প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছনেল প্ৰতিনিধিদলৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 13 NOV 2021 12:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেটৰ জন কৰ্ণিনৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছনেল প্ৰতিনিধিদলৰে মিলিত হয় য'ত আছে চিনেটৰ মাইকেল ক্ৰেপো, চিনেটৰ থমাছ টুবাৰভিল, চিনেটৰ মাইকেল লী, কংগ্ৰেছমেন টনি গঞ্জালেছ আৰু কংগ্ৰেছমেন জন কেভিন এলিজে। ছিনিয়ৰ চিনেটৰ জন কৰ্ণিন হৈছে ভাৰত আৰু ভাৰতীয় আমেৰিকানসকলৰ চিনেট ককাচৰ সহ-প্ৰতিষ্ঠাপক আৰু উপাধ্যক্ষ।

কংগ্ৰেছনেল প্ৰতিনিধি দলটোৱে বৃহৎ আৰু বিবিধ জনসমষ্টিৰ প্ৰত্যাহ্বান সত্বেও ভাৰতত ক’ভিড পৰিস্থিতিৰ উৎকৃষ্ট ব্যৱস্থাপনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশখনৰ গণতান্ত্ৰিক নীতিৰ ওপৰত আধাৰিত জনসাধাৰণৰ অংশগ্ৰহণে বিগত এটা শতিকাৰ আটাইতকৈ বিধ্বংসী মহামাৰীটো পৰিচালনাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিস্তৃ বৈশ্বিক কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিৰন্তৰ সমৰ্থন আৰু গঠনমূলক ভূমিকাক প্ৰশংসা কৰে যিয়ে সহভাজিত গণতান্ত্ৰিক প্ৰমূল্যবোধক অনুৰণিত কৰে।

দক্ষিণ এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰে সম্পৰ্কীয় পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক বিষয়সমূহত এক প্ৰাণৱন্ত আৰু স্পষ্ট আলোচনা হয়। প্ৰধানমন্ত্ৰী আৰু ভ্ৰমণকাৰী প্ৰতিনিধি দলটোৱে উভয় কৌশলী অংশীদাৰৰ মাজত কৌশলগত স্বাৰ্থৰ বৰ্ধিত সমন্বয়ৰ কথা উল্লেখ আৰু বিশ্বশান্তি আৰু সুস্থিৰতা বৃদ্ধিৰ লক্ষ্যৰে সহযোগিতা আৰু অধিক বৰ্ধনৰ ইচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বাবে নিৰ্ভৰযোগ্য যোগান শৃংখলৰ দৰে সমসাময়িক বৈশ্বিক বিষয়ত সহযোগিতা শক্তিশালীকৰণৰ সম্ভাৱনাৰ ওপৰতো মত বিনিময় কৰে।

 

****

DS/AKJ/SB



(Release ID: 1777605) Visitor Counter : 171