আয়ুষ
যোগ চৰ্চা আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্রত বিশ্বৰ অগ্রণী হিচাপে ভাৰত সঠিক স্থানত আছেঃ সর্বানন্দ সোণোৱাল
অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ১০০ দিনৰ কাউণ্টডাউনৰ শুভাৰম্ভ কৰিলে আয়ুষ মন্ত্ৰালয়ে
Posted On:
13 MAR 2022 4:34PM by PIB Guwahati
কেন্দ্রীয় আয়ুষ, বন্দৰ, জাহাজ আৰু জলপৰিবহণ মন্ত্রী শ্রী সর্বানন্দ সোণোৱালে আজি নতুন দিল্লীত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২২ উদযাপনৰ বাবে ১০০ দিনৰ কাউণ্টডাউনৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে তেওঁ যোগ মহোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমন্ত্রী শ্রী মনোহৰ লাল খট্টৰ, ছিকিমৰ মুখ্যমন্ত্রী শ্রী প্রেমসিং তামাং, কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী শ্রী ভূপেন্দৰ যাদৱ, আয়ুষ বিভাগৰ ৰাজ্যিকমন্ত্রী ড০ মুঞ্জাপাৰা মহেন্দ্রভাইকে ধৰি বৈদেশিক আৰু সাংস্কৃতিৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রীমতী মীনাক্ষী লেখি, ঋষিকেশৰ পৰমার্থ নিকেতনৰ সভাপতি স্বামী চিদানন্দ সৰস্বতী জীও উপস্থিত থাকে৷
এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ মূল মন্ত্ৰৰে সমগ্ৰ বিশ্বজুৰি অহা ২১জুনলৈকে ১০০ দিন, ১০০খন চহৰ আৰু ১০০টা সংগঠনে গুৰুত্ব লাভ কৰিছে৷ প্রথমবাৰলৈ আজাদী কা অমৃত মহোৎসৱ উদযাপন উপলক্ষে ২১ জুনত এই অভিযানৰ অংশ হিচাপে দেশৰ ৭৫টা ঐতিহ্যপূৰ্ণ/গুৰুত্বপূর্ণ সাংস্কৃতিক কেন্দ্ৰত যোগ প্রদর্শন কৰা হ’ব৷ দেশ-বিদেশত এই অভিযানত যোগ চর্চা, কর্মশালা, আলোচনা-চক্ৰও আয়োজন কৰা হৈছে। তদুপৰি, মন্ত্ৰালয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ ম’বাইল যোগ এপ, নমস্তে এপ আৰু ৱাই-ব্রেক এপ ব্যবহাৰৰ উপযোগিতা প্রচাৰ কৰিব৷ ভাৰত চৰকাৰৰ মাই গভ প্লেটফর্মত একাধিক নাগৰিককেন্দ্রিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ ইয়াৰ ভিতৰত আছে আলোকচিত্র প্রতিযোগিতা, কুঁইজ, আলোচনা-চক্ৰ, শপত গ্রহণ আদি।
যোগ মহোৎসৱৰ শুভাৰম্ভ কৰি মন্ত্ৰী সোণোৱালে কয় যে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সু-স্বাস্থ্য আৰু ৰোগ নিৰাময় তথা সমগ্ৰ বিশ্বজুৰি শান্তিৰ প্রসাৰত আমাক জন আন্দোলন গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছে। উল্লেখ্য যে ১০০ দিনৰ কাউণ্টডাউনৰ জৰিয়তে এইবাৰৰ যোগ দিৱস উদযাপনৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্রটো ভাৰতত নিৰ্মাণ কৰা হৈছে। যোগ চর্চাৰ প্রাচীন জ্ঞান আৰু সু-স্বাস্থ্য বজাই ৰখাৰ পদ্ধতি সম্বলিত এই কেন্দ্রটোৱে সমগ্ৰ বিশ্বক শান্তি, ৰোগ নিৰাময় আৰু সুলভমূল্যত স্বাস্থ্য সেৱা প্ৰদানৰ পথ প্ৰদৰ্শন কৰিব।
মন্ত্ৰী সোণোৱালে লগতে কয় যে প্রধানমন্ত্রী মোদীৰ সুদক্ষ নেতৃত্বত ২০১৫চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন, এক জন আন্দোলনে পৰিণত হৈছে। কেৱল ইমানেই নহয়, এই আন্দোলন সমগ্ৰ বিশ্বত সর্ববৃহৎ গণ উদ্যোগত পৰিণত হৈছে, য’ত ২৫ কোটিৰো অধিক লোকে যোগ চর্চাত অংশগ্ৰহণ কৰিছে৷ আয়ুষ মন্ত্ৰালয়ে বিশ্ব শান্তিৰ প্রসাৰত যোগক ভাৰতীয় ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ একাধিক পদক্ষেপ হাতত লৈছে। এক ভাৰত শ্রেষ্ঠ ভাৰত মানসিকতাৰ প্রসাৰৰ বাবেই এই প্ৰচেষ্টা লোৱা হৈছে৷
অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমন্ত্রী খট্টৰে কয় যে যোগ আয়োগ গঠন কৰা হাৰিয়ানা হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য৷ কুৰুক্ষেত্রত ১০০একৰ ভূমিত আয়ুষ বিশ্ববিদ্যালয় নিৰ্মাণ প্রক্রিয়া আৰম্ভ হৈছে বুলিও তেওঁ সদৰি কৰে৷
অনুষ্ঠানত ছিকিমৰ মুখ্যমন্ত্রী তামাঙে ৰাজ্যখনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক যোগ আৰু ধ্যান প্রতিষ্ঠান গঢ়ি তোলাৰ প্রস্তাৱ দিয়ে৷
কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদৱে কয় যে পৰিৱেশ অনুকূল জীৱন-যাপনৰ ক্ষেত্রত যোগ আৰু আয়ুর্বেদৰ ডাঙৰ ভূমিকা আছে। তেওঁ লগতে কয় যে জৈৱ বৈচিত্র আইন সংশোধন কৰা হৈছে, যাতে আয়ুষ ব্যৱস্থাৰ প্রসাৰত আৰু অধিক সহায়ক হয়। আয়ুষ মন্ত্রীগৰাকীক তেওঁ দেশৰ ৪৯টা চিহ্নিত হ্রদ আৰু ৫২টা ব্যাঘ্র সংৰক্ষণ কেন্দ্রত যোগ কাৰ্যসূচী আয়োজন কৰিবলৈ অনুৰোধ জনায়৷
অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই বর্তমান পৰিস্থিতিত যোগ চৰ্চাৰ উপকাৰিতাৰ এটা উদাহৰণ দি কয় যে নতুন দিল্লীৰ এইমছে সার্বজনীন স্বাস্থ্য ব্যৱস্থায় যোগ চৰ্চাৰ উপকাৰিতাৰ খতিয়ান দেখুৱাবলৈ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ এইমছৰ অধ্যয়নত জীমলৈ যোৱাসকলতকৈ যোগ চৰ্চা প্ৰভাৱ অধিক বুলি পৰিলক্ষিত হৈছে৷ জীমলৈ যোৱাসকলৰ ৰজঃ আৰু তমঃ গুণ আহৰণ কৰাৰ বিপৰীতে যোগ চৰ্চা কৰাসকলে সতঃগুণ আহৰণ কৰে৷
******
SK/DB
(Release ID: 1807289)
Visitor Counter : 214