প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক


‘পিএমএনআৰএফ’-ৰ পৰা হতাহতলৈ এককালীন সাহায্যৰ অনুমোদন

Posted On: 21 FEB 2022 9:52AM by PIB Guwahati

ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত হতাহত হোৱা সকললৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্যৰো অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনা নিতান্তই বেদনাদায়ক। এই দুৰ্ঘটনাত যি সকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ আত্মীয়সকললৈ মই সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁলোকক এই দুখৰ বোজা বহণ কৰিব পৰাকৈ শক্তি দিয়ক।: প্ৰধানমন্ত্ৰী

“কোটাৰ দুখজনক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী নিহতৰ নিকট আত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহয্য আগবঢ়োৱা হ’ব। আহতসকললৈ আগবঢ়োৱা হব ৫০,০০০টকাকৈ”। : প্ৰধানমন্ত্ৰী

 

***

DS/SH/KB



(Release ID: 1800189) Visitor Counter : 103