কেবিনেট
‘জি-২০’ৰ অধ্যক্ষতাৰ বাবে ভাৰতৰ প্ৰস্তুতি আৰু সচিবালয় স্থাপন তথা ইয়াৰ নিযুক্তি সম্পৰ্কীয় কাম-কাজ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
Posted On:
15 FEB 2022 5:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই আজি ‘জি-২০’ৰ অধ্যক্ষতাৰ বাবে ভাৰতৰ প্ৰস্তুতি আৰু ইয়াৰ সচিবালয় স্থাপন তথা নিযুক্তি সম্পৰ্কীয় কাম-কাজ আৰম্ভ কৰাৰ বাবে অনুমোদন জনায়। ‘জি-২০’ৰ আগন্তুক কাৰ্যকালত অধ্যক্ষৰ ভূমিকাত ভাৰতৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো নীতিগত সিদ্ধান্ত আৰু কাম-কাজসমূহ ৰূপায়ণ কৰাৰ বাবে এই সচিবালয়ে দায়িত্ব বহণ কৰিব।
উল্লেখ্য যে ভৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত ‘জি-২০’ৰ অধ্যক্ষতা কৰিব। ভাৰতত অনুষ্ঠিত হ’ব লগা শীৰ্ষ সন্মিলন এখনৰে ২০২৩ চনত এইটো কাৰ্যকালৰ সামৰণি পৰিব। আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ এক প্ৰসিদ্ধ মঞ্চ হৈছে ‘জি-২০’, যিয়ে বিশ্বৰ অৰ্থনৈতিক প্ৰশাসনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
‘জি-২০’ৰ অধ্যক্ষতাৰে সম্পৰ্কিত মৌলিক/জ্ঞান/সামগ্ৰী, কাৰিকৰী, প্ৰচাৰ মাধ্যম, সুৰক্ষা আৰু ল’জিষ্টিক আদিৰ দৰে বিষয়ৰ কাম-কাজসমূহ সুচাৰুৰূপে সঞ্চালিত কৰাৰ বাবেই ‘জি-২০’ৰ এক সচিবালয় ভাৰতত স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই সচিবালয় বৈদেশিক মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় তথা অন্য আনুষংগিক মন্ত্ৰালয়/বিভাগসমূহৰ বিষয়া তথা কৰ্মচাৰী আৰু এনে কৰ্মক্ষেত্ৰৰ বিশেষজ্ঞমণ্ডলীৰে সঞ্চালিত কৰাৰ দিহা কৰা হ’ব। সচিবালয়টোৱে ২০২৪ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব।
প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন এখন শীৰ্ষ পৰ্যায়ৰ সমিতিয়ে সচিবালয়টোৰ কাম-কাজৰ দিক-দৰ্শন কৰিব।
***
DS/KB
(Release ID: 1798694)
Visitor Counter : 208
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam