প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংবিধান সভাৰ প্ৰথম ঐতিহাসিক বৈঠকৰ ৭৫ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সংবিধান সভাৰ মহান ব্যক্তিসকলক অভিবাদন জনায়
प्रविष्टि तिथि:
09 DEC 2021 12:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধান সভাৰ প্ৰথম ঐতিহাসিক বৈঠকৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে সংবিধান সভাৰ মহান ব্যক্তিসকলক অভিবাদন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শৃংখলাবদ্ধ টুইটত কয়:
"৭৫ বছৰ পূৰ্বে আজিৰ দিনটোতে সংবিধান সভাৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ মহান লোকসকলৰ, বিভিন্ন পৃষ্ঠভূমিৰ পৰা আনকি বিভিন্ন মতাদৰ্শৰ পৰাও, ভাৰতৰ জনসাধাৰণক এক সুন্দৰ সংবিধান প্ৰদান কৰাৰ একেই উদ্দেশ্য আছিল। মই এই মহান লোকসকলক নমস্কাৰ জনাইছো।
সংবিধান সভাৰ প্ৰথম খন বৈঠকত সভাপতিত্ব কৰে ড০ সচ্চিদানন্দসিনহা, যি সদনৰ জ্যেষ্ঠতম সদস্য আছিল।
তেওঁৰ নাম আচাৰ্য কৃপালানীয়ে প্ৰস্তাৱ কৰিছিল আৰু তেওঁক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।
আজি আমি সংবিধান সভাৰ প্ৰথম ঐতিহাসিক বৈঠকৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰি ছো, মই মোৰ যুৱ বন্ধুসকলক এই সন্মানীয় সদনৰ কাৰ্যক্ৰম আৰু ইয়াত জড়িত মহান ব্যক্তিসকলৰ বিষয়ে যিমান সম্ভৱ শিকিবলৈ অনুৰোধ জনাইছো। এনে কৰিলে তেওঁলোকৰ অভিজ্ঞতা বৌদ্ধিকভাৱে সমৃদ্ধ হ'ব।"
***
DS/SH/RD
(रिलीज़ आईडी: 1780837)
आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada