প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ দুৰ্ঘটনাৰ মৃতকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে


প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দুৰ্যোগ কোষৰ পৰা আক্ৰান্তৰ বাবে অনুগ্ৰহ ৰাশিৰ ঘোষণা

प्रविष्टि तिथि: 25 JAN 2022 10:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছেলছুৰাৰ ওচৰত এটা দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আক্ৰান্তসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দুৰ্যোগ কোষৰ পৰা অনুগ্ৰহ ৰাশি দিয়াৰ কথাও ঘোষণা কৰিছে।

 

এলানি টুইটত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৈছে:

 

"মহাৰাষ্ট্ৰত ছেলছুৰাৰ ওচৰত হোৱা দুৰ্ঘটনাত সংঘটিত প্ৰাণহানিৰ ঘটনাত দুখিত। দুখৰ এই সময়ত মোৰ সমবেদনা সেইসকল লোকৰ প্ৰতি, যি নিজৰ প্ৰিয়জনক হেৰুৱালে। মই প্ৰাৰ্থনা কৰিছো যাতে যিসকল লোক আহত হৈছে, তেওঁলোক সোনকালে সুস্থ হওক: প্ৰধানমন্ত্ৰী।

 

প্ৰধানমন্ত্ৰীয়ে ছেলছুৰাৰ ওচৰত হোৱা দুৰ্ঘটনাৰ প্ৰতিজন মৃতকৰ নিকট সম্বন্ধীয়ক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দুৰ্যোগ কোষৰ পৰা দুই-দুই লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। যি আহত হৈছে, তেওঁলোকক ৫০-৫০ হাজাৰকৈ টকা দিয়া হ'ব।"

 

***

DS/SH


(रिलीज़ आईडी: 1792435) आगंतुक पटल : 201
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam