প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিডনী ডায়লগত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ

Posted On: 18 NOV 2021 9:40AM by PIB Guwahati

মোৰ মৰমৰ বন্ধু, প্ৰধানমন্ত্ৰী স্কট মৰিচন,

বন্ধুসকল,

নমস্কাৰ!

আপুনি মোক প্ৰথম চিডনী ডায়লগত মূল ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱাটো ভাৰতৰ জনসাধাৰণৰ বাবে এক ডাঙৰ সন্মান। মই ইয়াক ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু উদীয়মান ডিজিটেল বিশ্বখনত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাৰ স্বীকৃতি স্বৰূপে চাইছো। ই তদুপৰি আমাৰ দুয়োখন দেশৰ মাজত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ প্ৰতিও এক শ্ৰদ্ধাৰ্ঘ্য, অঞ্চলটো আৰু বিশ্বখনৰ বাবে এক উত্তম শক্তি। উদীয়মান, গুৰুত্বপূৰ্ণ আৰু চাইবাৰ প্ৰযুক্তিৰাজিৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে মই চিডনী ডায়লগক অভিনন্দন জনাইছো।

বন্ধুসকল,

আমি এটা যুগত এবাৰ সংঘটিত পৰিৱৰ্তনৰ সময়ত উপনীত হৈছো। ডিজিটেল যুগটোৱে আমাৰ চৌপাশৰ সকলোবোৰ সলনি কৰি পেলাইছে। ই ৰাজনীতি, অৰ্থনীতি আৰু সমাজক পুনৰ সংজ্ঞায়িত কৰিছে। ই সাৰ্বভৌমত্ব, প্ৰশাসন, নীতি, আইন, অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত নতুন প্ৰশ্ন উত্থাপন কৰিছে। ই আন্তৰ্জাতিক প্ৰতিযোগিতা, শক্তি আৰু নেতৃত্বক নতুন ৰূপ প্ৰদান কৰিছে। ই প্ৰগতি আৰু সমৃদ্ধিৰ বাবে সুযোগৰাজিৰ এক নতুন যুগৰ সূচনা কৰিছে। কিন্তু, আমি সমুদ্ৰ পৃষ্ঠৰপৰা চাইবাৰ তথা মহাকাশলৈকে ভিন্ন ভাবুকিৰ ওপৰত নতুন বিপদাশংকা আৰু নতুন ধৰণৰ সংঘাতৰ মুখামুখি হৈছো। প্ৰযুক্তি ইতিমধ্যে বৈশ্বিক প্ৰতিযোগিতাৰ এক মুখ্য আহিলা হৈ পৰিছে আৰু ই ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় শৃংখলা গঢ়ি তোলাৰ মূল চাবিকাঠি। প্ৰযুক্তি আৰু তথ্য নতুন অস্ত্ৰ হৈ উঠিছে। গণতন্ত্ৰৰ সৰ্ববৃহৎ শক্তি হৈছে মুক্ততা। একে সময়তে, আমি কেতবোৰ ন্যস্ত স্বাৰ্থজড়িতক এই মুক্ততাৰ অপব্যৱহাৰ কৰিবলৈ দিয়াটো উচিত নহয়।

বন্ধুসকল,

গণতন্ত্ৰ আৰু ডিজিটেল নেতৃত্ব হিচাপে ভাৰতে আমাৰ সহভাজিত সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ সাজু। ভাৰতৰ ডিজিটেল বিপ্লৱৰ আধাৰ হৈছে আমাৰ গণতন্ত্ৰ, আমাৰ জনগাঁথনি আৰু আমাৰ অৰ্থনীতিৰ মাত্ৰা। ইয়াক আমাৰ যুৱ সমাজৰ উদ্যোগ আৰু উদ্ভাৱনে চালিত কৰিছে। আমি পূৰ্বৰ প্ৰত্যাহ্বানৰাজিক ভৱিষ্যতলৈ জাঁপ দিয়াৰ সুযোগলৈ পৰিৱৰ্তন কৰিছো। ভাৰতত পাঁচটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। এক, আমি বিশ্বখনৰ অতিশয় বিস্তৃত ৰাজহুৱা তথ্য আন্তঃগাঁথনি গঢ়ি আছো। ১.৩ বিলিয়নৰোধিক ভাৰতীয়ৰ এক অনন্য ডিজিটেল পৰিচয় আছে। আমি ছয় লাখখন গাঁৱক ব্ৰডবেণ্ডৰে সংযোগ কৰিবলৈ আগবাঢ়িছো। আমি বিশ্বখনৰ আটাইতকৈ ফলপ্ৰসূ পৰিশোধ আন্তঃগাঁথনি ইউপিআই প্ৰৱৰ্তন কৰিছো। ৮০০ নিযুতৰো অধিক ভাৰতীয়ই ইণ্টাৰনেট ব্যৱহাৰ কৰে; ৭৫০ নিযুতৰ স্মাৰ্ট-ফোন আছে। আমি জনমূৰি তথ্যৰ সৰ্ববৃহৎ উপভোক্তা আৰু বিশ্বখনৰ আটাইতকৈ সস্তীয়া ডাটাৰ ই অন্যতম। দ্বিতীয়তে, আমি প্ৰশাসন, অন্তৰ্ভুক্তি, সবলীকৰণ, যোগাযোগ, লাভালাভ প্ৰদান আৰু কল্যাণৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰেৰে জনসাধাৰণৰ জীৱনযাত্ৰা সলনি কৰিছো। সকলোৱে ভাৰতৰ বিত্তীয় অন্তৰ্ভুক্তি, বেংকিং আৰু ডিজিটেল পৰিশোধ বিপ্লৱৰ বিষয়ে শুনা পাইছে। শেহতীয়াভাৱে, আমি আৰোগ্য সেতু আৰু ক’উইন প্লেটফৰ্ম ব্যৱহাৰেৰে ভাৰতৰ বিশাল ভূখণ্ডত ১.১ বিলিয়নৰোধিক পালি ভেকছিন প্ৰদান কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছো। আমি আমাৰ বিলিয়নৰোধিক লোকৰ অৰ্থে সুলভ আৰু সৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে এটা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰো শুভাৰম্ভ কৰিছো। আমাৰ এক ৰাষ্ট্ৰ, এক কাৰ্ডে দেশখনৰ যিকোনো প্ৰান্তৰ কেইবা নিযুত শ্ৰমিকক লাভালাভ আগবঢ়াব। তৃতীয়তে, ভাৰতত বিশ্বখনৰ তৃতীয় সৰ্ববৃহৎ আৰু ক্ষীপ্ৰ বিকশিত ষ্টাৰ্টআপ বাতাবৰণ আছে। আগন্তুক প্ৰতিটো সপ্তাহতে নতুন ইউনিকৰ্ন আহি আছে। তেওঁলোকে স্বাস্থ্য আৰু শিক্ষাৰপৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোবোৰৰ সমাধান সূত্ৰ আগবঢ়াইছে।

চতুৰ্থতে, ভাৰতৰ উদ্যোগ আৰু সেৱা খণ্ড, আনকি কৃষিও ব্যাপক ডিজিটেল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে। আমি তদুপৰি স্বচ্ছ শক্তি পৰিৱৰ্তন, সম্পদৰ ৰূপান্তৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ অৰ্থে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি আছো। পঞ্চমতে, ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ এক বৃহৎ প্ৰয়াস কৰা হৈছে। আমি ৫জি আৰু ৬জিৰ দৰে টেলিকম প্ৰযুক্তিত থলুৱা সামৰ্থ্য বিকাশত বিনিয়োগ কৰিছো। কৃত্ৰিম বুদ্ধিমত্তাৰ মানৱ-কেন্দ্ৰিক আৰু নীতিনিষ্ঠ ব্যৱহাৰকে প্ৰমুখ্য কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণৰ ক্ষেত্ৰত ভাৰত হৈছে এক শীৰ্ষস্থানীয় ৰাষ্ট্ৰ। আমি ক্লাউড প্লেটফৰ্ম আৰু ক্লাউড কম্পিউটিঙত শক্তিশালী ক্ষমতা বিকাশ কৰি আছো।

প্ৰাণোচ্ছলতা আৰু ডিজিটেল সাৰ্বভৌমত্বৰ মূল চাবিকাঠি। আমি কোৱান্টাম কম্পিউটিঙত বিশ্বমানৰ সামৰ্থ্য গঢ়ি তুলিছো। ভাৰতৰ মহাকাশ কাৰ্য্যক্ৰম আমাৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই খণ্ডটো এতিয়া ব্যক্তিগত খণ্ডৰপৰা উদ্ভাৱন আৰু বিনিয়োগৰ বাবে মুকলি। ভাৰত ইতিমধ্যে বিশ্বজুৰি কৰ্প’ৰেটসকলক চাইবাৰ সুৰক্ষা সমাধান আৰু সেৱা প্ৰদানৰ এক প্ৰধান কেন্দ্ৰ হৈ উঠিছে। ভাৰতক চাইবাৰ নিৰাপত্তাৰ বাবে এক বিশ্ব কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি আমাৰ উদ্যোগৰ সৈতে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছো। আমাৰ দক্ষতা আৰু বৈশ্বিক আশ্বাসৰ লাভালাভ আছে। আৰু এতিয়া, আমি হাৰ্ডৱেৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। আমি ছেমি-কণ্ডাক্টৰৰ এক মুখ্য নিৰ্মাতা হ'বলৈ ইনচেণ্টিভৰ এটা পেকেজ যুগুত কৰি আছো। ইলেকট্ৰনিক্স আৰু টেলিকমত আমাৰ উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনিয়ে ইতিমধ্যে ভাৰতত আধাৰ স্থাপন কৰিবলৈ স্থানীয় আৰু বৈশ্বিক প্লেয়াৰসকলক আকৰ্ষিত কৰিছে।

বন্ধুসকল,

আজিৰ প্ৰযুক্তিৰ সৰ্ববৃহৎ উৎপাদন হৈছে তথ্য। ভাৰতত, আমি তথ্য সুৰক্ষা, গোপনীয়তা আৰু সুৰক্ষাৰ এক শক্তিশালী পৰিকাঠামো গঢ়ি তুলিছো। আৰু, একে সময়তে, আমি তথ্যক জনতাৰ সবলীকৰণৰ এটি উৎস হিচাপেও ব্যৱহাৰ কৰিছো। ব্যক্তিগত অধিকাৰৰাজিৰ শক্তিশালী নিশ্চিতিৰ সৈতে গণতান্ত্ৰিক পৰিকাঠামোত এনে কৰাৰ ভাৰতৰ অসামান্য অভিজ্ঞতা আছে।

বন্ধুসকল,

এখন ৰাষ্ট্ৰই প্ৰযুক্তি ব্যৱহাৰৰ ধৰণ ইয়াৰ প্ৰমূল্যবোধ আৰু দৃষ্টিৰ সৈতে সংযুক্ত। ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰাজি পুৰণি; ইয়াৰ আধুনিক প্ৰতিষ্ঠানবোৰ শক্তিশালী। আৰু, আমি সদায়েই পৃথিৱীখনক এটা পৰিয়াল হিচাপে বিশ্বাস কৰি আহিছো। ভাৰতৰ তথ্য প্ৰযুক্তি প্ৰতিভাই বৈশ্বিক ডিজিটেল অৰ্থনীতি সৃষ্টিত সহায় কৰিছিল। ই ৱাই২কে সমস্যাৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰাত সহায় কৰিছিল। ই আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰযুক্তি আৰু সেৱাৰাজিৰ বিৱৰ্তনত বৰঙণি যোগাইছে। আজি, আমি সমগ্ৰ বিশ্বখনকে আমাৰ ক’উইন প্লেটফৰ্ম বিনামূলীয়াকৈ আগবঢ়াইছো আৰু ইয়াক মুক্ত উৎস ছফ্টৱেৰ কৰি তুলিছো। ৰাজহুৱা কল্যাণ, সামগ্ৰিক বিকাশ আৰু সামাজিক সবলীকৰণৰ বাবে প্ৰযুক্তি আৰু নীতিৰ ব্যৱহাৰৰ সৈতে ভাৰতৰ বিস্তৃত অভিজ্ঞতাই উন্নয়নশীল বিশ্বখনৰ বাবে যথেষ্ট সহায়ক হৈ উঠিব পাৰে। আমি ৰাষ্ট্ৰসমূহ আৰু ইয়াৰ লোকসকলক সবলীকৰণ কৰিবলৈ আৰু এই শতিকাৰ সুযোগৰাজিৰ বাবে তেওঁলোকক সাজু কৰি তুলিবলৈ একেলগে কাম কৰিব পাৰো। এই পৃথিৱীৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবেও এয়া গুৰুত্বপূৰ্ণ যিয়ে আমাৰ গণতান্ত্ৰিক আদৰ্শ আৰু প্ৰমূল্যবোধক প্ৰতিফলিত কৰে। ই আমাৰ স্বকীয় ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সমৃদ্ধিৰ দৰেই গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

সেয়েহে, গণতন্ত্ৰসমূহে একেলগে কাম কৰাটো অপৰিহাৰ্য্যঃ ভৱিষ্যৎ প্ৰযুক্তিত গৱেষণা আৰু বিকাশত একেলগে বিনিয়োগ কৰা; বিশ্বস্ত উৎপাদন আধাৰ আৰু বিশ্বাসযোগ্য যোগান শৃংখলাৰ বিকাশ সাধন; চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত চোৰাংচোৱা আৰু কাৰ্য্যকৰী সহযোগিতা গভীৰ কৰা, গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনি সুৰক্ষিত কৰা; জনমতক উপেক্ষা প্ৰতিহত কৰিবলৈ; আমাৰ গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰে সামঞ্জস্য ৰাখি কাৰিকৰী আৰু প্ৰশাসনৰ মানদণ্ড আৰু নিয়ম যুগুত কৰা; আৰু, ডাটা প্ৰশাসন আৰু সীমান্ত-অতিক্ৰমি প্ৰবাহৰ বাবে ডাটাক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানকাৰী মানদণ্ড আৰু নিয়ম সৃষ্টি কৰা। ইয়াক ৰাষ্ট্ৰীয় অধিকাৰ হিচাপেও স্বীকৃতি প্ৰদান কৰিব লাগে আৰু একে সময়তে বাণিজ্য, বিনিয়োগ আৰু বৃহত্তৰ ৰাজহুৱা কল্যাণক প্ৰোৎসাহিত কৰিব লাগে। উদাহৰণস্বৰূপে ক্ৰিপ্ট’-কাৰেন্সী বা বিটকইনৰ কথা বিবেচনা কৰক। সকলো গণতান্ত্ৰিক ৰাষ্ট্ৰই এই সন্দৰ্ভত একেলগে কাম কৰাটো আৰু আমাৰ যুৱ সমাজক নষ্ট কৰিব পৰা ভুল হাতত যাতে ইয়াৰ শেষ নহয়, তাৰ নিশ্চিতকৰণ গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আমি পছন্দৰ এক ঐতিহাসিক মুহূৰ্তত উপনীত হৈছো। আমাৰ যুগৰ প্ৰযুক্তিৰ সকলো আশ্চৰ্য্যকৰ শক্তি সহযোগিতা নে সংঘাত, বলপূৰ্বক নে পছন্দ, আধিপত্য নে বিকাশ, অত্যাচাৰ বা সুযোগৰ আহিলা হৈ উঠিব। ভাৰত, অষ্ট্ৰেলিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত আমাৰ অংশীদাৰসকল আৰু আনেও আমাৰ সময়ৰ আহ্বান শুনিব। আৰু, আমি আমাৰ দায়িত্ব পালন কৰাৰ নিমিত্তে সক্ৰিয় হ’বলৈ প্ৰস্তুত। মই নিশ্চিত যে এই যুগৰ বাবে আমাৰ অংশীদাৰিত্ব গঢ়ি তোলাত আৰু আমাৰ ৰাষ্ট্ৰ আৰু বিশ্বখনৰ ভৱিষ্যতৰ প্ৰতি আমাৰ দায়িত্ব পালনত আমাক সহায় কৰিবলৈ চিডনী ডায়লগ এক আশ্চৰ্য্যকৰ মঞ্চ হ'ব।

ধন্যবাদ।

*****

DS/AKJ/SB


(Release ID: 1779254) Visitor Counter : 179