গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ বাবে আধুনিকীকৰণ যোজনা- IV অনুমোদন কৰিছে


আধুনিকীকৰণ যোজনা- IV গৃহ মন্ত্ৰালয়ৰ দ্বাৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনত মুঠ ১,৫২৩ কোটি টকাৰ বিত্তীয় ব্যয়েৰে ৰূপায়ণ কৰা হ'ব

যোজনাৰ ৰূপায়ণৰ জৰিয়তে চিএপিএফৰ সামগ্ৰিক পৰিচালন দক্ষতা/প্ৰস্তুতিত সংস্কাৰ সাধনত সহায় হ'ব

Posted On: 04 MAR 2022 11:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনী (চিএপিএফ)ৰ বাবে আধুনিকীকৰণ যোজনা- IIIৰ পিছত "চিএপিএফৰ বাবে আধুনিকীকৰণ যোজনা- IV"ক অনুমোদন জনাইছে। এই যোজনা ১-০২-২০২২ৰ পৰা ৩১-০৩-২০২৬লৈকে বলৱৎ কৰা হ'ব।

 

চিএপিএফৰ বাবে আধুনিকীকৰণ যোজনা- IV কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনত গৃহ মন্ত্ৰালয়ৰ দ্বাৰা মুঠ ১,৫২৩ কোটি টকাৰ বিত্তীয় ব্যয়েৰে ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে চিএপিএফৰ বিভিন্ন ক্ষেত্ৰত উপযোগিতাৰ প্ৰতি মনোযোগ দি, তাৰ পৰিচালন আৱশ্যকতা অনুসৰি অত্যাধুনিক হাথিয়াৰ আৰু উপকৰণেৰে সুসজ্জিত কৰা হ'ব। ইয়াৰ উপৰিও, চিএপিএফক উন্নত আইটি সমাধানো প্ৰদান কৰা হ'ব।

 

যোজনাৰ ৰূপায়ণৰ জৰিয়তে চিএপিএফক সামগ্ৰিক পৰিচালন দক্ষতা/প্ৰস্তুতিত সংস্কাৰ সাধনত সহায় হ'ব, যাৰ ফলত দেশত আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। এই আন্তঃৰাষ্ট্ৰীয় সীমা/এলঅ'চি/এলএচিৰ লগতে বিভিন্ন ক্ষেত্ৰ, যেনে বামপন্থী উগ্ৰপন্থাৰে প্ৰভাৱিত ক্ষেত্ৰ, জম্মু আৰু কাশ্মীৰৰ দৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ, লাডাখ আৰু উগ্ৰপন্থাৰে প্ৰভাৱিত পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ চৰকাৰৰ ক্ষমতা শক্তিশালী কৰিব।

 

***



(Release ID: 1803399) Visitor Counter : 170