প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন প্রধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
11 APR 2022 11:11PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন জনায়৷ শ্রী মোদীয়ে কয় যে সন্ত্রাসমুক্ত অঞ্চল গঢ়ি তুলি ভাৰতে শান্তিপূর্ণ আৰু সুস্থিৰতা বজাই ৰখাৰ প্ৰতি আগ্রহী, যাতে দুয়োখন দেশে উন্নয়নমূলক প্ৰত্যাহ্বানসমূহত আৰু অধিক গুৰুত্ব দিব পাৰে।
এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, "পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন জনাইছো। সন্ত্রাসমুক্ত অঞ্চল গঢ়ি তোলাত ভাৰতে শান্তিপূর্ণ আৰু সুস্থিৰতা বজাই ৰখাৰ প্ৰতি আগ্রহী, যাতে দুয়োখন দেশে উন্নয়নমূলক প্ৰত্যাহ্বানসমূহত আৰু অধিক গুৰুত্ব দিয়াৰ লগতে আমাৰ জনসাধাৰণৰ কল্যাণ আৰু সমৃদ্ধি সুনিশ্চিত কৰিব পৰা যায়।"
***
DS/ST/DB
(ৰিলিজ আই ডি : 1817435)
অতিথি কক্ষ : 219
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam