প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্রদেশত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 27 DEC 2021 4:43PM by PIB Guwahati

হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্রী ৰাজেন্দ্র আৰ্লেকাৰজী, জনপ্রিয় আৰু প্রাণশক্তিৰেপূর্ণ মুখ্যমন্ত্রী শ্রী জয়ৰাম ঠাকুৰজী, প্রাক্তন মুখ্যমন্ত্রী শ্রী ধুমলজী, মোৰ কেন্দ্রীয় মন্ত্রিসভাৰ সহযোগী শ্রী অনুৰাগ ঠাকুৰজী, মোৰ সহযোগী সাংসদ শ্রী সুৰেশ কাশ্যপজী, শ্রী কিষাণ কাপুৰজী, ভগ্নী ইন্দু গোস্বামীজী আৰু হিমাচলৰ বিভিন্ন প্রান্তৰ পৰা এই সভাত সমবেত হোৱা মোৰ প্রিয় ভাই-ভনীসকল!

এই মাহত কাশী বিশ্বনাথৰ দর্শন কৰাৰ পাছত আজি এই ‘ছোট কাশী’লৈ আহি বাবা ভূতনাথৰ, পঞ্চভূতৰ ঈশ্বৰ, আদি মহামৃত্যুঞ্জয় মহাদেৱৰ আশীর্বাদ গ্রহণৰ সৌভাগ্য হৈছে৷ এই দেৱভূমিৰ সকলো দেৱ-দেৱতাক মোৰ প্রণাম জনাইছো।

বন্ধুসকল,

হিমাচলৰ সৈতে মোৰ সকলো সময়তে এটা আৱেগিক সম্পর্ক আছে। হিমাচলৰ মাটি আৰু হিমালয়ৰ উচ্চ শিখৰে মোৰ জীৱনৰ দিশ নিৰ্ণয়ত সকলো সময়তে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে আৰু আজি যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছো আৰু মই যেতিয়াই মাণ্ডিলৈ আহিছো, মাণ্ডিৰ চেপুবড়ি, কচৌৰি আৰু বদানৰ মিটঠা সকলো সময়ত মনত পৰে৷

বন্ধুসকল,

আজি ইয়াত দ্বৈত ইঞ্জিনৰ চৰকাৰেও চাৰি বছৰ সম্পূর্ণ হ’ল। সেৱা আৰু সিদ্ধিৰ এই চাৰি বছৰৰ বাবে হিমাচলৰ জনগণক বহুত বহুত শুভেচ্ছা জনাইছো আৰু ইমান বিপুল সংখ্যাত আৰু ইমান ভীষণ ঠাণ্ডাৰ মাজতো আপোনালোক সকলোৱে মোক আশীর্বাদ দিবলৈ আহিছে। ইয়াৰ অৰ্থ হ’ল এই চাৰি বছৰত হিমাচলক দ্রুতগতিত আপোনালোকে আগুৱাই যোৱা দেখিছে। জয়ৰামজী আৰু তেওঁৰ পৰিশ্রমী টিমে হিমাচলবাসীৰ সপোনক বাস্তবায়িত কৰাৰ ক্ষেত্রত কোনো ত্রুটি ৰখা নাই। এই চাৰি বছৰৰ ভিতৰত দুবছৰতো মই ক’ৰোনাৰ দৰে মহামাৰী ৰোগৰ বিৰুদ্ধে যুঁজ দিছে। তথাপিও, উন্নয়নৰ কামসমূহ থমকি ৰোৱা নাই। বিগত চাৰি বছৰত হিমাচলে প্রথমখন এইমছ লাভ কৰিছে৷ হামিৰপুৰ, মাণ্ডি, চম্বা আৰু ছিৰমৌৰত চাৰিটা নতুন মেডিকেল কলেজ মঞ্জুৰ কৰা হৈছে৷ হিমাচলৰ যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে বহুত প্রচেষ্টা হৈছে আৰু বহুত প্রচেষ্টা এতিয়াও অব্যাহত আছে।

ভাই-ভনীসকল,

আজি এই মঞ্চলৈ অহাৰ পূৰ্বে মই হিমাচল প্রদেশৰ শিল্প বিকাশৰ সৈতে জড়িত কাৰ্যসূচীত ‘বিনিয়োগ সন্মিলনো’ অন্তৰ্ভূক্ত হৈছে আৰু ইয়াত যি প্রদর্শনী আৰম্ভ হৈছে সেয়া দেখিও মই অভিভূত হৈছো৷ ইয়াৰ জৰিয়তে হিমাচলত হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে আৰু এই টকা যুৱ সম্প্রদায়ৰ বাবে বহুত নতুন সংস্থাপনৰ পথ প্রশস্ত কৰিছে। অলপ সময়ৰ পূৰ্বে ১১ হাজাৰ কোটি টকা বিনিয়োগত চাৰিটা বৃহৎ জলবিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰা হৈছে৷ ইয়াৰ জৰিয়তে হিমাচলৰ আয় বৃদ্ধি পাব আৰু হাজাৰ হাজাৰ লোকৰ কর্মসংস্থাপনৰ সুযোগ গঢ় লৈ উঠিব। চাওড়াকুড্ডু প্রকল্পৰ পৰা আৰম্ভ কৰি লুহৰি প্রকল্প, ধৌলাসিদ্ধ প্রকল্প অথবা ৰেণুকাজি প্রকল্প–এই সকলোৱেই হিমাচলৰ আকাংক্ষা আৰু দেশৰ প্রয়োজনীয়তা পুৰণ কৰিব। চাওড়াকুড্ডু বান্ধতো পিয়ানোৰ আকৃতিসম্পন্ন। এছিয়াত প্রথম এনে এক বান্ধ হ’ব, য’ত উৎপন্ন বিদ্যুৎৰ পৰা হিমাচল প্রদেশে বছৰি প্রায় ১২৫ কোটি টকা আয় কৰিব।

বন্ধুসকল,

শ্রীৰেণুকাজী আমাৰ আস্থাৰ এক গুৰুত্বপূর্ণ কেন্দ্র। ভগৱান পৰশুৰাম আৰু তেওঁৰ মা ৰেণুকাজীৰ প্ৰেমৰ প্রতীক এই ভূমিৰ পৰা আজি দেশৰ উন্নয়নৰ বাবেও এক ধাৰা বৈছে৷ গিৰি নদীত নির্মীয়মান শ্রীৰেণুকাজি বান্ধ প্রকল্প যেতিয়া সম্পূর্ণ হ’ব, তেতিয়া এক ডাঙৰ অঞ্চল ইয়াৰ দ্বাৰা পোনপটীয়াকৈ লাভান্বিত হ’ব। এই প্রকল্পৰ পৰা যিমান আয় হ’ব তাৰো এটা বৃহৎ অংশ ইয়াৰ উন্নয়নত ব্যয় হ’ব।

বন্ধুসকল,

দেশৰ নাগৰিকসকলৰ জীৱন সহজ কৰি তোলা, ‘ইজ অফ লিভিং’, আমাৰ চৰকাৰৰ সর্বোচ্চ অগ্রাধিকাৰ আৰু ইয়াৰ ভিতৰত বিদ্যুতৰ এক ডাঙৰ ভূমিকা আছে। কন্যা সন্তানৰ পঢ়া-শুনাৰ বাবে বিদ্যুৎ, ঘৰৰ কাম-কাজ কৰাৰ বাবে বিদ্যুৎ, উদ্যোগৰ বাবে বিদ্যুৎ, কেৱল ইমানেই নহয়, বৰ্তমানতো মোবাইল চার্জ কৰাৰ বাবেও বিদ্যুতৰ প্রয়োজন হয়। ইয়াক বাদ দি কোনোৱেই থাকিব নোৱাৰে৷ আপোনালোকে জানে যে আমাৰ চৰকাৰৰ ‘ইজ অফ লিভিং’ মডেল পৰিৱেশৰ প্রতি সচেতন আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রতো সহায়ক। আজি ইয়াত যি জলবিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, সেইবোৰো ‘পৰিৱেশ অনুকূল নতুন ভাৰত’ৰ লক্ষ্যৰে দেশৰ এক শক্তিশালী পদক্ষেপ। আজি সমগ্ৰ বিশ্বই ভাৰতৰ এই উদ্যোগক প্রশংসা কৰিছে যে আমাৰ দেশে কিদৰে পৰিৱেশক বচাই ৰাখি উন্নয়নত গতি আনিছে। সৌৰশক্তিৰ পৰা আৰম্ভ কৰি জলবিদ্যুৎ শক্তিলৈকে, বায়ুশক্তিৰ পৰা আৰম্ভ কৰি গ্ৰীন হাইড্রোজেনলৈকে আমাৰ দেশে নবীকৰণযোগ্য শক্তিৰ প্রতিটো সম্পদক সম্পূর্ণৰূপে ব্যৱহাৰ কৰাৰ বাবে একেৰাহে কাম কৰি আহিছে৷ ইয়াৰ উদ্দেশ্য এটাই যে দেশৰ নাগৰিকসকলৰ ইন্ধনৰ প্রয়োজন পুৰণৰ সমান্তলাৰভাৱে পৰিৱেশৰো সুৰক্ষা হ’ব৷ ভাৰতে ইয়াৰ লক্ষ্যসমূহ কিদৰে বাস্তবায়িত কৰিব ইয়াৰ এটা উদাহৰণ দেশৰ ক্রমৱর্ধমান ‘ইনষ্টলড ইলেক্ট্রিচিটী কেপাচিটী’ও অন্যতম।

বন্ধুসকল,

২০১৬চনত ভাৰতে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যে দেশত ২০৩০ চনৰ ভিতৰত ‘ইনষ্টলড ইলেক্ট্রিচিটী কেপাচিটী’ৰ ৪০ শতাংশ ‘অজীৱাশ্ম ইন্ধন উৎস’ৰ পৰা পুৰণ কৰিব। আজি প্ৰতিগৰাকী ভাৰতীয়ই ইয়াৰ বাবে গৌৰৱ কৰিব পাৰে যে ভাৰতে ইয়াৰ এই লক্ষ্য এই বছৰ নৱেম্বৰ মাহতে অৰ্জন কৰিছে। অর্থাৎ, যিটো লক্ষ্য ২০৩০ত নিৰ্ধাৰণ কৰা হৈছিল, ভাৰতে সেয়া ২০২১তে অৰ্জন কৰিছে। এই কামৰ গতি আজি সর্বত্র লক্ষ্য কৰা হৈছে, ভাৰত এই গতিৰেই কাম কৰি আহিছে৷ এয়াই আমাৰ চৰকাৰৰ কাম কৰাৰ গতি।

বন্ধুসকল,

পাহাৰসমূহত প্লাষ্টিকৰ ফলত যি লোকচান হৈছে, তাক লৈ আমাৰ চৰকাৰ অত্যন্ত সতর্ক। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সমগ্ৰ দেশত অভিযানৰ লগতে আমাৰ চৰকাৰে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাক লৈও কাম কৰিছে। প্লাষ্টিক আৱৰ্জনাক পুনৰ ব্যৱহাৰ কৰি আজি পথ নির্মাণৰ ক্ষেত্রত কার্যকৰীভাৱে কাম লগোৱা হৈছে৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা পর্যটকসকলে হিমাচল প্রদেশত ফুৰিবলৈ আহে৷ আজি আপোনালোকক উদ্দেশ্যি দিয়া এই বক্তব্যৰ জৰিয়তে মই হিমাচলত ফুৰবলৈ অহা পর্যটকসকলকো এটা অনুৰোধ জনাব বিচাৰো৷ হিমাচলক পৰিস্কাৰ-পৰিচ্ছন্ন ৰখা, প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনাৰ পৰা মুক্ত ৰাখিবলৈ পর্যটকসকলৰো ডাঙৰ দায়িত্ব আছে। আপোনালোকে য’তে-ত’তে প্লাষ্টিক পেলাই, নদীত প্লাষ্টিক পেলোৱোৰ ফলত হিমাচলৰ বহুত ক্ষতি হৈছে, পৰিৱেশৰ বহুত ক্ষতি হৈছে৷ এই ক্ষতি ৰোধ কৰাৰ বাবে আমি সকলোৱে মিলি চেষ্টা কৰিব লাগিব৷

বন্ধুসকল,

দেৱভূমি হিমাচল প্রদেশে প্রকৃতিৰ পৰা যি আশীৰ্বাদ পাইছে, আমি তাক সংৰক্ষণ কৰি ৰাখিব লাগিব৷ ইয়াত পর্যটনৰ সমান্তৰালভাৱে উদ্যোগ বিকাশৰো অপাৰ সম্ভাৱনা আছে৷ আমাৰ চৰকাৰে এই লক্ষ্যৰে ক্রমান্বয়ে কাম কৰিছে। মই বিশেষকৈ খাদ্য উদ্যোগ, কৃষি আৰু ফার্মা উদ্যোগক গুৰুত্ব দিছো আৰু ইয়াৰ বাবে পুঁজিতো আছেই৷ পর্যটনৰ পুঁজি হিমাচল প্রদেশতকৈ অধিক ক’ত পাব? হিমাচলৰ খাদ্য প্রক্রিয়াকৰণ উদ্যোগ বিস্তাৰৰ বহুত ক্ষমতা আছে৷ সেইবাবে আমাৰ চৰকাৰে মেগা ফুড পার্কৰ পৰা আৰম্ভ কৰি কল্ড ষ্টোৰেজ আন্তঃগাঁথনিকো শক্তিশালী কৰিছে। কৃষিখণ্ডত প্রাকৃতিক পদ্ধতিত কৃষিক উৎসাহ যোগোৱাৰ বাবেও দ্বৈত ইঞ্জিনৰ চৰকাৰে ক্রমান্বয়ে কাম কৰি আহিছে। আজি প্রাকৃতিক কৃষিৰ পৰা উৎপাদিত ফচলৰ চাহিদা সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে। ৰাসায়নিকমুক্ত কৃষিসামগ্ৰী আজি বিশেষ আকর্ষণৰ কেন্দ্র হৈছে। মই অতি আনন্দিত যে হিমাচলে এই ক্ষেত্রতো যথেষ্ট ভাল কাম কৰিছে। ৰাজ্যত বহু জৈৱগাঁও গঢ় দিয়া হৈছে আৰু মই আজি বিশেষকৈ হিমাচলৰ কৃষকসকলক হৃদয়ৰ পৰা অভিনন্দন জনাব বিচাৰো, কাৰণ তেওঁলোকে প্রাকৃতিক পদ্ধতিৰে কৃষি-কৰ্মৰ পথ বাছি লৈছে৷ মোক জনোৱা হৈছে যে ডেৰ লক্ষাধিকক কৃষক প্রাকৃতিক পদ্ধতিৰে কৃষি কৰা আৰম্ভ কৰিছে৷ ইয়াৰ জৰিয়তে সৰু ৰাজ্যত ইমান কম সময়তে ৰাসায়নিকমুক্ত প্রাকৃতিক কৃষিৰ দিশত জড়িত হোৱাটো কম কথা নহয়। মই আজিৰ প্রদর্শনীত প্রাকৃতিক পদ্ধতিৰে কৃষি উৎপন্ন বহু ফচল দেখিলো। সেইবোৰৰ আকাৰো যথেষ্ট লোভনীয় আছিল, সেইবোৰৰ ৰং-ৰূপো অতি আকর্ষণীয় আছিল। মোৰ যথেষ্ট ভাল লাগিছে৷ মই হিমাচল প্রদেশক, হিমাচলৰ কৃষকসকলক সেইবাবে হৃদয়ৰ পৰা অভিনন্দন জনাইছো৷ সমগ্ৰ দেশৰ কৃষকসকলক অনুৰোধ জনাও যে আজি হিমালয়ে যি পথ বাচি লৈছে, এই পথেই উত্তম কৃষিৰ এক অতি উত্তম পথ। আজি যেতিয়া ‘পেকেজ খাদ্য’ৰ প্রচলন বৃদ্ধি পাইছে, তেতিয়া হিমাচল প্রদেশে এই ক্ষেত্রতো বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷

বন্ধুসকল,

হিমাচল প্রদেশ আজি দেশৰ সর্ববৃহৎ গুৰুত্বপূর্ণ ফার্মা কেন্দ্ৰৰ ভিতৰতে অন্যতম। ভাৰতক আজি ‘বিশ্বৰ ফাৰ্মাচী’ বুলি কোৱা হৈছে৷ এই ক্ষেত্রতো হিমাচলৰ এক ডাঙৰ ভূমিকা আছে। ক’ৰোনা বিশ্ব মহামাৰীৰ সময়ত হিমাচল প্রদেশ কেৱল অন্যান্য ৰাজ্যকে নহয়, বহু দেশকো সহায় কৰিছে। ফার্মা উদ্যোগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে আয়ুষ উদ্যোগ–নেচাৰেল মেডিচিনৰ সৈতে জড়িত উদ্যোগসমূহকো উৎসাহ যোগাইছে।

বন্ধুসকল,

আজি দেশত চৰকাৰ চলোৱাৰ ক্ষেত্রত দুটা ভিন্ন প্রকৃতিৰ আৰ্হিয়ে কাম কৰিছে। এটা আৰ্হি হ’ল, ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ আৰু দ্বিতীয় আৰ্হি হ’ল নিজৰ স্বার্থ, পৰিয়ালৰ স্বার্থ, উন্নয়নো নিজৰ পৰিয়ালৰ৷ মই যদি হিমাচলৰ কথা কও তেতিয়াহ’লে দেকিব যে প্রথমটো আৰ্হি যি আৰ্হি লৈ মই আপোনালোকৰ কাষলৈ আহিছো, সেই মডেলেই পূর্ণ শক্তিৰে ৰাজ্যৰ উন্নয়নত সমর্পণ ভাৱেৰে কাম কৰি আহিছে। ইয়াৰ পৰিণাম হ’ল হিমাচলে ইয়াৰ প্ৰাপ্তবয়স্ক জনসাধাৰণৰ টিকাকৰণত দেশৰ অন্যান্য ৰাজ্যতকৈ আগত৷ ইয়াত যি চৰকাৰ আছে, সেই চৰকাৰ ৰাজনৈতিক স্বার্থত নিমজ্জিত নহয়। এই চৰকাৰে হিমাচলৰ প্রতিগৰাকী নাগৰিকৰ টিকাকৰণত মনোনিৱেশ কৰিছে৷ টিকাকৰণ কিদৰে হ’ব সেইদিশত লক্ষ্য ৰখা। মোৰ এবাৰ এই অভিযানত অংশগ্রহণকাৰী এগৰাকী ব্যক্তিৰ সৈতে কথা পতাৰৰ সৌভাগ্য হৈছিল। তেওঁৰ সৈতে কথা পাতি মই যথেষ্ট প্রেৰণা পাইছো৷ তেওঁৰ প্ৰতিটো কথা অতি প্রেৰণাদায়ী আছিল।

ভাই-ভনীসকল,

তেওঁলোকৰ মনত আছিল হিমাচলৰ জনগণৰ সু-স্বাস্থ্যৰ চিন্তা। সেইবাবে তেওঁলোকে বহু কষ্ট কৰি হ’লেও দূৰ-দুৰণিৰ অঞ্চলসমূহত টিকা প্ৰদান কৰিছে৷ এয়াই তো আমাৰ সেৱাভাব। জনগণৰ প্রতি দায়িত্বৰ অনুভৱ। ইয়াৰ চৰকাৰে জনগণৰ উন্নয়নৰ বাবে বহুত নতুন প্রকল্প আৰম্ভ কৰিছে আৰু কেন্দ্রীয় চৰকাৰেও প্রকল্পসমূহত অতি ভালদৰে সকলোৰে মাজত বিয়পাই দিছে৷ ইয়াৰ পৰা স্পষ্টভাবে প্রমাণিত হয়, হিমাচলৰ ৰাজ্য চৰকাৰে জনগণৰ কথা ভাৱে, দুখীয়ালোকসকলৰ বাবে কিমান চিন্তা কৰে!

বন্ধুসকল,

আজি আমাৰ চৰকাৰে কন্যাসকলৰ বাবে, কন্যাসকলৰ সমান অধিকাৰ প্রদানৰ বাবে ক্রমান্বয়ে কাম কৰিছে। আমাৰ বাবে পুত্ৰ আৰু কন্যা এক সমান। ইয়াত ইমান বিপুলসংখ্যক মা-ভনী আহিছে, তেওঁলোকৰ আশীর্বাদে আমাক এই কামে আৰু অধিক শক্তি যোগায়। মই ঠিক কৰিছো যে কন্যাসকলৰ বিয়াৰ বয়স সিমানেই হোৱা উচিৎ যি বয়সত ল’ৰাৰ বিয়াৰ বাবে অনুমতি পায়। চাওক, মোৰ ভনীসকলে আটাইতকৈ বেছি হাত-চাপৰি বজাইছে৷ কন্যাসকলৰ বিয়াৰ বয়স ২১ বছৰ হ’লে তেওঁলোকে পঢ়া-শুনাৰ বাবে সম্পূর্ণ সময় পাব আৰু নিজৰ কেৰিয়াৰো গঢ় দিব পাৰিব৷ আমাৰ এই সকলো প্রচেষ্টাৰ ভিতৰত আপোনালোকে আৰু এটা আৰ্হি দেখিছে–যিসকলে নিজৰ স্বার্থ দেখিছে, নিজৰ ভোটবেংক দেখে৷ যিসমূহ ৰাজ্যত তেওঁলোকে চৰকাৰ চলাইছে, তেওঁলোকৰ অগ্রাধিকাৰ দুখীয়াৰ কল্যাণৰ বাবে নহয়, নিজৰ পৰিয়ালৰ কল্যাণৰ বাবে৷ মই ক’ব বিচাৰো যে দেশৰ পণ্ডিতসকলক অনুৰোধ জনাব বিচাৰো যে আপোনালোকে সেই ৰাজ্যসমূহৰ টিকাকৰণৰ ৰেকৰ্ডো চাওক৷ তেওঁলোকৰ টিকাকৰণ ৰেকৰ্ডো ইয়াৰ সাক্ষী যি তেওঁলোকৰ মনত নিজৰ ৰাজ্যৰ জনতাৰ বাবে কোনো চিন্তা নাই।

বন্ধুসকল,

আমাৰ চৰকাৰে সম্পূর্ণ সংবেদনশীলতাৰে, সতর্কতাৰে, আপোনালোকৰ প্রত্যেক প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক্রমান্বয়ে কাম কৰি গৈছে৷ এতিয়া চৰকাৰে ঠিক কৰিছে যে ১৫-১৮ বছৰ বয়সীয়া কন্যাসকলৰ, পুত্ৰ-কন্যা সকলোকে ৩ জানুৱাৰী সোমবাৰৰ পৰা টিকাকৰণ আৰম্ভ কৰা হ’ব৷ ৩ জানুৱাৰী, সোমবাৰৰ পৰা এই অভিযান আৰম্ভ হ’ব। মোৰ দৃঢ় বিশ্বাস, হিমাচল প্রদেশে এই ক্ষেত্রতো অসাধাৰণ কাম কৰিব। দেশক দিশা দেখুওৱাৰ কাম হিমাচল প্রদেশে কৰি যাব৷ স্বাস্থ্য খণ্ডত কর্মৰত যিসকল লোক আছে, আগশাৰীৰ কৰ্মী আছে, তেওঁলোকে বিগত দুবছৰ ধৰি ক’ৰোনাৰ বিৰুদ্ধে যুঁজত দেশৰ এক ডাঙৰ শক্তি হৈ উঠিছে৷ তেওঁলোককো অহা ১০ জানুৱাৰীৰ পৰা ‘সতৰ্কতা ডোজ’ দিয়াৰ কাম আৰম্ভ হ’ব৷ ৬০ বছৰতকৈ অধিক বয়সীয়া লোকৰ মাজত যিসকলে আগৰ পৰাই জটিল ৰোগ আছে, তেওঁলোককো চিকিৎসকৰ পৰামর্শ মানি ‘সজাগতা ডোজ’ৰ বিকল্প দিয়া হৈছে৷ এই সকলো প্রচেষ্টাই হিমাচল প্রদেশৰ জনগণৰ সুৰক্ষাকবচতো হ’বই, সমান্তৰালভাৱে হিমাচলৰ বাবে আটাইতকৈ প্রয়োজনীয় পর্যটন খণ্ডক ৰক্ষা কৰা আৰু আগুৱাই নিয়াৰ ক্ষেত্রতো অত্যন্ত সহায়ক হ’ব৷

বন্ধুসকল,

প্রত্যেক দেশৰ বিচাধাৰা ভিন্ন৷ কিন্তু আজি আমাৰ দেশৰ জনতাই স্পষ্টভাৱে দুটা বিচাৰধাৰা দেখিবলৈ পাইছে৷ এটা বিচাৰধাৰা বিলম্বৰ আৰু দ্বিতীয় বিচাৰধাৰা উন্নয়নৰ৷ বিলম্বৰ বিচাৰধাৰাক লৈ যিসকলে কাম কৰে তেওঁলোকে পাহাৰত বসবাস কৰা লোকসকলৰ কথা কেতিয়াও নাভাবে, আন্তঃগাঁথনি সংক্রান্তীয় সকলো কামৰ পৰা আৰম্ভ কৰি জনগণক বুনিয়াদি সুবিধা প্রদানৰ কামলৈকে৷ এই বিলম্বৰ ভাৱনাৰে কাম কৰা মানুহে হিমাচলৰ জনগণক বহুত দশক অপেক্ষা কৰিছে৷ তেওঁলোকৰ এই বিলম্বৰ বাবে অটল সুৰংগৰ নিৰ্মাণৰ কামো বহুত বছৰৰ মুৰ শেষ হৈছে৷ ৰেণুকাজী প্রকল্প ৰূপায়ণতো তিনি দশক বিলম্ব হৈছে৷ সেই লোকসকলৰ বিলম্ব চিন্তাধাৰাৰ পৰা ভিন্ন আমাৰ ভাৱধাৰা হ’ল দায়বদ্ধতাৰ জৰিয়তে আৰু কেৱল উন্নয়নৰ বাবে, তীব্র গতিত উন্নয়নৰ বাবে, মই অটল সুৰংগৰ কাম সম্পূর্ণ কৰিছো৷ মই চণ্ডীগড়ৰ পৰা মানালি আৰু ছিমলাক সংযোগৰ পথ প্রশস্ত কৰিছো৷ আমি কেৱল হাইৱে আৰু ৰে’লৱে আন্তঃগাঁথনিৰে বিকাশ সাধন কৰা  নাই, আমি বহুত ঠাইত ৰোপৱেৰো ব্যৱস্থা কৰিছো৷ আমি দূৰ্গম গাঁওসমূহক প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ সৈতেও সংযোগ কৰিছো৷

বন্ধুসকল,

বিগত ৬-৭ বছৰত যিদৰে দ্বৈত ইঞ্জিনৰ চৰকাৰে কাম কৰিছে, তাত বিশেষকৈ আমাৰ ভনীসকলৰ জীৱনত বহুত পৰিৱর্তন আহিছে। আগতে ৰন্ধাৰ বাবে কাঠ যোগাৰ কৰিবলৈ আমাৰ ভনীসকলৰ বহুত সময় লাগিছিল। আজি ঘৰে ঘৰে গেছ চিলিণ্ডাৰ লাভ কৰিছে। শৌচালয়ৰ সুবিধা ঘৰতে হোৱাৰ ফলত মা-ভনীসকলে যথেষ্ট স্বস্তি অনুভৱ কৰিছে৷ পানীৰ বাবে ইয়াৰ ভনী-কন্যাসকলে কিমান পৰিশ্রম কৰিবলগীয়া হৈছিল, সেয়া আপোনালোকতকৈ অধিক কোনে জানে? এটা সময় আছিল যেতিয়া নলৰ জৰিয়তে পানীৰ সংযোগ পোৱাৰ বাবে বহুত দিন চৰকাৰী বিভাগত কাকুতি কৰিবলগীয়া হৈছিল৷ আজি চৰকাৰে নিজেই পানীৰ সংযোগ দিয়াৰ বাবে আপোনালোকৰ দুৱাৰদলিত উপস্থিত হৈছে৷ স্বাধীনতাৰ পাছত সাত দশকত হিমাচলৰ ৭লাখ পৰিয়ালে নলৰ জৰিয়তে পানী যোগান ধৰিছে। সাত দশকত ৭ লাখ পৰিয়ালে এই সুবিধা পাইছিল৷ মাত্র দুবছৰৰ ভিতৰতে আৰু সেয়াও ক’ৰোনাৰ সংকটকালত ৭ লক্ষাধিক নতুন পৰিয়ালক নলৰ জৰিয়তে জল সংযোগ প্ৰদান কৰা হৈছে৷ অৰ্থাৎ সাত দশকত ৭লাখ। কত? সাত দশকত ৭ লাখ। অলপ সেইদিশৰ পৰা মাত শুনিব বিচাৰিছো। সাত দশকত কিমান জন? ৭ লাখ। আৰু আমি দুই বছৰত দিছো ৭ লাখ। আৰু নতুন কিমান দিছো? ৭ লাখ ঘৰত পানী প্ৰদানৰ কাম কৰিছো৷ এতিয়া হিমাচলৰ প্রায় ৯০ শতাংশ জনসংখ্যাৰ ঘৰত নলৰ জৰিয়তে পানীৰ সুবিধা পাইছে। দ্বৈত ইঞ্জিন চৰকাৰৰ এয়াই লাভ। কেন্দ্রীয় চৰকাৰৰ এটা ইঞ্জিন যেতিয়া যি প্রকল্প আৰম্ভ কৰে.....! ৰাজ্য চৰকাৰ হ’ল দ্বিতীয় ইঞ্জিন। সেই ইঞ্জিনেই প্রতিটো প্রকল্পক দ্রুতগতিত বাস্তবায়িত কৰে৷ এতিয়া আয়ুষ্মান ভাৰত যোজনাৰ উদাহৰণকে ধৰক৷ এই প্রকল্পক আগুৱাই নিবলৈ হিমাচল প্রদেশ ৰাজ্য চৰকাৰে ‘হিম কেয়াৰ যোজনা’ আৰম্ভ কৰিছে, আৰু অধিকাংশ মানুহক ৫ লাখ টকালৈকে বিনামূল্যে চিকিৎসাৰ আওতালৈ আনিছে। এই প্রকল্পৰ মাধ্যমে হিমাচলৰ প্রায় ১ লাখ ২৫ হাজাৰ ৰোগীয়ে ইতিমধ্যে বিনামূল্যে চিকিৎসা সেৱা লাভ কৰিছে৷ তেনেদৰে ইয়াৰ চৰকাৰে ‘উজ্জ্বলা যোজনা’ৰ হিতাধিকীৰ বাবে ‘গৃহিনী সুবিধা যোজনা’ আৰম্ভ কৰিছে। ইয়াৰ ফলত লাখ লাখ মহিলা উপকৃত হৈছে৷ ইয়াৰ ফলত লাখ লাখ ভনীয়ে এক নতুন সাহায্য লাভ কৰিছে৷ কেন্দ্রীয় চৰকাৰে এই কঠিন সময়ত দেশৰ ৮০ কোটি জনগণক যিদৰে বিনামূল্যে ৰেচন দিছে, তাক দ্রুতগতিত প্রতিগৰাকী সুবিধাভোগীক প্ৰদান কৰাৰ কামো ইয়াত ৰাজ্য চৰকাৰে কৰিছে৷

বন্ধুসকল,

হিমাচল বীৰসকলৰ ভূমি, হিমাচল অনুশাসনৰো ভূমি। দেশৰ সন্মান, মর্যাদা আৰু সম্পদ বৃদ্ধিৰ মাটি হ’ল এই হিমাচল প্রদেশ। ইয়াৰ ঘৰে ঘৰে দেশৰ সুৰক্ষাৰ বাবে বীৰ পুত্র-কন্যাসকল আছে৷ আমাৰ চৰকাৰে বিগত সাত বছৰত দেশৰ সুৰক্ষা বৃদ্ধিৰ বাবে যি কাম কৰিছে, জোৱানসকল বিশেষকৈ প্রাক্তন জোৱানসকলৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে, তাৰ বৃহৎ লাভ হিমাচলৰ জনগণৰ হৈছে৷ ‘এক ৰেংক, এক পেন্সনৰ যি সিদ্ধান্ত বহুত দশক ধৰি পৰি আছিল, সেয়া বাস্তবায়িত কৰাৰ লগতে সেনাৰ বাবে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বুলেট প্রুফ জেকেট ক্ৰয় কৰা কাম, অতি শীতৰ মাজত কাম কৰাৰ বাবে প্রয়োজনীয় বিভিন্ন সা-সঁজুলি কিনা আৰু তেওঁলোকৰ অহা-যোৱাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা-চৰকাৰৰ এই প্রচেষ্টাসমূহৰ দ্বাৰা হিমাচলৰ প্রতিটো পৰিয়ালো উপকৃত হৈছে৷

বন্ধুসকল,

ভাৰতত পর্যটন আৰু তীর্থযাত্রা পৰস্পৰৰ সৈতে ওতঃপ্ৰোতোভাৱে জড়িত। তীর্থযাত্রাত হিমাচলৰ যি সামর্থ্য তুলনাবিহীন। হিমাচল শিৱ আৰু শক্তিৰ আৱাসস্থল। পঞ্চকৈলাশৰ মাজত তিনিটা কৈলাশ হিমাচল প্রদেশতে আছে৷ সেইদৰে হিমাচলত কেইবাটাও শক্তিপীঠো আছে৷ বৌদ্ধ আস্থা আৰু সংস্কৃতিৰো বহুত গুৰুত্বপূর্ণ স্থান ইয়াত আছে৷ দ্বৈত ইঞ্জিনৰ চৰকাৰে হিমাচলৰ এই শক্তিকে আৰু অধিক বৃদ্ধি কৰিব৷

মাণ্ডিত শিৱধামৰ নির্মাণো এই দায়বদ্ধতাৰে ফল৷

ভাই-ভনীসকল,

আজি যেতিয়া ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে, সেইসময়ত হিমাচলো পূর্ণ ৰাজ্যৰ মর্যাদা লাভ কৰাৰ স্বর্ণ জয়ন্তী পালন কৰিছে৷ অর্থাৎ, এয়া হিমাচলৰ বাবে নতুন সম্ভাৱনা লৈ কাম কৰাৰো সময়। হিমাচলে প্রটিতো ৰাষ্ট্রীয় সংকল্পক সিদ্ধিৰ মাজেৰে নিয়াৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰিছে। অনাগত দিনতো এই উৎসাহ অব্যাহত থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। পুনৰবাৰ উন্নয়ন আৰু বিশ্বাসৰ পঞ্চম বর্ষৰ পথত নৱবর্ষৰ বহুত বহুত শুভকামনা জনালো। ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা শুভেচ্ছা জনালো। মই পুনৰবাৰ এই দেৱভূমিক প্রণাম জনাইছো। মোৰ সৈতে কওক—

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

***

DS/AKJ/AK/DK



(Release ID: 1788862) Visitor Counter : 171