প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লুম্বিনী, নেপাল ভ্ৰমণ (১৬ মে', ২০২২)

Posted On: 12 MAY 2022 7:09PM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে' ২০২২ত বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শেৰ বাহাদুৰ দেউবাৰ নিমন্ত্ৰণত লুম্বিনী আনুষ্ঠানিক ভ্ৰমণ কৰিব। এয়া ২০১৪ চনৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্চম নেপাল ভ্ৰমণ হ'ব।

লুম্বিনীত প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ মায়াদেৱী মন্দিৰত পূজা-অৰ্চনা কৰিবলৈ যাব। প্রধানমন্ত্রীয়ে নেপাল চৰকাৰৰ তত্বাৱধানত লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্টৰ দ্বাৰা আয়োজন কৰিবলগীয়া বুদ্ধ জয়ন্তী কাৰ্যক্ৰমতো ভাষণ দিব। ইয়াৰ লগতে পৃথকে অনুষ্ঠিত এটা কাৰ্যক্ৰমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে লুম্বিনী মঠ ক্ষেত্ৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘ (আইবিচি), নতুন দিল্লীৰ এক ভূখণ্ডত বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ বাবে এটা কেন্দ্ৰৰ নিৰ্মাণৰ বাবে 'শিলান্যাস' সমাৰোহত ভাগ ল'ব। দুয়োজন প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক বৈঠকো হ'ব।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ এই ভ্ৰমণে আমাৰ 'চুবুৰীয়া প্ৰথম' নীতক আগবঢ়াই ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চস্তৰীয় আদান-প্ৰদানৰ পৰম্পৰা অব্যাহত ৰাখিব। এই ভ্ৰমণে দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক সভ্যতাৰ ঐতিহ্যক ৰেখাংকিত কৰিছে।

 

***

 

DS/AK



(Release ID: 1825157) Visitor Counter : 106