প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইচিচি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত জল লাভ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 06 FEB 2022 10:06AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আইচিচিৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত জয় লাভৰ বাবে ভাৰতীয় ক্রিকেট দলক অভিনন্দন জনাইছে৷

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “আমাৰ তৰুণ ক্রিকেটাৰসকলক লৈ অতিশয় গৌৰৱ অনুভৱ কৰিছো৷ আইচিচি ১৯ব্ছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত জয় লাভৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছো৷ সমগ্ৰ প্ৰতিযোগিতাত আমি তেওঁলোকৰ যুঁজাৰু মানসিকতা প্ৰত্যক্ষ কৰিছো৷ সর্বোচ্চ পর্যায়ত তেওঁলোকৰ সুন্দৰ ক্রীড়া নৈপুণ্য দেখিলে এইটো উপলব্ধি হয় যে ভাৰতীয় ক্রিকেটৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সেয়া যোগ্য ব্যক্তিসকলৰ হাততে থাকিব৷”

 

***

DS/SH/DB



(Release ID: 1796067) Visitor Counter : 111