প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ


বীনা-পনকী মাল্টিপ্ৰডাক্ট পাইপলাইন প্ৰকল্প উদ্বোধন

"উত্তৰ প্ৰদেশৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে আজি অতীতত হেৰুৱা সময় পূৰণৰ চেষ্টা কৰি আছে। আমি দ্বৈত গতিত কাম কৰি আছো"

"আমাৰ চৰকাৰে কানপুৰ মেট্ৰ'ৰ আধাৰশিলা স্থাপন আৰু আমাৰ চৰকাৰেই ইয়াক উৎসৰ্গা কৰিছে। আমাৰ চৰকাৰে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন আৰু আমাৰ চৰকাৰেই কামটো সম্পূৰ্ণ কৰিছে"

"যদি আমি আজি কানপুৰ মেট্ৰ'ক অন্তৰ্ভুক্ত কৰো, উত্তৰ প্ৰদেশৰ মেট্ৰ'ৰ দৈৰ্ঘ্যই এতিয়া ৯০ কিলোমিটাৰ অতিক্ৰম কৰিছে। ২০১৪ ত ইয়াৰ দৈৰ্ঘ্য ৯ কিলোমিটাৰ আৰু ২০১৭ ত মাত্ৰ ১৮ কিলোমিটাৰ আছিল"

"ৰাজ্যসমূহৰ স্তৰত, সমাজৰ বৈষম্য দূৰ কৰাটো গুৰুত্বপূৰ্ণ। সেইকাৰণে আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰে কাম কৰি আছে"

"দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে কেনেকৈ বৃহৎ লক্ষ্য নিৰ্ধাৰণ আৰু সেয়া কেনেদৰে বাস্তৱায়িত কৰিব লাগে, সেয়া জানে"

Posted On: 28 DEC 2021 3:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধন কৰে। তেখেতে কানপুৰ মেট্ৰ' ৰেল প্ৰকল্প পৰিদৰ্শন আৰু আইআইটি মেট্ৰ' ষ্টেচনৰপৰা গীতা নগৰলৈ মেট্ৰ'ত যাত্ৰা কৰে। তেখেতে বীনা-পনকী মাল্টিপ্ৰডাক্ট পাইপলাইন প্ৰকল্পও উদ্বোধন কৰে। পাইপলাইনটো মধ্য প্ৰদেশৰ বীনা শোধনাগাৰৰপৰা কানপুৰৰ পনকীলৈকে বিস্তৃত আৰু ই অঞ্চলটোক বীনা শোধনাগাৰৰপৰা পেট্ৰ'লিয়াম সামগ্ৰী লাভ কৰাত সহায় কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰী তথা আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্ৰ' সংযোগ আৰু পাইপলাইন প্ৰকল্পৰ উদ্বোধনৰ বাবে কানপুৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। চহৰখনৰ সৈতে তেখেতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি তেখেতে বহুতো স্থানীয় প্ৰসংগ আৰু কানপুৰৰ লোকসকলৰ নিশ্চিন্ত আৰু আমোদ-প্ৰেমী প্ৰকৃতিৰ ওপৰত এক সৰস মন্তব্যৰে ভাষণ আৰম্ভ কৰে। তেখেতে তদুপৰি দীন দয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী আৰু সুন্দৰ সিং ভাণ্ডাৰীৰ দৰে মহান ব্যক্তিসকলক গঢ় দিয়াত চহৰখনৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেখেতে আজিৰ দিনটো অৰ্থাৎ মঙলবাৰৰ কথা উল্লেখ কৰে আৰু উত্তৰ প্ৰদেশৰ উন্নয়নত সংযুক্ত হোৱা আন এটা সোণালী অধ্যায়ৰ বাবে পনকী ৱালে হনুমানজীৰ আশীৰ্বাদ কামনা কৰে। "উত্তৰ প্ৰদেশৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে আজি অতীতত হেৰুৱা সময় পূৰণৰ চেষ্টা কৰি আছে। আমি দ্বৈত গতিত কাম কৰি আছো", তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ প্ৰতিচ্ছবি সলনি হোৱাৰ কথা উল্লেখ কৰে। তেখেতে কয় যে অবৈধ অস্ত্ৰৰ বাবে জনাজাত এখন ৰাজ্য এতিয়া প্ৰতিৰক্ষা কৰিডৰৰ কেন্দ্ৰ, যিয়ে দেশখনৰ সুৰক্ষা আৰু নিৰাপত্তাত বৰঙণি যোগাইছে। সময়সীমা পালনৰ কৰ্ম সংস্কৃতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আধাৰশিলা স্থাপন কৰা কাম সম্পূৰ্ণ কৰিবলৈ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে দিন-ৰাতি কাম কৰিছে। "আমাৰ চৰকাৰে কানপুৰ মেট্ৰ'ৰ আধাৰশিলা স্থাপন আৰু আমাৰ চৰকাৰেই ইয়াক উৎসৰ্গা কৰিছে। আমাৰ চৰকাৰে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন আৰু আমাৰ চৰকাৰেই কামটো সম্পূৰ্ণ কৰিছে", শ্ৰী মোদীয়ে স্পষ্টকৈ কয়। তেখেতে উত্তৰ প্ৰদেশৰ আগন্তুক সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ৰাজ্যখনত নিৰ্মাণৰত অৱস্থাত থকা দেশৰ দীৰ্ঘতম এক্সপ্ৰেছৱে আৰু উত্তৰ প্ৰদেশত আহি থকা সমৰ্পিত ফ্ৰেইট কৰিডৰ হাবৰ দৰে গুৰুত্বপূৰ্ণ সাফল্যৰাজিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ বৰ্ষৰ পূৰ্বে উত্তৰ প্ৰদেশত চলি থকা মেট্ৰ'ৰ মুঠ দৈৰ্ঘ্য আছিল ৯ কিলোমিটাৰ। ২০১৪ আৰু ২০১৭ ৰ ভিতৰত, মেট্ৰ'ৰ দৈৰ্ঘ্য মুঠ ১৮ কিলোমিটাৰলৈ বৃদ্ধি পায়। যদি আমি আজি কানপুৰ মেট্ৰ'ক অন্তৰ্ভুক্ত কৰো, তেন্তে ৰাজ্যখনৰ মেট্ৰ'ৰ দৈৰ্ঘ্যই এতিয়া ৯০ কিলোমিটাৰ অতিক্ৰম কৰিছে, তেখেতে কয়।

পূৰ্বে অসম বিকাশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কেইবা দশক ধৰি যদি এটা অংশৰ বিকাশ সাধন হয়, আনটো অংশ পিছ পৰি ৰয়। "ৰাজ্যসমূহৰ স্তৰত, সমাজৰ এই বৈষম্য দূৰ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। সেইকাৰণে আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰে কাম কৰি আছে", বুলি তেখেতে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ প্ৰয়োজনীয়তা অনুধাৱনেৰে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে এক গুৰুত্বপূৰ্ণ কাম কৰি আছে। ইয়াৰ পূৰ্বে, উত্তৰ প্ৰদেশৰ কোটি-কোটি পৰিয়ালে পাইপযোগে পানী লাভ কৰা নাছিল। আজি আমি হৰ ঘৰ জল অভিযানৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ পানী যোগান ধৰাত আত্মনিয়োগ কৰিছো', প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি আঙুলিয়াই দিয়ে।

দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে উত্তৰ প্ৰদেশক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাবলৈ আন্তৰিকতাৰে আৰু দায়বদ্ধতাৰে কাম কৰি আছে। দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে কেনেকৈ বৃহৎ লক্ষ্য নিৰ্ধাৰণ আৰু সেয়া কেনেদৰে বাস্তৱায়িত কৰিব লাগে, সেয়া জানে। তেখেতে পৰিবহণ, বিদ্যুতৰ পৰিস্থিতি, চহৰ আৰু নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অগ্ৰগতি সাধনৰ উদাহৰণ প্ৰদান কৰে। তেখেতে অৱগত কৰে, ২০১৪ ত ৰাজ্যখনৰ নগৰীয়া দৰিদ্ৰ লোকসকলৰ বাবে মাত্ৰ ২.৫ লাখ ঘৰৰ তুলনাত যোৱা চাৰে-চাৰি বছৰত ১৭ লাখ ঘৰৰ অনুমোদন জনোৱা হৈছে। একেদৰে পথ বিক্ৰেতাসকলে প্ৰথমবাৰৰ বাবে চৰকাৰৰ সঁহাৰি লাভ আৰু প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে ৰাজ্যখনত ৭ লাখৰোধিক লোকে ৭০০ কোটিৰোধিক টকা লাভ কৰে। মহামাৰীটোৰ সময়ত চৰকাৰখনে ৰাজ্যখনৰ ১৫ কোটিৰোধিক নাগৰিকৰ বাবে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰিছিল। ২০১৪ ত দেশখনত মাত্ৰ ১৪ কোটি এলপিজি সংযোগ আছিল। এতিয়া ৩০ কোটিৰোধিক। কেৱল উত্তৰ প্ৰদেশতে, ১.৬০ কোটি পৰিয়ালে নতুন এলপিজি সংযোগ লাভ কৰিছে।

উন্নত আইন আৰু শৃংখলাজনিত পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগী চৰকাৰখনৰদ্বাৰা মাফিয়া সংস্কৃতি বিলুপ্ত কৰাৰ কথা অৱগতৰে ইয়াৰ ফলত উত্তৰ প্ৰদেশত বিনিয়োগ বৃদ্ধি পাইছে বুলি কয়। ব্যৱসায় আৰু উদ্যোগ সংস্কৃতিৰ প্ৰোৎসাহনৰ অৰ্থে, চৰকাৰখনে কানপুৰত এটা মেগা লেডাৰ ক্লাষ্টাৰ আৰু এটা ফজলগঞ্জত অনুমোদন জনাইছে। প্ৰতিৰক্ষা কৰিডৰ আৰু ওৱান ডিষ্ট্ৰিক্ট, ওৱান প্ৰডাক্টৰ দৰে আঁচনিসমূহে কানপুৰৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক লাভান্বিত কৰিব বুলি তেখেতে কয়। তেখেতে লগতে কয়, আইনৰ ভয়ত অপৰাধীবোৰ বেকফুটত আছে। তেখেতে শেহতীয়াভাৱে চৰকাৰী অভিযানৰ জৰিয়তে অবৈধ ধন উদ্ধাৰৰ কথাও উল্লেখ কৰে আৰু এনে লোকসকলৰ কৰ্ম সংস্কৃতি জনসাধাৰণে দেখিছে বুলি কয়।

 

***

DS/AK/SB



(Release ID: 1787066) Visitor Counter : 149