প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম নাফটালি বেনেটৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 04 APR 2022 6:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম নাফটালি বেনেটৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে মহামহিম বেনেটক ক’ভিড-১৯ ৰপৰা ক্ষীপ্ৰতাৰে আৰোগ্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে তদুপৰি ইজৰাইলত শেহতীয়াভাৱে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

নেতাদ্বয়ে ইউক্ৰেইনৰ পৰিস্থিতিকে প্ৰমুখ্য কৰি শেহতীয়া ভূ-ৰাজনৈতিক প্ৰসংগত সংঘটিত ঘটনাৰাজি সম্পৰ্কে বিতংকৈ আলোচনা কৰে। তেওঁলোকে তদুপৰি অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাৰ পদক্ষেপৰাজিৰো পৰ্য্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামহিম বেনেটক অতি সোনকালেই ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

***

DS/SH/SB



(Release ID: 1813527) Visitor Counter : 107