প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাছিয়ান ফেডাৰেশ্যনৰ বৈদেশিক মন্ত্ৰী মহামহিম সেৰ্গেই লাভৰভৰ

Posted On: 01 APR 2022 7:01PM by PIB Guwahati

ৰাছিয়ান ফেডাৰেশ্যনৰ বৈদেশিক মন্ত্ৰী মহামহিম সেৰ্গেই লাভৰভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

বৈদেশিক মন্ত্ৰী লাভৰভে প্ৰধানমন্ত্ৰীগৰাকীক চলিত শান্তি আলোচনাকে ধৰি ইউক্ৰেইনৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই হিংসা পৰিহাৰৰ আহ্বানৰ কথা পুনৰ দোহাৰে আৰু শান্তি প্ৰচেষ্টাত সকলো ধৰণৰ বৰঙণি আগবঢ়াবলৈ ভাৰতৰ সচেষ্টতাৰ কথা ব্যক্ত কৰে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনে ২০২১ ৰ ডিচেম্বৰত অনুষ্ঠিত ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তৰাজিৰ অগ্ৰগতি সম্পৰ্কেও প্ৰধানমন্ত্ৰীক অৱগত কৰে।

 

***

DS/LP/AK/SB



(Release ID: 1814021) Visitor Counter : 108