প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩১ জানুৱাৰীত এনচিডব্লিউৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
30 JAN 2022 12:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২ ৰ ৩১ জানুৱাৰীৰ আবেলি ৪:৩০ বজাত ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW) ৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰিব। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে 'ছী দ্য চেঞ্জ মেকাৰ', যাৰ উদ্দেশ্য হৈছে বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ সাফল্যৰাজি উদযাপন কৰা।
ৰাজ্যিক মহিলা আয়োগ, ৰাজ্য চৰকাৰসমূহৰ মহিলা আৰু শিশু বিকাশ বিভাগ, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱী সংগঠন, মহিলা উদ্যোগী আৰু ব্যৱসায়িক সংগঠনসমূহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীয়েও ভাগ ল’ব।
***
DS/SH/SB
(रिलीज़ आईडी: 1793716)
आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam