প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আইআইটি কানপুৰৰ ৫৪সংখ্যক সমাৱর্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্রধানমন্ত্রীয়ে ব্লকচেন-ভিত্তিক ডিগ্রী প্রদান ব্যৱস্থাৰ শুভাৰম্ভ কৰে
“দেশৰ বাবে এতিয়া যেনেকৈ অমৃতকাল, একেদৰে এয়া আপোনালোকৰ জীৱনৰো অমৃতকাল”
“আজি দেশৰ চিন্তাভাৱনা আৰু মানসিকতা ঠিক আপোনালোকৰ দৰেই; আগতে যিকোনো প্রকাৰে কাম কৰাৰ কথা চিন্তা কৰা হৈছিল, কিন্তু আজি সুচিন্তিত আৰু ফলাফলভিত্তিক মানসিকতাৰে কাম-কাজ সম্পাদনৰ চিন্তা কৰা হৈছে”
“ইতিমধ্যে বহু সময় অপচয় হৈছে, এই সময়ত দুটা প্রজন্ম পাৰ হৈছে; সেয়েহে এতিয়া আমি দুই মিনিট অপচয় কৰাৰো সময় নাই”
“মোৰ কথা শুনি যদি আপোনালোকৰ অস্থিৰ লাগিছে, তেতিয়াহ’লে মই বিচাৰো যে আপোনালোকো আত্মনির্ভৰ ভাৰতৰ বাবে অস্থিৰ হৈ উঠক; আত্মনির্ভৰ ভাৰত প্ৰকৃতাৰ্থত সম্পূর্ণ উদাৰতাৰ মৌলিক ৰূপ, য’ত আমি আনৰ ওপৰত নির্ভৰ নকৰো”
“আপোনালোকে যদি প্ৰত্যাহ্বানৰ কথা ভাবে, তেতিয়াহ’লে আপোনালোক চিকাৰী আৰু প্ৰত্যাহ্বান আপোনালোকৰ বাবে চিকাৰৰ দৰে”
“আনন্দ আৰু উদাৰতা শ্বেয়াৰ কৰাৰ সময়ত কোনো পাছৱর্ড ৰখা উচিৎ নহয়, সেয়েহে মুক্ত মনেৰে জীৱন উপভোগ কৰক”
Posted On:
28 DEC 2021 1:18PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি আইআইটি কানপুৰত ৫৪সংখ্যক সমাৱর্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ এই উপলক্ষে আইআইটি কানপুৰৰ উদ্ভাৱন কৰা ব্লকচেনভিত্তিক প্রযুক্তিৰ জৰিয়তে ডিজিটেল ডিগ্রী প্রদান কৰে।
সমাৱর্তন অনুষ্ঠানত প্রযুক্তি শিক্ষাৰ এই প্রতিষ্ঠানৰ ছাত্র-ছাত্রী আৰু অধ্যাপকবৃন্দক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে আজি কানপুৰৰ বাবে এক গুৰুত্বপূর্ণ দিন। এই চহৰখনে আজি মেট্র’ ৰে’ল সেৱাৰ সুবিধা পাইছে। আনহাতে, ডিগ্রী অর্জনকাৰী ছাত্র-ছাত্রীসকলে বিশ্বৰ বাবে মূল্যবান উপহাৰ হৈ উঠিছে। মর্যাদাপূর্ণ এই শিক্ষা প্রতিষ্ঠানৰ ছাত্র-ছাত্রীসকলৰ দীর্ঘ শিক্ষা-যাত্রাপথৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই প্রতিষ্ঠানত নামভর্তি হোৱাৰ সময়ৰ পৰা আজি ডিগ্রী অর্জন কৰি বাহিৰ হৈ যোৱাৰ দিনলৈকে আপোনালোকে নিশ্চয় নিজৰ মাজত এক বৃহৎ পৰিৱর্তন অনুভৱ কৰিছে। এই প্রতিষ্ঠানত অধ্যয়নৰ পূৰ্বে আপোনালোকৰ মনত নিশ্চয় বহু অজানা প্ৰশ্ন আৰু ভয় আছিল। কিন্তু, আজি আপোনালোকৰ বাবে অজানা একো নাই আৰু ভয়ো নাই। এতিয়া আপোনালোকৰ মাজত সমগ্র বিশ্ব অনুসন্ধানৰ সাহস জাগ্রত হৈছে. আনকি, আপোনালোকৰ মাজত নজনাটো জনাৰ ভয় দূৰ হৈছে৷ এতিয়া সময় আহিছে, সমগ্র বিশ্বক নেতৃত্ব দিয়াৰ স্বপ্ন দেখাৰ৷
কানপুৰৰ ঐতিহাসিক আৰু সামাজিক পৰম্পৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই চহৰ ভাৰতৰ কেইখনমান চহৰৰ মাজত এখন, য’ত বৈচিত্র্যৰ সমৃদ্ধি আছে। সত্তি চাউৰা ঘাটৰ পৰা মাদাৰি পাছি, নানা চাহেবৰ পৰা বটুকেশ্বৰ দত্ত ঘাটলৈকে আমি যেতিয়াই এই চহৰ ঘুৰি চাও, তেতিয়া ভাৱ হয় আমি এক গৌৰৱময় ইতিহাসত ভ্ৰমণ কৰিছো আৰু স্বাধীনতা সংগ্রামত আত্মবলিদানকাৰীসকলৰ গৌৰৱক স্পর্শ কৰিছো৷
প্রধানমন্ত্রী সদ্য উত্তীর্ণ ছাত্র-ছাত্রীসকলৰ জীৱনৰ বর্তমান পর্যায়ৰ গুৰুত্বৰ কথা উল্লেখ কৰে। এই প্রসংগত তেওঁ ১৯৩০চনৰ কথা স্মৰণ কৰে। সেই সময়ত যিসকল ২০-২৫ বছৰ বয়সীয়া আছিল, তেওঁলোকে ১৯৪৭চনত স্বাধীনতা অর্জনলৈকে বহু পথ অতিক্রম কৰিবলগীয়া হৈছিল৷ প্রকৃতাৰ্থত এয়াই আছিল তেওঁলোকৰ জীৱনৰ সুবর্ণ ক্ষণ। আজি আমি একেই সোনালী যুগত প্রৱেশ কৰিছো। দেশৰ বাবে এতিয়া যেনেকৈ অমৃতকাল, একেদৰে আপোনালোকৰ জীৱনো এতিয়া অমৃতকালৰ দৰে৷
আইআইটি কানপুৰৰ সাফল্যৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বর্তমান প্রযুক্তিৰ প্রেক্ষাপটত বৃত্তিধাৰী লোকসকলৰ বাবে ব্যাপক সম্ভাৱনা আনি দিছে। কৃত্রিম বুদ্ধিমত্তা, জলবায়ু পৰিৱর্তনৰ সমস্যা সমাধান, স্বাস্থ্য সেৱা ক্ষেত্র আৰু দুৰ্যোগ ব্যৱস্থাপনা প্রযুক্তিৰ প্রয়োগৰ ব্যাপক সম্ভাৱনাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এইবোৰ কেৱল আপোনালোকৰ বাবে কর্তব্যবোধ নহয়, বৰঞ্চ বহু প্রজন্মৰ বাবে সপোনৰ দৰে৷ আজি আপোনালোকৰ এই সপোন পূৰণৰ সৌভাগ্য হৈছে৷ বর্তমান সময় উচ্চাকাংক্ষী লক্ষ্য স্থিৰ কৰা আৰু সেয়া অর্জনত কৰণীয় সকলো কাম কৰাৰ সময়।”
প্রধানমন্ত্রী সজোৰে কয় যে একবিংশ শতিকা সম্পূর্ণ প্রযুক্তিনির্ভৰ৷ আনকি, বর্তমান দশকো বিভিন্ন ক্ষেত্রত প্রযুক্তিৰ প্রয়োগ ক্রমান্বয়ে বৃদ্ধি পাইছে। এক প্রকাৰ প্রযুক্তি অবিহনে জীৱনযাপন অসম্পূর্ণ। এই প্রতিষ্ঠানৰ ডিগ্রী অর্জনকাৰী এই ছাত্র-ছাত্রীসকলে জীৱন আৰু প্রযুক্তিৰ প্রতিযোগিতাপূর্ণ এই সময়ৰ পৰা বাহিৰ হৈ আহিব পাৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। প্রধানমন্ত্রীয়ে কয় যে আজি দেশৰ চিন্তাভাৱনা আৰু মানসিকতা ঠিক আপোনালোকৰ দৰেই৷ আগতে যিকোনো প্রকাৰে কাম কৰাৰ দিশত চিন্তা-চৰ্চা হৈছিল৷ কিন্তু, আজি সুচিন্তিত আৰু পৰিণামভিত্তিক মানসিকতাক লৈ কাম-কাজ সম্পাদনত চিন্তা কৰা হৈছে৷ আগতে সমস্যা বাদ দি যোৱাৰ দিশত চিন্তা কৰা হৈছিল৷ কিন্তু, আজি সমস্যাৰ সমাধানত সংকল্প লোৱা হৈছে৷
প্রধানমন্ত্রীয়ে উদ্বেগেৰে কয় যে স্বাধীনতা অর্জনৰ ২৫সংখ্যক বছৰ পৰা আজিলৈকে যি সময় অপচয় হৈছে, সেয়া দেশ গঠনৰ কামত লগাব পাৰিলেহেতেন৷ তেওঁ কয় যে দেশৰ স্বাধীনতা যেতিয়া ২৫ বছৰ পূর্ণ হয়, তেতিয়া নিজৰ ভৰিত থিয় দিয়াৰ লক্ষ্যৰে বহু কাম কৰা দৰকাৰ আছিল। কিন্তু, যেতিয়া এই বিষয়ত উপলব্ধি কৰা হৈছে, তেতিয়া যথেষ্ট দেৰি হৈ গৈছে। এই সময় দুটা প্রজন্ম পাৰ হৈছে৷ সেয়েহে, এতিয়া আমি দুই মিনিটো নষ্ট কৰাৰ সময় নাই।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ কথা শুনি যদি আপোনালোকৰ মন অস্থিৰ হৈছে, তেতিয়া হ’লে মই বিচাৰো, আপোনালোকো আত্মনির্ভৰ ভাৰতৰ বাবে অস্থিৰ হৈ উঠক। আত্মনির্ভৰ ভাৰত প্ৰকৃতাৰ্থত সম্পূর্ণ উদাৰতাৰ মৌলিক ৰূপ, য’ত আমি আনৰ ওপৰত নির্ভৰ নকৰিম৷ স্বামী বিবেকানন্দৰ কথা উদ্ধৃতি দি প্রধানমন্ত্রীয়ে কয় যে আমি যদি আত্মনির্ভৰ নহও, তেতিয়াহ’লে দেশে কিদৰে ইয়াৰ লক্ষ্য পূৰণ কৰিব, কিদৰে গন্তব্য স্থানত উপনীত হ’ব।
প্রধানমন্ত্রীয়ে লগতে কয় যে অটল উদ্ভাৱন মিচন, প্রধানমন্ত্রী গৱেষণা ফেলোশ্বিপ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে প্ৰচেষ্টাৱলীৰ জৰিয়তে দেশত আজি এক নতুন মানসিকতা আৰু সুযোগ-সুবিধাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে৷ সহজে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলা আৰু নীতিগত বাধা-বিঘিনিসমূহ দূৰ কৰাৰ সুফল আজি প্রত্যক্ষ কৰিছে। তেওঁ জনায় যে স্বাধীনতাৰ এই ৭৫ বছৰত এতিয়া দেশত ৭৫ হাজাতকৈ অধিক ইউনিকর্ন আৰু ৫০ সহস্ৰাধিক ষ্টার্টআপ আছে। ইয়াৰ ভিতৰত ১০ হাজাৰ কেৱল যোৱা ছমাহত গঢ় লৈ উঠিছে। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টার্টআপ হাব। আইআইটিৰ ছাত্র-ছাত্রীসকলক লৈ বহু ষ্টার্টআপ গঢ় লৈ উঠিছে। বিশ্ব ক্রমতালিকাত ভাৰতৰ স্থান আৰু উন্নত কৰিবলৈ এইসকল ছাত্র-ছাত্রীয়ে অৱদান আগবঢ়াব বুলিও তেওঁ আশা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো ভাৰতীয়ই এইটো নিবিচাৰে যে ভাৰতীয় সংস্থা আৰু পণ্য সামগ্রীসমূহে বিশ্ব মঞ্চত স্থান লাভ কৰক৷৷ এজন ব্যক্তি, যিজনে আইআইটি সম্বন্ধে ধাৰণা আছে, তেওঁৰ আইআইটিৰ ছাত্র-ছাত্রীৰ মেধা সম্পর্কে জ্ঞান আছে। এই ব্যক্তিসকলে এইটো জানে, আইআইটিৰ অধ্যাপক-অধ্যাপিকাসকলে কিমান কঠোৰ পৰিশ্রম কৰে। আনকি, আইআইটিৰ ছাত্র-ছাত্রীসকলে যিকোনো প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰে, সেই বিশ্বাসো তেওলোকৰ আছে।
প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলৰ সুখ-সমৃদ্ধিৰ পৰিৱর্তে প্ৰত্যাহ্বান গ্রহণ কৰাৰ পৰামর্শ আগবঢ়ায়৷ তেওঁ কয় যে আপোনালোকে এইটো বিচাৰে বা নিবিচাৰে, আপোনালোকৰ জীৱনযাত্রাৰ প্রতি খোজত প্ৰত্যাহ্বান জড়িত হৈ আছে। সেয়েহে, যিসকলে প্ৰত্যাহ্বানৰ পৰা আঁতৰি যায়, তেওঁলোকেই ইয়াৰ চিকাৰ হয়৷ কিন্তু, আপুনি যদি প্ৰত্যাহ্বানক স্বীকাৰ কৰে, তেতিয়া হ’লে আপুনি চিকাৰী আৰু প্ৰত্যাহ্বান আপোনাৰ চিকাৰ৷
ব্যক্তিগত প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলৰ সংবেদনশীল, কৌতুহলী, কল্পনাপ্রৱণ আৰু সৃজনশীল সত্ত্বা বৰ্তাই ৰখাৰ পৰামর্শ দিয়ে। তেওঁ ছাত্র-ছাত্রীসকলক প্রযুক্তিগত ক্ষেত্রৰ বাহিৰেও জীৱনযাপনৰ প্রতিটো খোজত সংবেদনশীল হ’বলৈ কয়৷ শেষত প্রধানমন্ত্রীয়ে কয় যে আনন্দ আৰু উদাৰতা শ্বেয়াৰ কৰাৰ বাবে কোনো পাছৱৰ্ড থকা উচিৎ নহয়, সেয়েহে মুক্ত মনেৰে জীৱন উপভোগ কৰক।”
***
DS/AK/DB
(Release ID: 1786493)
Visitor Counter : 197
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam