প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গণতন্ত্ৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় বিবৃতি

Posted On: 10 DEC 2021 5:46PM by PIB Guwahati

মহামহিম,

নমস্কাৰ

এই সন্মিলনত বিশ্বখনৰ সৰ্ববৃহৎ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিবলৈ পাই মই গৌৰৱান্বিত। গণতান্ত্ৰিক চেতনা আমাৰ সভ্যতাৰ নীতিৰে অবিচ্ছেদ্য অংগ। নিৰ্বাচিত ৰিপাব্লিকান চিটি-ষ্টেট যেনেঃ লিচ্ছৱী আৰু শাক্য ভাৰতত ২৫০০ বছৰ আগলৈকে বিকশিত হৈছিল। একেই গণতান্ত্ৰিক মনোভাৱ ১০ম শতিকাৰ "উথিৰামেৰুৰ" শিলালিপিত দেখা যায় যিয়ে গণতান্ত্ৰিক অংশগ্ৰহণৰ নীতিসমূহক সংঘবদ্ধ কৰিছিল। এই অতি গণতান্ত্ৰিক চেতনা আৰু লোকাচাৰে প্ৰাচীন ভাৰতক আটাইতকৈ সমৃদ্ধিশালী কৰি তুলিছিল। শতিকাজোৰা ঔপনিৱেশিক শাসনে ভাৰতীয় লোকৰ গণতান্ত্ৰিক চেতনাক দমন কৰিব নোৱাৰিলে। ই পুনৰ ভাৰতৰ স্বাধীনতাৰে সম্পূৰ্ণ অভিব্যক্তি বিচাৰি পাইছিল আৰু যোৱা ৭৫ বছৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ-নিৰ্মাণত এক অতুলনীয় কাহিনীৰ নেতৃত্ব প্ৰদান কৰে।

ই সকলো ক্ষেত্ৰতে অভূতপূৰ্ব আৰ্থ-সামাজিক অন্তৰ্ভুক্তিৰ কাহিনী। ই হৈছে অকল্পনীয় মাত্ৰাত স্বাস্থ্য, শিক্ষা আৰু মানৱ কল্যাণৰ নিৰন্তৰ অগ্ৰগতিৰ এক কাহিনী। ভাৰতৰ কাহিনীত বিশ্বখনলৈ এক স্পষ্ট বাৰ্তা বিদ্যমান। যে গণতন্ত্ৰই প্ৰদান কৰিব পাৰে, যে গণতন্ত্ৰই প্ৰদান কৰিছে আৰু যে গণতন্ত্ৰই প্ৰদান কৰি থাকিব।

মহামহিম,

বহু-দলীয় নিৰ্বাচন, স্বতন্ত্ৰ ন্যায়পালিকা আৰু মুক্ত সংবাদ মাধ্যমৰ দৰে গাঁথনিগত বৈশিষ্ট্যৰাজি হৈছে গণতন্ত্ৰৰ গুৰুত্বপূৰ্ণ আহিলা। অৱশ্যে, গণতন্ত্ৰৰ মৌলিক শক্তি হৈছে আমাৰ নাগৰিক আৰু আমাৰ সমাজৰ মাজত থকা উদ্দীপনা আৰু লোকাচাৰ। গণতন্ত্ৰ কেৱল জনসাধাৰণৰ, জনসাধাৰণৰদ্বাৰা, জনসাধাৰণৰ বাবেই নহয় বৰঞ্চ ই জনসাধাৰণৰ সৈতে, জনসাধাৰণৰ মাজত।

মহামহিম,

বিশ্বখনৰ ভিন্ন প্ৰান্তই গণতান্ত্ৰিক উন্নয়নৰ বিভিন্ন পথ অনুসৰণ কৰিছে। আমি পৰস্পৰে-পৰস্পৰৰপৰা বহু শিকিব পাৰো। আমি আটায়ে আমাৰ গণতান্ত্ৰিক পন্থা আৰু ব্যৱস্থাৰাজিৰ নিৰন্তৰভাৱে অগ্ৰগতি সাধন কৰিব লাগে। আৰু, আমি সকলোৱে নিৰন্তৰভাৱে অন্তৰ্ভুক্তি, স্বচ্ছতা, মানৱীয় মৰ্য্যাদা, সঁহাৰিমূলক অভিযোগ নিষ্পত্তি আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বৃদ্ধি কৰিব লাগিব।

ইয়াৰ পৰিপ্ৰেক্ষিতত, আজিৰ সন্মিলনে গণতন্ত্ৰসমূহৰ মাজত সহযোগিতাক আগুৱাই নিবলৈ এক সময়োপযোগী মঞ্চ প্ৰদান কৰিছে। ভাৰতে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিতৰ ক্ষেত্ৰত আৰু উদ্ভাৱনীমূলক ডিজিটেল সমাধানৰ জৰিয়তে শাসনৰ সকলো ক্ষেত্ৰতে স্বচ্ছতা বৃদ্ধিত নিজৰ দক্ষতা আদান-প্ৰদান কৰিবলৈ পালে সুখী হ'ব। আমি সামাজিক মাধ্যম আৰু ক্ৰিপ্ট’-কাৰেন্সীৰ দৰে উদীয়মান প্ৰযুক্তিসমূহৰ বাবে বৈশ্বিক নিয়মৰাজিকো যুটীয়াভাৱে গঢ় দিব লাগিব, যাতে সেয়া গণতন্ত্ৰক সবলীকৰণৰ অৰ্থে ব্যৱহাৰ কৰা হয়, অৱমূল্যায়নৰ বাবে নহয়।

মহামহিম,

একেলগে কাম কৰি গণতন্ত্ৰসমূহে আমাৰ নাগৰিকসকলৰ আশা-আকাংক্ষাৰাজি পূৰণ আৰু মানৱতাৰ গণতান্ত্ৰিক উদ্দীপনা উদযাপন কৰিব পাৰে। ভাৰত এই মহৎ প্ৰচেষ্টাত সহযোগী গণতন্ত্ৰসমূহৰ সৈতে যোগদান কৰিবলৈ সাজু।

ধন্যবাদ। বহু-বহু ধন্যবাদ।

***

DS/VJ/SB



(Release ID: 1780835) Visitor Counter : 199