প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফিনলেণ্ডৰ প্রধানমন্ত্রীৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

Posted On: 04 MAY 2022 4:35PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দ্বিতীয় ভাৰত-নর্ডিক সন্মিলন সমান্তৰালভাৱে ফিনলেণ্ডৰ প্রধানমন্ত্রী শ্ৰীমতী ছান্না মাৰিনৰ সৈতে এক বৈঠকত মিলিত হয়৷ দুয়োগৰাকী প্রধানমন্ত্রীৰ এয়াই প্রথম মুখামুখী সাক্ষাৎ৷

দুয়োগৰাকী প্রধানমন্ত্রীয়ে ২০২১ বৰ্ষৰ ১৬ মার্চত দ্বিপাক্ষিক ভাৰ্চুৱেল সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ অগ্রগতিক লৈ সন্তোষ প্রকাশ কৰে৷

দুয়োগৰাকী প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক অংশীদাৰিত্বত বিজ্ঞান আৰু শিক্ষা ক্ষেত্রত ডিজিটাইজেচন আৰু সহযোগিতাৰ দৰে বিষয়সমূহক গুৰুত্বপূর্ণ স্তম্ভ বুলি উল্লেখ কৰে৷ বৈঠকত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নতুন আৰু উদ্ভাৱনী প্রযুক্তি যেনে–কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, ভৱিষ্যৎ ম’বাইল প্রযুক্তি, পৰিৱেশ অনুকূল প্রযুক্তি আৰু স্মার্ট গ্রিডৰ দৰে বিষয়সমূহত সহযোগিতা আৰু অধিক সম্প্রসাৰিত কৰাৰ সা-সুবিধাক সন্দৰ্ভত আলোচনা কৰে৷

প্রধানমন্ত্রী মোদীয়ে ফিনলেণ্ডৰ সংস্থাসমূহক ভাৰতীয় সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিবলৈ ভাৰতৰ বজাৰত, বিশেষকৈ টেলিযোগাযোগ আন্তঃগাঁথনি আৰু ডিজিটেল ক্ষেত্রত যি বৃহৎ সুযোগ আছে, সেয়া গ্রহণ কৰিবলৈ আমন্ত্রণ জনায়৷

দুয়োগৰাকী প্রধানমন্ত্রীৰ মাজত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলীৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সহযোগিতা আৰু অধিক নিবিড় কৰি তোলাৰ সন্দৰ্ভত আলোচনা হয়।

.

***

DS/BM/DB



(Release ID: 1822865) Visitor Counter : 119