প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এবছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰাৰ বাবে গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ(জিইএম)ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
24 MAR 2022 9:25AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১-২২ বিত্তীয় বৰ্ষত এটা বছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰাৰ বাবে গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ(জিইএম)ক প্ৰশংসা কৰিছে৷ তেওঁ লগতে কয় যে জিইএম প্লেটফৰ্মে বিশেষভাৱে এমএছএমই খণ্ডক সবলীকৰণ কৰিছে, য’ৰ ৫৭শতাংশ অৰ্ডাৰেই এমএছএমই খণ্ডৰ পৰা আহিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জানিবলৈ পাই সুখী হৈছো যে @GeM_Indiaই এবছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰিছে৷ এয়া পূৰ্বৰ বৰ্ষৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে৷ জিইএম প্লেটফৰ্মে বিশেষভাৱে এমএছএমই খণ্ডক সবলীকৰণ কৰিছে, য’ৰ ৫৭শতাংশ অৰ্ডাৰেই এমএছএমই খণ্ডৰ পৰা আহিছে৷”
***
DS/ST/DB
(Release ID: 1809526)
Visitor Counter : 154
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam