প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় উদ্বোধন কৰে


"এই সংগ্ৰহালয়টো প্ৰতিখন চৰকাৰৰ অংশীদাৰী ঐতিহ্যৰ এক জীৱন্ত প্ৰতিফলন"

"আজাদী কা অমৃত মহোৎসৱৰ সময়ত এই সংগ্ৰহালয়টো এক বিশাল অনুপ্ৰেৰণা হিচাপে প্ৰতিফলিত হৈছে"

"স্বাধীন ভাৰতত গঠন হোৱা প্ৰতিখন চৰকাৰে দেশখনক আজিৰ উচ্চতালৈ লৈ যোৱাত অৰিহণা যোগাইছে। মই এই কথাষাৰ লালকিল্লাৰ পৰাও বহুবাৰ পুনৰাবৃত্তি কৰিছো"

"ই দেশৰ যুৱপ্ৰজন্মক বিশ্বাস প্ৰদান কৰে যে সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা এজন ব্যক্তিয়েও ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত সৰ্বোচ্চ স্থানত উপনীত হ'ব পাৰে"।

"কেইটামান ব্যতিক্ৰমবাদক বাদ দি, গণতান্ত্ৰিক উপায়েৰে গণতন্ত্ৰ শক্তিশালী কৰাৰ ভাৰতৰ এক গৌৰৱান্বিত পৰম্পৰা আছে"

"আজি যেতিয়া এক নতুন বিশ্ব শৃংখলাৰ উদ্ভৱ হৈছে, বিশ্বই ভাৰতক আশা আৰু আত্মবিশ্বাসেৰে প্ৰত্যক্ষ কৰিছে, গতিকে ভাৰতেও এই উপলক্ষে উত্থানৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব"

Posted On: 14 APR 2022 2:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় উদ্বোধন কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি বিভিন্ন উৎসৱ পালন কৰা বুলি উল্লেখ কৰে। তেওঁ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, "যি সংবিধান আছিল বাবাচাহেবৰ মুখ্য স্থপতি, সেই সংবিধানে আমাক সংসদীয় ব্যৱস্থাৰ আধাৰ প্ৰদান কৰিছিল। এই সংসদীয় ব্যৱস্থাৰ মূল দায়িত্ব দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আছে। এইটো মোৰ সৌভাগ্য যে আজি মই প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়টো দেশবাসীক উৎসৰ্গা কৰাৰ সুযোগ পাইছো।" তেওঁ এই উপলক্ষে উপস্থিত থকা অতীতৰ প্ৰধানমন্ত্ৰীসকলৰ পৰিয়ালক সোঁৱৰে কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে, "যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, সেই সময়তে এই সংগ্ৰহালয়টো এক বৃহৎ অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে। এই ৭৫ বছৰত, দেশখনে বহুতো গৌৰৱান্বিত মুহূৰ্ত দেখিছে। ইতিহাসৰ খিৰিকীত এই মুহূৰ্তবোৰৰ গুৰুত্ব অতুলনীয়।"

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছৰে পৰা সকলো চৰকাৰৰ অৱদানৰ প্ৰতি প্ৰশংসা কৰে। তেওঁ কয়, "স্বাধীন ভাৰতত গঠন হোৱা প্ৰতিখন চৰকাৰে দেশখনক আজিৰ উচ্চতালৈ লৈ যোৱাত অৰিহণা যোগাইছে। মই লালকিল্লাৰ পৰাও এই কথাষাৰ বহুবাৰ পুনৰাবৃত্তি কৰিছো।" প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংগ্ৰহালয়টো প্ৰতিখন চৰকাৰৰ অংশীদাৰী ঐতিহ্যৰ জীৱন্ত প্ৰতিফলন হৈ পৰিছে", সাংবিধানিক গণতন্ত্ৰৰ লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে যথেষ্ট অৰিহণা যোগাইছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। "তেওঁলোকক মনত ৰখাটো হৈছে স্বাধীন ভাৰতৰ যাত্ৰাৰ বিষয়ে অৱগত হোৱাটো। ইয়ালৈ অহা লোকসকলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অৱদান, তেওঁলোকৰ পৃষ্ঠভূমি, তেওঁলোকৰ সংগ্ৰাম আৰু সৃষ্টিৰ সৈতে পৰিচিত হ'ব", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰে যে বহুতো প্ৰধানমন্ত্ৰী সাধাৰণ পৰিয়ালৰ পৰা আহিছে। অত্যন্ত দৰিদ্ৰ, কৃষক পৰিয়ালৰ পৰা অহা এনে নেতাসকলে প্ৰধানমন্ত্ৰীৰ পদত উপনীত হোৱাৰ সত্যতাই ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ পৰম্পৰাৰ ওপৰত বিশ্বাস শক্তিশালী কৰে, তেওঁ কয়।  "ই দেশৰ যুৱপ্ৰজন্মক বিশ্বাস প্ৰদান কৰে যে সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ব্যক্তিয়েও ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সৰ্বোচ্চ স্থানত উপনীত হ'ব পাৰে", শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই সংগ্ৰহালয়টোৱে যুৱ প্ৰজন্মৰ অভিজ্ঞতা সম্প্ৰসাৰিত কৰিব। স্বাধীন ভাৰতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ বিষয়ে আমাৰ যুৱপ্ৰজন্মই যিমানে জানে, সিমানেই তেওঁলোকৰ সিদ্ধান্ত অধিক প্ৰাসংগিক হ'ব, তেওঁ কয়।

গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ মৰ্যাদা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ গণতন্ত্ৰৰ ডাঙৰ বৈশিষ্ট্য হৈছে যে সময়ৰ লগে লগে ই নিৰন্তৰে পৰিৱৰ্তন হৈ আহিছে। প্ৰতিটো যুগতে, প্ৰতিটো প্ৰজন্মতে, গণতন্ত্ৰক অধিক আধুনিক আৰু শক্তিশালী কৰাৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলি আহিছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে কেইটামান ব্যতিক্ৰমক বাদ দি ভাৰতৰ গণতান্ত্ৰিক উপায়েৰে গণতন্ত্ৰ শক্তিশালী কৰাৰ গৌৰৱান্বিত পৰম্পৰা আছে। "সেয়েহে আমাৰ প্ৰচেষ্টাৰে গণতন্ত্ৰ শক্তিশালী কৰি ৰখাৰ দায়িত্বও আমাৰ আছে", তেওঁ লগতে কয়। ভাৰতীয় সংস্কৃতিৰ সামগ্ৰিক আৰু সুবিধাজনক উপাদানসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে আমাৰ গণতন্ত্ৰই আমাক আধুনিকতা আৰু নতুন চিন্তাধাৰা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু গৌৰৱোজ্জল যুগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ঐতিহ্য আৰু বৰ্তমানৰ সঠিক ছবি সম্পৰ্কে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  তেওঁ কয় যে বিদেশৰ পৰা চুৰি হোৱা ঐতিহ্য ঘূৰাই অনা, গৌৰৱময় ঐতিহ্যৰ স্থান উদযাপন কৰা, জালিয়ানৱালাবাগ মেম'ৰিয়েল, পঞ্চ তীৰ্থৰ দৰে ঠাইত বাবাচাহেবৰ স্মৃতি সংৰক্ষণ, স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি সংৰক্ষণ, স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়, জনজাতীয় ইতিহাস সংগ্ৰহালয় আদি স্থাপনত চৰকাৰৰ প্ৰচেষ্টাই সেই দিশৰ পদক্ষেপ কথা উনুকিয়াইছে।

চক্ৰটো বহু হাতে ধৰি থকা থকা সংগ্ৰহালয়টোৰ ল’গ’ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চক্ৰ হৈছে ২৪ ঘণ্টাৰ ধাৰাবাহিকতা আৰু সমৃদ্ধি তথা কঠোৰ পৰিশ্ৰমৰ সংকল্পৰ প্ৰতীক। এই সংকল্প, চেতনা আৰু শক্তিয়ে অহা ২৫ বছৰত ভাৰতৰ উন্নয়নৰ সংজ্ঞা দিব বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে পৰিৱৰ্তনশীল বিশ্ব শৃংখলা আৰু সেই ক্ৰমত ভাৰতৰ বৰ্ধিত স্থিতিৰ কথা উল্লেখ কৰে। "আজি যেতিয়া এক নতুন বিশ্ব শৃংখলাৰ উদ্ভৱ হৈছে, বিশ্বই ভাৰতক আশা আৰু আত্মবিশ্বাসেৰে প্ৰত্যক্ষ আছে, গতিকে ভাৰতেও এই উপলক্ষে উত্থানৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব", শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।

***

DS/MANN



(Release ID: 1817173) Visitor Counter : 115