প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰানসীত ‘শ্ৰী কাশী বিশ্বনাথ ধাম’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


“বিশ্বানাথ ধাম কেৱল এক বিশাল মন্দিৰেই নহয়, ই ভাৰতৰ সনাতন সংস্কৃতিৰ নিদৰ্শনো। ই আমাৰ আধ্যাত্মিক আত্মাৰ প্ৰতীকো। ই ভাৰতৰ প্ৰচীনত্ব, পৰম্পৰা, ভাৰতৰ শক্তি আৰু গতিশীলতাৰো এক প্ৰতীক”

“আগতে মন্দিৰৰ আকাৰ আছিল ৩০০০বৰ্গ ফুট, যাক এতিয়া সম্প্ৰসাৰিত কৰা হ’ল ৫লাখ বৰ্গ ফুটলৈ। এতিয়া ৫০,০০০-৭৫,০০০ভক্তপ্ৰাণে মন্দিৰ আৰু মন্দিৰ প্ৰাংগণ দৰ্শন কৰিব পাৰিব”

“কাশী বিশ্বনাথ মন্দিৰৰ উদ্বোধনে ভাৰতক এক নিৰ্ণায়ক দিক্-দৰ্শন কৰাব, এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিব। সংকল্প আৰু সমন্বিত চিন্তাৰে আগবাঢ়িলে অসম্ভৱ বুলি একোৱেই নাথাকিব”

“মই মানুহৰ ৰূপতে ভগৱানক দৰ্শন কৰো, মোৰ বাবে প্ৰতিগৰাকী মানুহেই ভগৱানৰ অংশ। দেশৰ ৰাইজে তিনিটা সংকল্প গ্ৰহণ কৰাটো মই বিচাৰো, সেয়া হৈছে : স্বচ্ছতা, আত্ম-নিৰ্ভৰ ভাৰতৰ নিৰ্মাণ আৰু ইয়াৰ বাবে অহৰ্নিশে অব্যাহত প্ৰয়াস”

“সুদীৰ্ঘ কালৰ পৰাধীনতাই আমাৰ কঁকাল এনেকৈয়ে ভাঙিলে যে আমি আমাৰ নিজৰ সৃষ্টিৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছিলো।সেয়ে, আজি সহস্ৰ বছৰে পুৰণি কাশীৰ পৰা মই মোৰ দেশৰ নাগৰিকলক সম্পূৰ্ণ “আত্মবিশ্বাসী হোৱাৰ লগতে উদ্ভাৱন আৰু উদ্ভাৱনশীলতাৰে সৃষ্টিত মনোনিৱেশ কৰাৰ আহ্বান জনাব খুজিছো”

Posted On: 13 DEC 2021 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসীত ‘শ্ৰী কাশী বিশ্বনাথ ধাম’ৰ শুভ-উদ্বোধন কৰে। তেওঁ কাশীৰ ‘কাল বৈভৱ মন্দিৰ’ৰ লগতে ‘কাশী বিশ্বনাথ ধাম’ত পূজা-অৰ্চনা কৰে। ইয়াৰ পূৰ্বে তেওঁ গংগাত ডুব মাৰি পবিত্ৰ স্নানো সম্পন্ন কৰে।

নগৰ-ৰক্ষক(নগৰ-কটৱাল) মহাপ্ৰভু ‘কাল বৈভৱ’ক প্ৰণাম জনাই ভাষণৰ শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰীয়ে কয় ‘আশীৰ্বাদ অবিহণে কেতিয়াও কোনো বিশেষ কাৰ্য সম্পন্ন হ’ব নোৱাৰে’। তেওঁ দেশৰ নাগৰিকসকলৰ বাবে মহাপ্ৰভুৰ শুভাশিস কামনা কৰে। পুৰাণৰ উপমা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “কাশীত পদাৰ্পণ কৰাৰ লগে লগেই সকলোৱে দাসত্ব পৰা মুক্তি লাভ কৰে। আমি ইয়াত পদাৰ্পণ কৰাৰ লগে লগেই প্ৰভু বিশ্বেশ্বৰৰ এক অতি প্ৰকৃতিক শক্তিয়ে আমাৰ অন্তৰাত্মাক জগাই তোলে”। তেওঁ আৰু কয় যে এই “বিশ্বানাথ ধাম কেৱল এক বিশাল মন্দিৰেই নহয়। ই ভাৰতৰ সনাতন সংস্কৃতিৰ নিদৰ্শনো। ই আমাৰ আধ্যাত্মিক আত্মাৰ প্ৰতীকো। ই ভাৰতৰ প্ৰচীনত্ব, পৰম্পৰা, ভাৰতৰ শক্তি আৰু গতিশীলতাৰো এক প্ৰতীক। যিয়ে ইয়ালৈ আহে তেওঁলোকে কেৱল ইয়াত বিশ্বাসকে প্ৰত্যক্ষ নকৰিব বৰং আমাৰ অতীতৰ ঐতিহ্যকো অনুভৱ কৰিব পাৰিব। অনুভৱ কৰিব পাৰিব কেনেকৈ প্ৰাচীনত্বৰ লগতে নতুনত্বই একেলগে জীৱন্ত ৰূপ ধাৰণ কৰে। অনুভৱ কৰিব পাৰিব কেনেকৈ প্ৰাচীনত্বৰ উত্সাহে ভৱিষ্যতৰ দিকদৰ্শন কৰায়, আমি সেই কথা অনুধাৱন কৰিব পাৰো এই বৰ্ণাঢ্য বিশ্বনাথধাম চৌহদত”।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “আগতে মন্দিৰৰ আকাৰ আছিল ৩০০০বৰ্গফুট, যাক এতিয়া সম্প্ৰসাৰিত কৰা হ’ল ৫লাখ বৰ্গফুটলৈ। এতিয়া ৫০,০০০-৭৫,০০০ ভক্তপ্ৰাণে মন্দিৰ আৰু মন্দিৰ প্ৰাংগণ দৰ্শন কৰিব পাৰিব। অৰ্থাত্, প্ৰথমে দৰ্শন আৰু মা গংগাত স্নান, আৰু তাৰ পৰা পোণে পোণে বিশ্বনাথ ধামলৈ যাত্ৰা”।

কাশীৰ গৌৰৱগাঁথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “কাশী অবিনাশী, কিয়নো ই লাভ কৰিছে স্বয়ং শিৱৰ পৃষ্ঠপোষকতা”। তেওঁ এই ভব্য নিৰ্মাণ কাৰ্যৰে জড়িত প্ৰতিগৰাকী নিৰ্মাণ কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁলোকৰ সৈতে একেলগে বহি দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে। তেওঁ শ্ৰমিকসকলক সাক্ষাত্ কৰাৰ লগতে তেওঁলোকক সম্বৰ্দ্ধনাও জনায়। প্ৰসংগক্ৰমে তেওঁ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ লগতে উত্তৰ প্ৰদেশৰ চৰকাৰখনক কাশী বিশ্বনাথ ধাম প্ৰকল্প সম্পূৰ্ণ কৰি তোলাৰ বাবে নিৰলসভাবে আগবঢ়োৱা শ্ৰমৰ বাবে অভিনন্দন জনায়।

প্ৰসংগক্ৰমে তেওঁ কয় যে “এইখন মহানগৰীক আক্ৰমণ কৰা হৈছিল, ধ্বংস কৰাৰ অপচেষ্টা কৰা হৈছিল। এইখন নগৰীয়ে ঔৰংগজেবৰ অত্যাচাৰ আৰু সন্ত্ৰাসৰ সাক্ষ্য বহণ কৰিছিল। তৰোৱালৰে যি সভ্যতাৰ পৰিৱৰ্তন সাধনৰ অপচেষ্টা কৰিছিল। ধৰ্মীয় গোড়ামীৰে সংস্কৃতিক ধ্বংস কৰাৰ অপপ্ৰয়াস কৰিছিল। পিচে, এইখন দেশৰ মাটি পৃথিৱীৰ অন্য প্ৰান্ততকৈ সম্পূৰ্ণ পৃথক। যদি ইয়াত কোনোবা ঔৰংগজেব আছে, তেন্তে ইয়াত শিৱাজীও আছে। যদি কোনোবা ছেলাৰ মাছুদ আছে, তেন্তে ভাৰতৰ একতাৰ শক্তি দৰ্শন কৰাবলৈ ৰজা সুহেলদেৱৰ দৰে সাহসী যোদ্ধাও আছে। আনকি ব্ৰিটিছৰ সময়তো হেষ্টিংছৰ কি দশা হৈছিল কাশীৰ ৰাইজে সেয়া বাৰুকৈয়ে জানে” বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “কাশী বিশ্বনাথ মন্দিৰৰ উদ্বোধনে ভাৰতক এক নিৰ্ণায়ক দিক্-দৰ্শন কৰাব, এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিব। সংকল্প আৰু সমন্বিত চিন্তাৰে আগবাঢ়িলে অসম্ভৱ বুলি একোৱেই নাথাকিব”।

তেওঁ কয়, “মই মানুহৰ ৰূপতে ভগৱানক দৰ্শন কৰো, মোৰ বাবে প্ৰতিগৰাকী মানুহেই ভগৱানৰ অংশ। দেশৰ ৰাইজে তিনিটা সংকল্প গ্ৰহণ কৰাটো মই বিচাৰো, সেয়া হৈছে : স্বচ্ছতা, আত্ম-নিৰ্ভৰ ভাৰতৰ নিৰ্মাণ আৰু ইয়াৰ বাবে অহৰ্নিশে অব্যাহত প্ৰয়াস”।

প্ৰধানমন্ত্ৰীয়ে কয় “সুদীৰ্ঘ কালৰ পৰাধীনতাই আমাৰ কঁকাল এনেকৈয়ে ভাঙিলে যে আমি আমাৰ নিজৰ সৃষ্টিৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছিলো। সেয়ে, আজি সহস্ৰ বছৰে পুৰণি কাশীৰ পৰা মই মোৰ দেশৰ নাগৰিকলক সম্পূৰ্ণ আত্মবিশ্বাসী হোৱাৰ লগতে উদ্ভাৱন আৰু উদ্ভাৱনশীলতাৰে সৃষ্টিত মনোনিৱেশ কৰাৰ আহ্বান জনাব খুজিছো”

 

***

DS/AK/KB



(Release ID: 1781556) Visitor Counter : 162