প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা দিৱসত এনডিআৰএফ দলক অভিনন্দন জ্ঞাপন কৰে

प्रविष्टि तिथि: 19 JAN 2022 10:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰ দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এলানি টুইটত কয়ঃ

"প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰকঠোৰপৰিশ্ৰমী দলক মই অভিনন্দন জনাইছো। তেওঁলোকে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিতো বহুতো উদ্ধাৰ আৰু সাহায্য অভিযানক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। এনডিআৰএফৰ সাহস আৰু পেছাদাৰীত্ব যথেষ্ট প্ৰেৰণাদায়ী। তেওঁলোকৰ ভৱিষ্যতৰ সকলো কাৰ্যপন্থাৰ বাবে মই শুভকামনা জনাইছো।

দূৰ্যোগ ব্যৱস্থাপনা হ’ল চৰকাৰ আৰু নীতি নিৰ্ধাৰকৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। ভাৰতে ‘দূৰ্যোগ প্ৰশমন আন্তঃগাথনিৰ বাবে মৈত্ৰী’ নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ‘এনডিআৰএফৰ দক্ষতা অধিক বৃদ্ধি কৰিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো, যাতে যিকোনো বিপজ্জনক সময়ত আমি অধিকসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিব পাৰো।’

 

***

DS/SH/MS


(रिलीज़ आईडी: 1791150) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam