কেবিনেট
দুৰ্যোগ প্ৰবন্ধন ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত-তুৰ্কমেনিস্তানৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিলৈ কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
06 JAN 2022 4:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই দুৰ্যোগ প্ৰবন্ধন ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত-তুৰ্কমেনিস্তানৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিলৈ অনুমোদন জনায়। চুক্তিখনে দুৰ্যোগ প্ৰবন্ধনৰ ক্ষেত্ৰত সতৰ্কতা, প্ৰতিক্ৰিয়া প্ৰদৰ্শন আৰু সামৰ্থ্য-বৰ্দ্ধনৰ দৰে বিষয়সমূহৰ শক্তি বৰ্দ্ধন কৰিব।
বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে পৰস্পৰে উপকৃত হ’ব পৰাকৈ সহযোগিতা স্থাপনত গুৰুত্ব প্ৰদান কৰা হৈছে।
এই পৰ্যন্ত ভাৰতে দুৰ্যোগ প্ৰবন্ধন ক্ষেত্ৰত চুইজাৰলেণ্ড, ৰাছীয়া, ছাৰ্ক দেশসমূহ, জাৰ্মানী, জাপান, তাজাকিস্তান, মংগোলীয়া, বাংলাদেশ আৰু ইটালীৰ সৈতে দ্বিপাক্ষিক/বহুপক্ষীয় চুক্তি/বুজাবুজিৰ চুক্তি/যুটীয়া ঘোষণা পত্ৰ/সহযোগিতা চুক্তি স্বাক্ষৰিত কৰিছে।
***
DS/KB
(ৰিলিজ আই ডি : 1788360)
অতিথি কক্ষ : 239
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam