প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩৯ সংখ্যক প্রগতিৰ বৈঠকত অধ্যক্ষতা প্রধানমন্ত্রীৰ

Posted On: 24 NOV 2021 7:05PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ‘প্রগতি’ৰ ৩৯সংখ্যক পর্বৰ বৈঠকত অধ্যক্ষতা কৰে৷ তথ্য আৰু যোগাযোগ প্রযুক্তিভিত্তিক বহুস্তৰীয় মঞ্চ ‘প্রগতি’ত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সক্রিয় প্রশাসনৰ জৰিয়তে তথা নির্দিষ্ট সময়ৰ ভিতৰত বিভিন্ন কাম সম্পূর্ণ কৰাৰ বাবে কি কি পদক্ষেপ সোৱা হৈছে সেই বিষয়ে পর্যালোচনা কৰা হয়।

আঠটা প্রকল্প আৰু এটা কাৰ্যসূচীকে ধৰি ৯টা বিষয়বস্তু লৈ আজিৰ বৈঠকত আলোচনা হৈছে। ইয়াৰ ভিতৰত ৰে’ল মন্ত্ৰালয়ৰ ৩টা, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু বিদ্যুৎ মন্ত্ৰালয়ৰ ২টা আৰু পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰালয়ৰ এটা প্রকল্প আছে। এই ৮টা প্রকল্পত ব্যয় হ’ব প্রায় ২০,০০০ কোটি টকা। পশ্চিমবংগ, বিহাৰ, মধ্যপ্রদেশ, ৰাজস্থান, অন্ধ্রপ্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্র౼ এই সাতখন ৰাজ্যত প্রকল্পসমূহ ৰূপায়ণ হৈছে৷ এইবোৰ ৰূপায়ণ কৰাত যাতে অধিক ধন খৰচ নহয়, তাৰ বাবে সঠিক সময়ত কাম শেষ কৰাৰ বিষয়ত বিশেষ জোৰ দিয়ে প্রধানমন্ত্ৰীয়ে।

বৈঠকত প্রধানমন্ত্রীয়ে পোষণ অভিযান কাৰ্যসূচীৰ পর্যালোচনা কৰে৷ তেওঁ কয় যে সম্পূর্ণ চৰকাৰী প্ৰচেষ্টা প্রতিখন ৰাজ্যই অগ্রাধিকাৰভিত্তিত ইয়াক ৰূপায়ণ কৰিব লাগিব৷ এই অভিযান সফল কৰি তুলিবলৈ তৃণমূল পৰ্যায়ত শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে সজাগতা গঢ়ি তুলিব লাগিব৷ এই কামত আত্মসহায়ক গোট আৰু স্থানীয় প্রসাশনৰ অংশগ্রহণৰ কথা তেওঁ উল্লেখ কৰে৷

প্রগতিৰ ৩৮সংখ্যক পর্বৰ বৈঠকলৈকে ১৪.৬৪ লাখ কোটি টকাৰ ৩০৩টা প্রকল্পৰ পর্যালোচনা কৰা হৈছে।

 

***

DS/AKJ/DB



(Release ID: 1787894) Visitor Counter : 157