প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৫নৱেম্বৰত ‘নইডা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ’ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

যোগাযোগ ব্যৱস্থাৰ উত্তৰণ আৰু ভৱিষ্য-দৰ্শী বিমান পৰিবহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰত হ’ব বিমানবন্দৰ

পাঁচোটা বিমানবন্দৰ থকা ভাৰতৰ একমাত্ৰ ৰাজ্য হ’ব উত্তৰ প্ৰদেশ

২০২৪চনৰ ভিতৰত সম্পূৰ্ণ হ’ব প্ৰথমটো পৰ্যায়ৰ কাম

ভাৰতত প্ৰথম বাৰৰ বাবে ৰূপায়িত হ’ব ‘ইণ্টিগ্ৰেটেড মাল্টি-মডেল কাৰ্গো হাব’ সহ এটা বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা

উত্তৰ ভাৰতৰ ‘লজিটিক্স গে’টৱে’ হিচাপে পৰিগণিত হোৱাৰ লগতে উত্তৰ প্ৰদেশক বিশ্ব ‘লজিটিক্স মানচিত্ৰ’ত স্থান দিয়াত সহায়ক হ’ব এই বিমানবন্দৰ

ঔদ্যোগিক সামগ্ৰীৰ মসৃণ আদান-প্ৰদান সম্ভৱ কৰাত সহযোগিতা কৰাৰ জৰিয়তে অঞ্চলটোত ঔদ্যোগিক উন্নয়ণ ত্বৰান্বিত কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই বিমানবন্দৰে

বিমানবন্দৰটোৰ প্ৰধান বৈশিষ্ট্য : ‘মাল্টি-মডেল’ মসৃণ যোগাযোগ ব্যৱস্থাৰ দিহা সম্বলিত

ই হ’ব ভাৰতৰ প্ৰথমটো কাৰ্বন-প্ৰদূশনশূণ্য বিমানবন্দৰ

Posted On: 23 NOV 2021 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ নৱেম্বৰ, ২০২১ৰ দুপৰীয়া ১বজাত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধনগৰৰ জেৱাৰত ‘নইডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’(এনআইএ)ৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে পাঁচোটা বিমানবন্দৰ থকা ভাৰতৰ একমাত্ৰ ৰাজ্য হ’বলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশে।

যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উত্তৰণ আৰু ভৱিষ্য-দৰ্শী বিমান পৰিবহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰতে নিৰ্মাণ হ’ব এই বিমানবন্দৰটো। এই চিন্তাধাৰাৰ আধাৰতে  সৌসিদিনা মুকলি কৰা কুশীনগৰ বিমানবন্দৰ আৰু অযোধ্যাত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোকে ধৰি কেবাটাও নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উন্নয়ণী কাৰ্যকলাপৰ সাক্ষী হোৱাৰ সুযোগ পাইছে উত্তৰ প্ৰদেশে।

দিল্লী ‘ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ অঞ্চল’ত এইটো হ’ব দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ইয়ে ‘ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ৰ বৰ্দ্ধিত ভিৰৰ বোজা বহু পৰিমাণে লাঘৱ কৰিব। কৌশলগতভাবে গুৰুত্বপূৰ্ণ স্থানত নিৰ্মিত বিমানবন্দৰটোৱে দিল্লী, নইডা, গাজিয়াবাদ, আলীগড়, আগ্ৰা, ফৰিদাবাদ আৰু ইয়াৰ কাষৰ-পাজৰৰ স্থানসূহৰ লোকসকলক সেৱা আগবঢ়াব।

২০২৪ চনৰ ভিতৰত প্ৰথমটো পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’বলগীয়া বিমানবন্দৰটোৱে পূৰ্ণ পৰ্যায় লাভ কৰাৰ পিচত ইয়াৰ বিশালতা আৰু সামৰ্থ্যৰ সুবাদতে উত্তৰ প্ৰদেশৰ বাবে পট পৰিৱৰ্তনকাৰী হিচাপে পৰিণিত হ’বগৈ বুলি ধাৰণা কৰা হৈছে।

 

‘ইণ্টিগ্ৰেটেড মাল্টি-মডেল কাৰ্গো হাব’সহ নতুনকৈ নিৰ্মাণ হ’বলগীয়া বিমানবন্দৰটো দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথম আৰু একমাত্ৰ বিমানবন্দৰ হিচাপে চিহ্নিত হ’ব। প্ৰসংগতে উল্লেখ্য যে, উত্তৰ ভাৰতৰ ‘লজিটিক্স গে’টৱে’ হিচাপে পৰিগণিত হোৱাৰ লগতে উত্তৰ প্ৰদেশক বিশ্ব ‘লজিটিক্স মানচিত্ৰ’ত স্থান দিয়াত সহায়ক হব এই বিমানবন্দৰ। ঔদ্যোগিক সামগ্ৰীৰ মসৃণ আদান-প্ৰদান সম্ভৱ কৰাত সহযোগিতা কৰাৰ জৰিয়তে অঞ্চলটোত ঔদ্যোগিক উন্নয়ণ ত্বৰান্বিত কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই বিমানবন্দৰে।

বিমানবন্দৰটোৰ প্ৰধান বৈশিষ্ট্য হ’ল ই মাল্টি-মডেল মসৃণ যোগাযোগ ব্যৱস্থাৰ দিহা সম্বলিত আৰু ই হ’ব ভাৰতৰ প্ৰথমটো কাৰ্বন-প্ৰদূশন-শূণ্য বিমানবন্দৰ।

 

*****

DS/AKJ/KB



(Release ID: 1777546) Visitor Counter : 171