প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চতুর্দশ ভাৰত–জাপান বার্ষিক সন্মিলন (১৯মার্চ, ২০২২; নতুন দিল্লী)

Posted On: 17 MAR 2022 8:30PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণ ক্ৰমে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত কিশিদা ফুমিঅ’ই চতুর্দশ ভাৰত – জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ১৯ মার্চ, ২০২২ত নতুন দিল্লীলৈ আহিব৷ দুয়োগৰাকী নেতাৰ মাজত এয়াই প্রথম সন্মিলন। ইয়াৰ পূৰ্বে ২০১৮ চনৰ অক্টোবৰ মাহত টকিঅ’ত ভাৰত–জাপান বার্ষিক সন্মিলন অনুষ্ঠিত হৈছিল।

বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ভাৱনাত ভাৰত আৰু জাপানৰ মাজত বহুস্তৰীয় সহযোগিতা আছে। এই সন্মিলনত দুয়ো পক্ষক বিভিন্ন ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাৰ মূল্যায়ন কৰাত সাহায্য কৰিব আৰু এই সহযোগিতা আৰু অধিক সুদৃঢ় হ’ব। ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ভৌগোলিক সীমা পাৰ হৈ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে এই অংশীদাৰিত্বক আৰু অধিক শক্তিশালী হ’ব৷ সন্মিলনত উভয় পক্ষই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰিব৷

.

***

DS/AK/DB



(Release ID: 1811785) Visitor Counter : 88