প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউক্ৰেইনত অব্যাহত থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু বিৰাজমান বৈশ্বিক পৰিস্থিতিৰ পৰ্য্যালোচনাৰ অৰ্থে এখনি চিচিএছ বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 MAR 2022 2:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনত অব্যাহত থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু বিৰাজমান বৈশ্বিক পৰিস্থিতিৰ পৰ্য্যালোচনাৰ অৰ্থে এখনি চিচিএছ বৈঠকত পৌৰহিত্য কৰে।

প্ৰধানমন্ত্ৰীগৰাকীক সীমান্ত অঞ্চলৰ লগতে সামুদ্ৰিক আৰু আকাশ ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতিৰ শেহতীয়া অগ্ৰগতি আৰু বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীক ইউক্ৰেইনৰপৰা ভাৰতৰ চুবুৰীয়া দেশসমূহৰ একাংশ নাগৰিকৰ লগতে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে অপাৰেশ্যন গংগাৰ সবিশেষকে ধৰি ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও অৱগত কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে খাৰকিভত মৃত্যুবৰণ কৰা নবীন শেখৰাপ্পাৰ নশ্বৰ দেহ ঘূৰাই আনিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে।

***

DS/AK/SB


(रिलीज़ आईडी: 1806463) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam