প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট কথকলি নৃত্য পটিয়সী শ্ৰীমতী মিলেনা সাল্বিনীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 26 JAN 2022 5:32PM by PIB Guwahati

বিশিষ্ট কথকলি নৃত্য পটিয়সী শ্ৰীমতী মিলেনা সাল্বিনীৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতীয় সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীমতী মিলেনা সাল্বিনীক সোৱৰণ কৰা হব। ফ্ৰান্সৰ ইমূৰ-সিমূৰ সামৰি কথকলি নৃত্যক অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁ অহৰহ প্ৰয়াস অব্যাহত ৰাখিছিল। তেওঁৰ মৃত্যুত মই ব্যথিত। শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1793152) आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam