প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৭ জানুৱাৰীত ডব্লিউইএফৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব

Posted On: 16 JAN 2022 7:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২ ৰ ১৭ জানুৱাৰীত ভাৰতীয় মান সময়মতে নিশা ৮:৩০ বজাত বিশ্ব অৰ্থনৈতিক ফৰামৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব।

ভাৰ্চুৱেল অনুষ্ঠানটো ২০২২ ৰ ১৭ ৰপৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ', ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উৰচুয়া ভন ডেৰ লেয়েন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উইডোডো, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেট, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙকে ধৰি কেইবাজনো ৰাষ্ট্ৰপ্ৰধানেও ইয়াত সম্বোধন কৰিব। এই কাৰ্য্যসূচীত শীৰ্ষ উদ্যোগ নেতৃবৃন্দ, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু নাগৰিক সমাজেও অংশগ্ৰহণেৰে আজি বিশ্বখনে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰাজি সন্দৰ্ভত আলোচনা আৰু এইসমূহ কেনেদৰে সমাধান কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিব।

 

***

DS/AKJ/SB



(Release ID: 1790910) Visitor Counter : 106