প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১১ ডিচেম্বৰত উত্তৰপ্রদেশৰ বলৰামপুৰ ভ্ৰমণ আৰু সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


চাৰি দশক ধৰি অসম্পূৰ্ণ প্রকল্প চাৰি বছৰত সম্পূ্ৰ্ণ কৰা হৈছে

দীর্ঘদিন ধৰি অসম্পূৰ্ণ ৰাষ্ট্ৰীয় স্বার্থ জড়িত প্রকল্প সম্পূ্ৰ্ণ কৰাৰ প্ৰতি প্রধানমন্ত্রীৰ অগ্রাধিকাৰৰ লগতে কৃষকসকলৰ কল্যাণ আৰু তেওঁলোকৰ সবলীকৰণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবেই কাৰ্যক্ষম হ’ল প্রকল্প

এই প্রকল্পৰ ফলত পূব উত্তৰপ্রদেশৰ ৬২০০তকৈ অধিক গাঁৱৰ ২৯ লাখ কৃষক উপকৃত হ’ব আৰু ১৪ লক্ষাধিক হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা উপলব্ধ হ’ব

সংশ্লিষ্ট অঞ্চলৰ কৃষি-সম্ভাৱনাক কৃষকসকলে সৰ্বাধিক কামত লগাব পাৰিব

এই প্রকল্পৰ জৰিয়তে সংযুক্ত হ’ল ঘাগৰা, সৰযূ, ৰাপ্তী, বনগংগা আৰু ৰোহিনী নদী

Posted On: 10 DEC 2021 8:25AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ ডিচেম্বৰত উত্তৰপ্রদেশৰ বলৰামপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া ১বজাত সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প উদ্বোধন কৰিব।

এই প্রকল্পৰ কাম ১৯৭৮ চনত আৰম্ভ হৈছিল। কিন্তু প্রকল্পৰ বাবে বাজেট আৱণ্টন নোহোৱা, বিভিন্ন বিভাগৰ মাজত সমন্বয় নথকা আৰু উপযুক্ত নিৰীক্ষণ নকৰাৰ ফলত প্রায় চাৰি দশকেও প্রকল্পৰ কাম সম্পূৰ্ণ হোৱা নাছিল৷ কৃষকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে প্রধানমন্ত্রীৰ প্ৰচেষ্টা আৰু দীর্ঘ দিনে অসম্পূৰ্ণ ৰাষ্ট্ৰীয় স্বার্থ জড়িত প্রকল্পসমূহৰ কাম সম্পূ্ৰ্ণ কৰিবলৈ তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্পই বিশেষ গুৰুত্ব লাভ কৰে৷ ২০১৬ চনত প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাত এই প্রকল্প অন্তর্ভুক্ত কৰাত নির্দিষ্ট সময়ত ইয়াৰ কাম সম্পূ্ৰ্ণ কৰাৰ পৰিকল্পনা লোৱা হয়। ইয়াৰ পাছত নতুন খাল খনন আৰু প্রকল্পৰ বিভিন্ন গুৰুত্বপূর্ণ কামৰ বাবে ভূমি অধিগ্রহণত অভিনৱ প্ৰচেষ্টা গ্রহণ কৰা হয়। দীর্ঘদিন ধৰি অসম্পূৰ্ণ গোচৰৰ নিষ্পত্তি কৰা হয়। ইয়াৰ ফলত মাত্র চাৰি বছৰৰ প্রকল্পৰ কাম সম্পূৰ্ণ হয়।

সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প নির্মাণত ৯,৮০০ কোটি টকা ব্যয় হৈছে। ইয়াৰ ভিতৰত বিগত চাৰি বছৰত ব্যয় কৰা হৈছে ৪,৬০০ কোটি টকা। ঘাগৰা, সৰযূ , ৰাপ্তী, বনগংগা আৰু ৰোহিনী নদীক এই প্রকল্পৰ জৰিয়তে সংযুক্ত কৰাত সংশ্লিষ্ট অঞ্চলত সৰ্বাধিক পানীৰ ব্যৱহাৰ নিশ্চিত হৈছে।

এই প্রকল্পত ৬২০০তকৈ অধিক গাঁৱৰ ২৯ লাখ কৃষক উপকৃত হ’ব আৰু ১৪ লক্ষাধিক হেক্টৰ ভূমি জলসিঞ্চনৰ আওতালৈ আহিব। বাহেৰাইচ, শ্রৱস্তী, বলৰামপুৰ, গোন্দা, সিদ্ধার্থনগৰ, বাস্তি, সন্ত কবীৰ নগৰ, গোৰখপুৰ আৰু মহাৰাজগঞ্জকে ধৰি পূব উত্তৰপ্রদেশৰ ৯খন জিলাৰ জনসাধাৰণ ইয়াৰ ফলত উপকৃত হ’ব৷ প্রকল্প ৰূপায়ণত অস্বাভাৱিক বিলম্ব হোৱাৰ ফলত এই অঞ্চলৰ কৃষকসকলে দীর্ঘদিন যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ সেয়েহে, এতিয়া তেওঁলোকে অত্যাধুনিক জলসিঞ্চনৰ সুবিধাৰে উপকৃত হ’ব৷ কৃষকসকলে অনাগত দিনত আৰু অধিক পৰিমাণে ফচল উৎপাদন কৰিব পাৰিব আৰু সংশ্লিষ্ট অঞ্চলৰ কৃষি সম্ভাৱনাক সর্বোচ্চ পর্যায়ত কামত লগাব পাৰিব৷

***

DS/SH/AK/DB



(Release ID: 1780832) Visitor Counter : 118