কেবিনেট

খাৰিফ শস্যৰ বাবে (০১.০৪.২০২২ৰ পৰা ৩০.০৯.২০২২লৈকে) ফছফেটিক আৰু পটাশিক (পি এণ্ড কে) সাৰৰ বাবে পুষ্টিভিত্তিক ৰাজসাহাৰ্য (এনবিএছ)ৰ হাৰত অনুমোদন কেবিনেটৰ


২০২২ চনৰ খাৰিফ শস্যৰ বাবে এনবিএছৰ বাবদ ৬০,৯৩৯.২৯ কোটি টকাৰ ৰাজসাহাৰ্যত অনুমোদন কেবিনেটৰ

পূৰ্বৰ বছৰৰ তুলনাত বেগে প্ৰতি ৰাজসাহাৰ্যৰ হাৰ ৫০শতাংশ বৃদ্ধি পাইছে

Posted On: 27 APR 2022 4:52PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত খাৰিফ শস্যৰ বাবে (০১.০৪.২০২২ৰ পৰা ৩০.০৯.২০২২লৈকে) ফছফেটিক আৰু পটাশিক (পি এণ্ড কে) সাৰৰ বাবে পুষ্টিভিত্তিক ৰাজসাহাৰ্য (এনবিএছ)ৰ হাৰত অনুমোদন জনাইছে।

 

বিত্তীয় প্রভাৱঃ

 

২০২২ চনৰ খাৰিফ শস্যৰ বাবে এনবিএছৰ বাবদ কেন্দ্রীয় কেবিনেটে ৬০,৯৩৯.২৯ কোটি টকাৰ ৰাজসাহাৰ্য অনুমোদন জনাইছে। এই ৰাজসাহাৰ্যৰ ভিতৰত আছে সামগ্ৰী পৰিবহণৰ ৰাজসাহাৰ্য, দেশীয় সাৰৰ ক্ষেত্রত অতিৰিক্ত সহায় আৰু ডাই-এমোনিয়াম ফছফেট (ডিএপি) আমদানিৰ বাবদ ব্যয় উল্লেখযোগ্য৷

 

সুবিধাঃ

 

ডিএপি আৰু ইয়াৰ কেঁচামালৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধিৰ ফলত সাৰৰ দাম বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় কেবিনেটে সিদ্ধান্ত লৈছে যে বর্তমান সাৰৰ বেগে প্ৰতি ১,৬৫০ টকাৰ পৰিৱর্তে ২,৫০১ টকা ৰাজসাহাৰ্য প্ৰদান কৰা হ’ব। অর্থাৎ বিগত বৰ্ষৰ তুলনাত ৰাজসাহাৰ্যৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিএপি আৰু ইয়াৰ কেঁচামালৰ দাম প্রায় ৮০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত কৃষকসকলে প্রজ্ঞাপিত পি এণ্ড কে সাৰ ৰাজসাহাৰ্য মূল্য লাভ কৰিব৷ তেওঁলোকে কম মূল্যত এই সাৰ ক্ৰয় কৰাৰ সুযোগ পোৱাৰ ফলত কৃষি ক্ষেত্রত সুবিধা হ’ব৷

 

ৰূপায়ণৰ কৌশল আৰুক্ষ্যঃ

 

২০২২ৰ খাৰিফ শস্যৰ বতৰত এনবিএছৰ হাৰত পি এণ্ড কে সাৰ দিয়াৰ ফলত কৃষকসকলে সহজে কম মূল্যত সাৰ কিনিব পাৰিব৷

 

***

DS/DB



(Release ID: 1821103) Visitor Counter : 157