প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

प्रविष्टि तिथि: 20 DEC 2021 4:39PM by PIB Guwahati

মধ্য এছিয়াৰ কাজাখাস্তান, কিৰগিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলে ২০ ডিচেম্বৰ ২০২১ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰত-মধ্য এছিয়া আলোচনাৰ তৃতীয়খন বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে মধ্য এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে নতুন দিল্লীত উপস্থিত হৈছে।

মধ্য এছিয়াৰ এই ৫খন দেশৰ বৈদেশিক মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ নিজ নিজ দেশৰ ৰাষ্ট্ৰপতিসকলৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ দেশৰ নেতৃত্ব প্ৰস্তুত থকা বুলি বিদেশ মন্ত্ৰীসকলে জানিবলৈ দিয়ে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ পৌৰোহিত্যত যোৱা ১৮-১৯ ডিচেম্বৰত অনুষ্ঠিত ভাৰত-মধ্য এছিয়া আলোচনাৰ বিভিন্ন বিষয় সম্পৰ্কে উক্ত ৫খন দেশৰ বৈদেশিক মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে। উক্ত বৈঠকত আফগানিস্তানৰ পৰিস্থিতিকে ধৰি ভাৰতৰ সৈতে মধ্য এছিয়াৰ দেশসমূহৰ বাণিজ্য আৰু যোগাযোগ, উন্নয়নমূলক অংশীদাৰীত্ব আৰু আঞ্চলিক উন্নয়নৰ ওপৰত আলোচনা কৰা হয়।

‘সম্প্ৰসাৰিত প্ৰতিবেশী’ নীতিৰ অংশ হিচাপে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মধ্য এছিয়াৰ দেশসমূহৰ স্বাধীনতাৰ ৩০ তম বাৰ্ষিকীত উক্ত ৫খন দেশৰ বৈদেশিক মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ২০১৫ চনতে মধ্য এছিয়াৰ সকলো দেশ আৰু পৰৱৰ্তী সময়ত কাজাখাস্তান, উজবেকিস্তান আৰু কিৰগিজ গণৰাজ্য ভ্ৰমণৰ কথা স্মৰণ কৰে। এই অঞ্চলৰ দেশসমূহত ভাৰতীয় চলচ্চিত্ৰ, সংগীত, যোগ আদিৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু মধ্য এছিয়াৰ মাজত সাংস্কৃতিক তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু অধকি গাঢ় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰত আৰু মধ্য এছিয়াৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে আৰু সেই ক্ষেত্ৰত মধ্য এছিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে।

ভাৰত-মধ্য এছিয়া আলোচনাই ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গতি প্ৰদান কৰিছে। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহে অহা বছৰ তেওঁলোকৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৩০ তম বাৰ্ষিকী উদযাপন কৰিব। 

 

***

DS/AK/KG


(रिलीज़ आईडी: 1787898) आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam