প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু ৰোমানিয়াৰ প্রধানমন্ত্রী মিঃ নিকোলাই – আয়োলেন চুকাৰ মাজত টেলিফোনত কথা হয়

Posted On: 28 FEB 2022 10:11PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ৰোমানিয়াৰ প্রধানমন্ত্রী মিঃ নিকোলাই – আয়োলেন চুকাৰ সৈতে টেলিফোনত কথা পাতে। ইউক্রেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ বাবে যোৱা কেইবাদিনো ধৰি ৰোমানিয়াই যেনেদৰে সহায় কৰিছে, প্রধানমন্ত্রীয়ে তাৰ বাবে মিঃ চুকাক ধন্যবাদ জনাইছে। বিশেষকৈ ভিছা নোহোৱাকৈ ভাৰতীয় নাগৰিকসকলক ৰোমানিয়াত প্রৱেশ আৰু সেই দেশৰ পৰা ভাৰতৰ  বিমানত উঠাৰ সুযোগ কৰি দিয়াত প্রধানমন্ত্রীয়ে ৰোমানিয়া কর্তৃপক্ষৰ প্রশংসা কৰিছে।

    

শ্রী মোদীয়ে এই প্রসঙ্গত মিঃ চুকাক জনায় যে তেওঁৰ বিশেষ দূত হিচাপে অসামৰিক বিমান চলাচল মন্ত্রী শ্রী জ্যোতিৰাদিত্য এম সিন্ধিয়াক পঠোৱা হৈছে। অহা কেইবাদিনো ধৰি ভাৰতীয় নাগৰিকসকলক দেশলৈ ওভতাই অনাৰ উদ্যোগ তত্ত্বাৱধানৰ বাবে শ্রী সিন্ধিয়াই  ৰোমানিয়াৰ স্থানীয় কর্তৃপক্ষৰ সৈতে একেলগে কাম কৰিব।

 

ইউক্রেইনত আক্ৰমণৰ ঘটনাৰ ফলত উদ্ভুত মানৱ সভ্যতাৰ সঙ্কটময় পৰিস্থিতিত প্রধানমন্ত্রীয়ে ক্ষোভ প্রকাশ কৰিছে। সংঘর্ষ বন্ধ কৰি আলোচনা আৰম্ভ কৰাৰ বাবে ভাৰতৰ অৱস্থানৰ কথা তেওঁ আকৌ উল্লেখ কৰে। শ্রী মোদীয়ে জোৰ দি কয় যে প্রতিখন দেশে এখনে আনখনৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনোৱা উচিত।

 

***

 

DS/AK



(Release ID: 1802544) Visitor Counter : 136