প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 14 DEC 2021 2:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।এই উপলক্ষে শ্ৰী মোদীয়ে শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা সকলোৰে সৈতে ভাগ-বতৰা কৰে।

 

এক টুইট শৃংখলাযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘আজি গীতা জয়ন্তীত শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা মই সকলোৰে সৈতে ভাগ-বতৰা কৰিছোঁ। স্বামী চিদ্ভাভানন্দৰ ভাগৱত গীতাৰ ই-বুক সংস্কৰণ মুকলি কৰা হৈছে।

গীতাৰ ওপৰত বিভিন্ন পণ্ডিতৰ ভাষ্যৰ সৈতে এখন পাণ্ডুলিপি মুকলি কৰা হৈছে।

 

সৰ্বোপনিষদো গাৱো দোগ্ধা গোপাল নন্দনঃ।

পাৰ্থ বৎসঃ সুধীৰভোক্তা দুগ্ধ গীতামৃত মহত্।।

গীতা জয়ন্তীৰ শুভেচ্ছা।

 

 

গীতা জয়ন্তীত শুভেচ্ছা।

জীৱনৰ বিভিন্ন ক্ষেত্ৰত গীতাৰ ব্যৱহাৰিক নিৰ্দেশনা, গীতাৰ শিক্ষাসমূহ বিশ্বব্যাপী প্ৰতিধ্বনিত হোৱা দেখি অতিশয় আনন্দিত।

 

***

DS/SH/KG



(Release ID: 1781559) Visitor Counter : 171