প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১২ নৱেম্বৰত আৰবিআইৰ দুটা উদ্ভাৱনীমূলক গ্ৰাহক কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰিব

Posted On: 11 NOV 2021 10:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ নৱেম্বৰ, ২০২১ ৰ পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা উদ্ভাৱনীমূলক গ্ৰাহক কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰিব। এই পদক্ষেপৰাজি হৈছে আৰবিআই ৰিটেইল ডাইৰেক্ট আঁচনি আৰু ৰিজাৰ্ভ বেংক-একত্ৰিত লোকপাল আঁচনি।

আৰবিআই ৰিটেইল ডাইৰেক্ট আঁচনিখনৰ উদ্দেশ্য হৈছে খুচুৰা বিনিয়োগকাৰীসকলৰ বাবে চৰকাৰী চিকিউৰিটি বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা। ই তেওঁলোকক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰদ্বাৰা জাৰি কৰা চিকিউৰিটিত পোনপটীয়াকৈ বিনিয়োগৰ অৰ্থে এক নতুন পথ প্ৰদান কৰিছে। বিনিয়োগকাৰীসকলে বিনামূলীয়াকৈ আৰবিআইৰ সৈতে তেওঁলোকৰ চৰকাৰী চিকিউৰিটি একাউণ্ট অনলাইনত সহজে খুলিব আৰু বৰ্তাই ৰাখিব পাৰিব।

ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনিখনৰ লক্ষ্য হৈছে আৰবিআইৰদ্বাৰা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ অভিযোগ নিষ্পত্তি প্ৰণালীটো অধিক উন্নত কৰা। আঁচনিখনৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে গ্ৰাহকসকলে তেওঁলোকৰ অভিযোগ দাখিলৰ বাবে এটা পৰ্টেল, এটা ইমেইল আৰু এটা ঠিকনাৰ সৈতে 'এক ৰাষ্ট্ৰ-এক লোকপাল'ৰ ওপৰত আধাৰিত। গ্ৰাহকসকলে তেওঁলোকৰ অভিযোগ দাখিল, নথিপত্ৰ দাখিল, স্থিতি অনুসৰণ আৰু মতামত প্ৰদানৰ বাবে একক প্ৰসংগ থাকিব। এক বহু-ভাষিক ট’ল-ফ্ৰী নম্বৰে অভিযোগ নিষ্পত্তি সন্দৰ্ভত সকলো প্ৰাসংগিক তথ্য আগবঢ়াব আৰু অভিযোগ দাখিলত সহায় কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু আৰবিআইৰ গভৰ্ণৰেও ভাগ ল’ব।

 

****

DS/AKJ/SB



(Release ID: 1777604) Visitor Counter : 175