প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান সহ স্বতন্ত্ৰ সেনানী সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ ইংৰাজী অনুবাদ

Posted On: 15 NOV 2021 2:04PM by PIB Guwahati

নমস্কাৰ!

ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ এই অনুষ্ঠানত আমাৰ সৈতে যোগদান কৰিছে ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত সোৰেন জী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা জী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বাবু লাল মাৰাণ্ডি জী, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী জী, অন্নপূৰ্ণা দেৱী জী, ৰঘুবৰ দাস জী, ঝাৰখণ্ড চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ঝাৰখণ্ডৰ মোৰ বন্ধুসকলকে প্ৰমুখ্য কৰি সমগ্ৰ দেশখনৰ মোৰ জনজাতীয় ভাই-ভনীসকলে। দেশখনৰ মহান স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত জোহৰ (শুভেচ্ছা) সকলো জনজাতীয় ভাই-ভনীলৈ!

বন্ধুসকল,

আমাৰ জীৱনত কিছুমান দিন সৌভাগ্যৰদ্বাৰা আহে। আৰু, এই দিনবোৰ অহা মাত্ৰেকে এই আভা আৰু উজ্জ্বলতা পৰৱৰ্তী প্ৰজন্মসমূহলৈ এক সুন্দৰ ৰূপত আগবঢ়োৱাটো আমাৰ কৰ্তব্য! আজি তেনেকুৱা এক পবিত্ৰ অনুষ্ঠান। ১৫ নৱেম্বৰ তাৰিখটো! 'ধৰতী আবা' ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী! ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস! আৰু দেশখনৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই গুৰুত্বপূৰ্ণ সময়! এয়া আমাৰ ৰাষ্ট্ৰীয় বিশ্বাসৰ এক উপলক্ষ, ভাৰতৰ পুৰাতন জনজাতীয় সংস্কৃতিক মহিমান্বিত কৰাৰ এক উপলক্ষ। ভাৰতৰ এই আত্মাক লৈ যোৱাটো আমাৰ কৰ্তব্য যিয়ে জনজাতীয় সমাজখনৰপৰা ইয়াৰ শক্তি কঢ়িয়াই আনে নতুন শিখৰলৈ। সেয়েহে, দেশখনে স্বাধীনতাৰ এই পুণ্য যুগত জনজাতীয় পৰম্পৰা আৰু ইয়াৰ বীৰত্বৰ কাহিনীবোৰক এক গৌৰৱময় পৰিচয় প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে, আজিৰেপৰা দেশখনে ১৫ নৱেম্বৰ অৰ্থাৎ ভগৱান বিৰছা মুণ্ডাৰ জন্মদিনটো প্ৰতি বছৰে জনজাতীয়া গৌৰৱ দিৱস হিচাপে উদযাপনৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

মই আজি ভগৱান বিৰছা মুণ্ডা আৰু আমাৰ জনজাতীয় স্বাধীনতা সংগ্ৰামী আৰু সাহসী নায়কসকলৰ চৰণত শ্ৰদ্ধাৰে দেশখনৰ এই সিদ্ধান্ত ঘোষণা কৰিছো। এই উপলক্ষে মই ঝাৰখণ্ডৰ সকলো জনসাধাৰণ, দেশখনৰ প্ৰতিটো প্ৰান্তৰ সকলো জনজাতীয় ভাই-ভনী আৰু আমাৰ দেশবাসীক অলেখ অভিনন্দন জনাইছো। মই মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ মোৰ জনজাতীয় ভাই, ভনী আৰু শিশুসকলৰ সৈতে অতিবাহিত কৰিছো। মই তেওঁলোকৰ সুখ আৰু দুখ, তেওঁলোকৰ দৈনন্দিন ৰুটিন, তেওঁলোকৰ জীৱনৰ প্ৰতিটো সৰু আৰু ডাঙৰ প্ৰয়োজনীয়তা প্ৰত্যক্ষ কৰি আহিছো। সেয়েহে, আজিৰ দিনটো ব্যক্তিগতভাৱে মোৰ বাবে এক অতি আৱেগৰ দিন।

বন্ধুসকল,

আমাৰ শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী জীৰ দৃঢ় ইচ্ছাৰ বাবে আজিৰ দিনটোতে ঝাৰখণ্ড ৰাজ্য হিচাপে ঘোষিত হৈছিল। সেয়াই আছিল অটল বিহাৰী বাজপেয়ী জী যিয়ে প্ৰথমবাৰৰ বাবে পৃথক জনজাতি মন্ত্ৰালয় গঠন কৰিছিল আৰু দেশখনৰ নীতিৰে জনজাতীয় স্বাৰ্থৰাজি সুৰক্ষিত কৰিছিল। ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই শ্ৰদ্ধেয় অটল জীৰ চৰণত সেৱাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

বন্ধুসকল,

এই গুৰুত্বপূৰ্ণ উপলক্ষত ৰাষ্ট্ৰখনৰ প্ৰথম জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰা হৈছে। ভাৰতৰ পৰিচয় আৰু স্বাধীনতাৰ বাবে যুঁজ দি ভগৱান বিৰছা মুণ্ডাই ৰাঁচীৰ এই কাৰাগাৰতে তেওঁৰ অন্তিম দিনসমূহ অতিবাহিত কৰিছিল। ভগৱান বিৰছাৰ ছাপ থকা আৰু তেওঁৰ তপস্যা আৰু ত্যাগৰ সাক্ষী হোৱা ভূমিখন আমাৰ সকলোৰে বাবে এক প্ৰকাৰৰ তীৰ্থস্থান। কিছু সময় পূৰ্বে মই জনজাতীয় সমাজখনৰ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদানক লালিত-পালিত কৰিবলৈ সমগ্ৰ দেশখনতে আদিবাসী (জনজাতীয়) সংগ্ৰহালয় স্থাপনৰ আহ্বান জনাইছিলো। কেন্দ্ৰীয় আৰু সকলো ৰাজ্য চৰকাৰে এই উদ্দেশ্যৰ বাবে একেলগে কাম কৰি আছে। আজি জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ ঝাৰখণ্ডৰ প্ৰথম জনজাতীয় সংগ্ৰহালয় স্থাপনত মই সন্তোষ পাইছো। ভগৱান বিৰছা মুণ্ডা স্মাৰক উদ্যন ও স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়ৰ বাবে মই দেশখনৰ জনজাতীয় সমাজ, ভাৰতৰ প্ৰতিজন নাগৰিকক অভিনন্দন জনাইছো। এই সংগ্ৰহালয়টো আমাৰ জনজাতীয় সংস্কৃতিৰ এক জীৱন্ত ক্ষেত্ৰ হৈ পৰিব, যিয়ে স্বাধীনতা সংগ্ৰামত জনজাতীয় নায়ক আৰু নায়িকাসকলৰ অৱদানক অনুৰণিত কৰিব। এই সংগ্ৰহালয়ত সিদ্ধু-কানহু, পোটো হো, তেলেংগা খাৰিয়া, গয়া মুণ্ডা, যাত্ৰা তানা ভগত আৰু দিব-কিচুনকে ধৰি কেইবাজনো জনজাতীয় নায়কৰ প্ৰতিমূৰ্তি আছে আৰু তেওঁলোকৰ জীৱন কাহিনীও বিতংভাৱে বৰ্ণনা কৰা হৈছে।

বন্ধুসকল,

ইয়াৰোপৰি, দেশখনৰ ভিন্ন ৰাজ্যত এনে ধৰণৰ আৰু নটা সংগ্ৰহালয়ৰ কাম দ্ৰুতগতিত অব্যাহত আছে। অতি সোনকালেই আমি গুজৰাটৰ ৰাজপিপলা, অন্ধ্ৰ প্ৰদেশৰ লাম্বাসিংগি, ছত্তীশগড়ৰ ৰায়পুৰ, কেৰালাৰ কোজিকোড, মধ্য প্ৰদেশৰ ছিন্দৱাৰা, তেলেংগানাৰ হায়দৰাবাদ, মণিপুৰৰ তামেংলং, মিজোৰামৰ কেলচিহ আৰু গোৱাৰ পণ্ডা সংগ্ৰহালয় দেখিবলৈ পাম। এই সংগ্ৰহালয়সমূহে কেৱল দেশখনৰ নৱ প্ৰজন্মক জনজাতীয় ইতিহাসৰ গৌৰৱৰ বিষয়ে অৱগত কৰাই নহয়, বৰঞ্চ এই অঞ্চলসমূহৰ পৰ্যটনক এক নতুন গতি প্ৰদান কৰিব। এই সংগ্ৰহালয়সমূহে তদুপৰি প্ৰজন্মৰপৰা প্ৰজন্মলৈ বিয়পি থকা গান, সংগীত, কলা-দক্ষতা, হস্তশিল্প আৰু কাৰুশিল্প সংৰক্ষণ আৰু প্ৰচাৰ কৰিব।

বন্ধুসকল,

ভগৱান বিৰছা মুণ্ডা আৰু আমাৰ বহুতো জনজাতীয় যোদ্ধাই দেশখনৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কিন্তু তেওঁলোকৰ বাবে স্বাধীনতা আৰু স্বৰাজৰ অৰ্থ কি আছিল? স্বাধীনতা সংগ্ৰামখনিৰ অন্তৰ্নিহিত লক্ষ্য আছিল যে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভাৰতৰ বাবে সিদ্ধান্ত গ্ৰহণৰ শক্তি ভাৰতৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। একে সময়তে, 'ধৰতী আবাৰ' যুঁজটোও ভাৰতৰ জনজাতীয় সমাজৰ পৰিচয় মচি পেলাব বিচৰা আদৰ্শৰ বিৰুদ্ধে আছিল। ভগৱান বিৰছা মুণ্ডাই জানিছিল যে আধুনিকতাৰ নামত বৈচিত্ৰ্যক আক্ৰমণ কৰা, পুৰাতন পৰিচয় আৰু প্ৰকৃতিৰ সৈতে খেলিমেলি কৰাটো সমাজখনৰ কল্যাণৰ উপায় নহয়। তেওঁ আধুনিক শিক্ষাৰ পোষকতা কৰিছিল, তেওঁ পৰিৱৰ্তনৰ প্ৰবক্তা আছিল আৰু তেওঁ নিজৰ সমাজৰ অশুভ শক্তি আৰু ত্ৰুটিবোৰৰ বিৰুদ্ধে কথা ক'বলৈ সাহস দেখুৱাইছিল। তেওঁ নিৰক্ষৰতা, ড্ৰাগছৰ আসক্তি, বৈষম্যৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু সমাজৰ যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টি কৰিছিল। এই নৈতিক মূল্যবোধ আৰু ইতিবাচক চিন্তাধাৰাৰ প্ৰভাৱে জনজাতীয় সমাজখনক এক নতুন শক্তি প্ৰদান কৰিছিল। আমাৰ জনজাতীয় সমাজ, মুণ্ডা ভাই-ভনীসকলক পিছপৰা আৰু দুৰ্বল বুলি গণ্য কৰা একে বিদেশীক ভগৱান বিৰছা মুণ্ডা আৰু মুণ্ডা সমাজে পদানত কৰিছিল। এই যুঁজ আছিল মূল-বন-ভূমি, জনজাতীয় সমাজখনৰ পৰিচয় আৰু ভাৰতৰ স্বাধীনতাৰ বাবে। আৰু ই ইমান শক্তিশালী হোৱাৰ কাৰণ আছিল ভগৱান বিৰছাই সমাজক বাহ্যিক শত্ৰুৰ লগতে ভিতৰৰ দুৰ্বলতাৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিল। সেয়েহে, মই ভাবো জনজাতীয় গৌৰৱ দিৱস হৈছে তদুপৰি সমাজ সবলীকৰণৰ এই মহান ত্যাগ মনত ৰখাৰ এটি উপলক্ষ আৰু ইয়াক বাৰে-বাৰে মনত ৰখাৰ এটি সুযোগ।

বন্ধুসকল,

ভগৱান বিৰছা মুণ্ডাৰ 'উলগুলান' (বিপ্লৱ) বিজয় আৰু পৰাজয়তে সীমাবদ্ধ নাছিল। এয়া ইতিহাসৰ সাধাৰণ যুদ্ধ নাছিল। উলগুলান' আহিবলগীয়া শ-শ বছৰৰ বাবে এক অনুপ্ৰেৰণাদায়ক ঘটনা আছিল। ভগৱান বিৰছাই সমাজ, সংস্কৃতি আৰু দেশখনৰ বাবে জীৱন দিছিল। সেয়েহে, তেওঁ আজিও আমাৰ বিশ্বাস আৰু আত্মাত ঈশ্বৰ হিচাপে বিদ্যমান। যেতিয়া আমি জনজাতীয় সমাজখনক দেশৰ উন্নয়নত অংশগ্ৰহণকাৰী হোৱা আৰু পৰিবেশৰ ক্ষেত্ৰত ভাৰতক নেতৃত্ব প্ৰদান কৰা দেখিবলৈ পাওঁ, আমি ভগৱান বিৰছা মুণ্ডাৰ মুখমণ্ডল দেখো আৰু তেওঁৰ আশীৰ্বাদ অনুভৱ কৰো। সেয়েহে, জনজাতীয় সমাজখনে তেওঁলোকৰ সমাজৰ ৰীতি-নীতি আৰু সংস্কৃতি সংৰক্ষণ কৰা উচিত। আমাৰ ভাৰতে আজি সমগ্ৰ বিশ্বখনৰ বাবে এয়াই কৰি আছে!

বন্ধুসকল,

ভগৱান বিৰছা এজন ব্যক্তি নহয় বৰঞ্চ আমাৰ সকলোৰে বাবে এটি পৰম্পৰা। তেওঁ জীৱন দৰ্শনৰ মূৰ্তি যি বহু শতিকা ধৰি ভাৰতৰ আত্মাৰ অংশ হৈ আহিছে। আমি তেওঁক কেৱল 'ধৰতী আবা' বুলি নকওঁ। যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ বিৰুদ্ধে মানৱতাৰ কণ্ঠ হৈ পৰিছিল, সেই সময়ত বিৰছা মুণ্ডাই ইতিমধ্যে ভাৰতত দাসত্বৰ বিৰুদ্ধে যুঁজৰ এটা অধ্যায় লিখিছিল। ‘ধৰতী আবা' বেছি দিন জীয়াই নাছিল। কিন্তু তেওঁ জীৱনৰ কম সময়ৰ ভিতৰতে দেশখনৰ বাবে এক সম্পূৰ্ণ ইতিহাস লিখিছিল আৰু ভাৰতৰ প্ৰজন্মসমূহক দিক নিৰ্দেশনা প্ৰদান কৰিছিল। স্বাধীনতাৰ চলিত অমৃত মহোৎসৱত, দেশখনে ইতিহাসৰ এনে অগণিত পৃষ্ঠা পুনৰুজ্জীৱিত কৰি আছে, যিবোৰ বিগত দশকবোৰত পাহৰি যোৱা গৈছিল। এই দেশৰ স্বাধীনতাত বহুতো যুঁজাৰুৰ ত্যাগ জড়িত আছে, যিসকলে তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি লাভ কৰা নাছিল। যদি আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিলৈ চাওঁ, তেতিয়া আমি দেখিম যে দেশখনৰ কোন প্ৰান্তত জনজাতীয় বিপ্লৱ হোৱা নাছিল! ভগৱান বিৰছাৰ নেতৃত্বত মুণ্ডা আন্দোলনেই হওঁক বা চাঁওতাল সংগ্ৰাম আৰু খাচী সংগ্ৰামেই হওঁক, উত্তৰ-পূবত আহোম সংগ্ৰামেই হওঁক বা চোটা নাগপুৰ অঞ্চলৰ কোল যুদ্ধই হওঁক আৰু ভিল সংগ্ৰামেই হওঁক, ভাৰতৰ জনজাতীয় পুত্ৰ-কন্যাসকলে প্ৰতি সময়তে ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল।

বন্ধুসকল,

যদি আমি ঝাৰখণ্ড আৰু সমগ্ৰ জনজাতীয় অঞ্চলৰ ইতিহাস চাওঁ, বাবা তিলকা মাঁঝিয়ে ব্ৰিটিছৰ বিৰুদ্ধে এক শক্তিশালী বিদ্ৰোহ আৰম্ভ কৰিছিল। সিধো-কানহু আৰু চান্দ-ভৈৰৱ ভাতৃসকলে ভোগনাদিহৰপৰা চাঁওতাল যুদ্ধৰ ৰণশিঙা বজাইছিল। তেলেংগা খাৰিয়া, শ্বেখ ভিখাৰী আৰু গণপত ৰায়ৰ দৰে বহুতো যোদ্ধা আছিল, টিকাইত উমৰাও সিং, বিশ্বনাথ শ্বাহদেও, নীলাম্বৰ-পিতাম্বৰ, নাৰায়ণ সিং, যাত্ৰা ওৰাওন, জাদোনাং, ৰাণী গাইডিনলিউ আৰু ৰাজমোহিনী দেৱীৰ দৰে নায়ক আৰু আগশাৰীৰ মহিলা আছিল যিয়ে স্বাধীনতা সংগ্ৰামখনিক আগুৱাই নিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল। এইসমূহ মহান আত্মাৰ অৱদান পাহৰিব নোৱাৰি। তেওঁলোকৰ গৌৰৱময় অতীত আৰু কাহিনীয়ে এখনি নতুন ভাৰতৰ বাবে শক্তি প্ৰদান কৰিব। সেয়েহে, ৰাষ্ট্ৰখনে ইয়াৰ যুৱ আৰু ইতিহাসবিদসকলক এই ব্যক্তিত্বসকলৰে জড়িত স্বাধীনতাৰ ইতিহাস পুনৰ লিখিবলৈ আহ্বান জনাইছে। যুৱকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে। স্বাধীনতাৰ এই পৱিত্ৰ মুহূৰ্তত এই সন্দৰ্ভত এটি লিখনি অভিযান অব্যাহত ৰখা হৈছে।

মই তদুপৰি কেৱল এই ভূমিৰ ইতিহাস পঢ়াই নহয়, ইয়াক দেখা, শুনা আৰু সহবাস কৰা ঝাৰখণ্ডৰ জনজাতীয় যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সমগ্ৰ যুৱ সমাজক দেশখনৰ এই সংকল্পৰ দায়িত্ব ল'বলৈ অনুৰোধ জনাইছো। আপোনালোকে স্বাধীনতা সংগ্ৰামখনৰে সম্পৰ্কীয় ইতিহাসৰ ওপৰত গৱেষণা কৰা বা কিতাপ লিখিব পাৰে। আপোনালোকে জনজাতীয় কলা আৰু সংস্কৃতিক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ নতুন উদ্ভাৱনীমূলক উপায়ো আৱিষ্কাৰ কৰিব পাৰে। এতিয়া আমাৰ প্ৰাচীন ঐতিহ্য আৰু ইতিহাসক নতুন চেতনা প্ৰদান কৰাটো আমাৰ দায়িত্ব।

বন্ধুসকল,

ভগৱান বিৰছা মুণ্ডাই জনজাতীয় সমাজখনৰ বাবে অস্তিত্ব, পৰিচয় আৰু আত্মনিৰ্ভৰশীলতাৰ সপোন দেখিছিল। আজি দেশখনেও এই সংকল্পৰে আগবাঢ়িছে। আমি মনত ৰাখিব লাগিব যে গছ যিমানেই ডাঙৰ নহওঁক কিয়, ই কেৱল তেতিয়াহে ওখ হৈ থাকিব পাৰে যেতিয়া ইয়াৰ শিপা গভীৰ হয়। সেয়েহে, আত্মনিৰ্ভৰ ভাৰত হৈছে ইয়াৰ শিপাৰে সংযোগ স্থাপন আৰু ইয়াৰ শিপা সুদৃঢ়কৰণৰ এটি সংকল্প। এই সংকল্পটো আমাৰ আটাইৰে প্ৰচেষ্টাৰে পূৰণ কৰা হ'ব। আমাৰ দেশে নিশ্চিতভাৱে ইয়াৰ সংকল্প পূৰণ আৰু ভগৱান বিৰছাৰ আশীৰ্বাদত সমগ্ৰ বিশ্বখনক নিৰ্দেশনা দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই আকৌ এবাৰ দেশবাসীক জনজাতীয় গৌৰৱ দিৱসৰ শুভেচ্ছা জনাইছো। মই দেশখনৰ শিক্ষাৰ্থীসকলক ৰাঁচী ভ্ৰমণ কৰিবলৈ আৰু জনজাতীয় সমাজখনৰ মহান সংস্কৃতি থূপাই প্ৰদৰ্শন কৰা এই প্ৰদৰ্শনীখন চাবলৈ অনুৰোধ জনাইছো। ইয়াৰপৰা কিবা এটা শিকিবলৈ চেষ্টা কৰক। ভাৰতৰ প্ৰতিটো শিশুৰ জীৱনত দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ বাবে ইয়াত বহুতো উপাদান আছে। মই আকৌ এবাৰ আপোনালোক আটাইকে বহু-বহু ধন্যবাদ জনাইছো।

 

*****

DS/VJ/VK/AK/SB



(Release ID: 1778726) Visitor Counter : 270