প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২২ জানুৱাৰীত বিভিন্ন জিলাৰ জিলা দণ্ডাধীশসকলৰ সৈতে মনবিনিময় কৰিব


দেশৰ কোনো এটা প্ৰান্ত যাতে উন্নয়নমূলক কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ নৰয়,সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে

এই মত বিনিময়ৰ লক্ষ্য হ’ল জিলা পৰ্যায়ত বিভিন্ন আঁচনিসমূহ তীব্ৰগতিৰে সম্পন্ন কৰা

प्रविष्टि तिथि: 21 JAN 2022 6:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন জিলাৰ জিলা দণ্ডাধীশসকলৰ সৈতে মনবিনিময় কৰিব।

প্ৰধানমন্ত্ৰীয়ে জিলাসমূহত চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ প্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ বিষয়ে পোনপটীয়া মতামত গ্ৰহণ কৰিব। মতবিনিময়ৰ ফলত চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ পাৰদৰ্শিতা আৰু  ৰূপায়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰাত সহায় হ’ব।

দেশৰ কোনো এটা প্ৰান্ত যাতে উন্নয়নমূলক কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ নৰয়,সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে।

এই মত বিনিময়ৰ লক্ষ্য হ’ল জিলা পৰ্যায়ত বিভিন্ন আঁচনিসমূহ তীব্ৰগতিৰে সম্পন্ন কৰা।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ বিকাশ আৰু প্ৰগতিৰ হেঙাৰসমূহ দূৰ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

***

DS/AKJ/MS


(रिलीज़ आईडी: 1792014) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam