কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

জৰিমনা অবিহনে অ-কাৰ্য্যকৰী কয়লা খনিসমূহৰ সমৰ্পণৰ বাবে চৰকাৰী কোম্পানীসমূহলৈ ওৱান-টাইম উইণ্ড’ প্ৰদানত অনুমোদন কেবিনেটৰ


বৰ্তমানৰ নিলাম নীতি অনুসৰি পিএছইউসহ কেইবাটাও কয়লা খনি মুকলি আৰু নিলাম কৰাৰ সম্ভাৱনা

Posted On: 08 APR 2022 4:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি কেন্দ্ৰীয় আৰু ৰাজ্যিক পিএছইউসমূহক জৰিমনা অবিহনে (বেংক গেৰান্টি বাজেয়াপ্ত) আৰু কোনো কাৰণ নদৰ্শোৱাকৈ অ-কাৰ্য্যকৰী খনিসমূহ সমৰ্পণৰ বাবে ওৱান-টাইম উইণ্ড’ প্ৰদানত কয়লা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনালে। ই কেইবাটাও কয়লা খনি মুকলি কৰিব পাৰে যিসমূহ বৰ্তমানৰ চৰকাৰী পিএছইউ অংশীদাৰ (allottee) সকলে বিকাশ সাধন কৰাৰ অৱস্থাত নাই বা নিৰুৎসাহী আৰু বৰ্তমানৰ নিলাম নীতি অনুসৰি নিলাম কৰিব পাৰি। অনুমোদিত সমৰ্পণ নীতি প্ৰকাশৰ তাৰিখৰপৰা কয়লা খনিসমূহ সমৰ্পণলৈকে অংশীদাৰ চৰকাৰী কোম্পানীসমূহক তিনি মাহ সময় প্ৰদান কৰা হ'ব।

২০১৪ ত উচ্চতম ন্যায়ালয়ে কয়লা ব্লকসমূহ বাতিল কৰাৰ পিছত, তাপ বিদ্যুৎ প্ৰকল্পসমূহলৈ কয়লা ৰপ্তানিৰ তাৎক্ষণিক ব্যাহতকৰণ প্ৰতিহত কৰিবলৈ, চৰকাৰখনে আবন্টন পথ (allotment route) ত ৰাজ্যিক আৰু কেন্দ্ৰীয় পিএছইউসমূহক একাধিক বাতিল কৰা কয়লা ব্লক আবন্টন জনাইছে। আবন্টনৰ পথটো দ্ৰুত আছিল আৰু ৰাজ্যিক জেইএনচিঅ' (GENCO) ৰ কয়লাৰ প্ৰয়োজনীয়তা সেই ব্লকসমূহৰপৰা পূৰণ হ'ব বুলি আশা কৰা হৈছিল। ৰাজ্যিক/কেন্দ্ৰীয় পিএছইউসমূহে পৰিশোধ কৰিবলগীয়া ৰাজহ অংশ প্ৰতি টন হিচাপত নিৰ্ধাৰণৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বাবে নিবিদাৰ ব্যৱস্থা কৰা হয়। সেই সময়ত কয়লা ব্লকসমূহৰ আবন্টনৰ প্ৰসংগৰ পৰিপ্ৰেক্ষিতত, কয়লা ব্লকসমূহৰ কাৰ্য্যকৰীকৰণৰ বাবে সময়সীমা সন্দৰ্ভত চৰ্তৰাজি অতিশয় কঠোৰ আৰু দৃঢ় আছিল যে সফল অংশীদাৰ বা মনোনীত কৰ্তৃপক্ষৰ ওচৰত কোনো ধৰণৰ শিথিলতা নাছিল। কয়লা খনিসমূহৰ কাৰ্য্যকৰীকৰণত পলম হোৱাৰ বাবে দণ্ডিতকৰণৰ পৰিণতিত বিবাদ আৰু আদালতৰ গোচৰ তৰা হৈছে।

ডিচেম্বৰ-২০২১ লৈকে, চৰকাৰী কোম্পানীসমূহক আবন্টন জনোৱা ৭৩ টা কয়লা খনিৰ ভিতৰত ৪৫ টা অকাৰ্য্যকৰী হৈ আছে আৰু ইতিমধ্যে ১৯ টা কয়লা খনিৰ ক্ষেত্ৰত খনন কাৰ্য্য আৰম্ভৰ নিৰ্ধাৰিত তাৰিখ পাৰ হৈ গৈছে। বিলম্বৰ কাৰণ আছিল অংশগ্ৰহণকাৰীসকল নিয়ন্ত্ৰণৰ বাহিৰত থকা, উদাহৰণস্বৰূপে, আইন-শৃংখলাৰ সমস্যা; পূৰ্বে ঘোষণা কৰা অৰণ্যৰ এলেকা বৃদ্ধি; ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে ভূ-ধাৰকসকলৰ প্ৰতিৰোধ; কয়লা সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত ভূতাত্ত্বিক বৈপৰীত্য।

কয়লা খণ্ড দেশখনৰ শক্তি সুৰক্ষাৰ এক চাবিকাঠি। অনুমোদনৰ ক্ষেত্ৰত, পূৰ্বে আবন্টিত উৎকৃষ্ট মানদণ্ডৰ কয়লা খণ্ডসমূহ কাৰিকৰী অসুবিধা দূৰ আৰু সীমা অভিযোজনাৰ পিছত ক্ষীপ্ৰতাৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু শেহতীয়াকৈ আৰম্ভ কৰা বাণিজ্যিক কয়লা খনিসমূহৰ নিলাম নীতিৰ অধীনত আগ্ৰহী পক্ষসমূহক আগবঢ়োৱা হয়। কয়লা ব্লকসমূহৰ আগতীয়া কাৰ্য্যকৰীকৰণে নিয়োগ সৃষ্টি, বিনিয়োগ বৃদ্ধি কৰিব, দেশখনৰ পিছপৰা অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নলৈ বৰঙণি আগবঢ়াব, মোকৰ্দমা হ্ৰাস কৰিব আৰু ইজ অৱ লিভিঙক প্ৰোৎসাহিত কৰিব যাৰ ফলত দেশখনলৈ কয়লাৰ আমদানি হ্ৰাস পাব।

***

DS/SB



(Release ID: 1817428) Visitor Counter : 105