল এই পৰম্পৰাগত জ্ঞান সমগ্ৰ বিশ্বৰ বাবে উপলব্ধ কৰা।

মহামান্য,

এইটো স্পষ্ট যে ভৱিষ্যতৰ স্বাস্থ্যজৰুৰী পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এক সমন্বিত গোলকীয় সঁহাৰিৰ প্ৰয়োজন। আমি এক স্থিতিস্থাপক গোলকীয় যোগান শৃংখলা নিৰ্মাণ কৰিব লাগিব আৰু ভেকচিন আৰু ঔষধৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ সক্ষম কৰিব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাক অধিক সংস্কাৰমুখী আৰু শক্তিশালী কৰিব লাগিব।

যোগান শৃংখলাবোৰ স্থিৰ আৰু অনুমানযোগ্য কৰি ৰাখিবলৈ আমি ভেকছিন আৰু থেৰাপিউটিক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন প্ৰক্ৰিয়াৰ বাবেও আহ্বান জনাইছো। বিশ্ব সম্প্ৰদায়ৰ এজন দায়িত্বশীল সদস্য হিচাপে, ভাৰতে এই প্ৰচেষ্টাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু।


ধন্যবাদ।

বহুত ধন্যবাদ।

***

 DS/ST/MS 



(Release ID: 1825406) Visitor Counter : 109